বাহন শিকি থকা অৱস্থাতে ৪ শ্ৰমিকক মহটিয়াই নিলে যুৱকে, ৮মহীয়া শিশুই হেৰুৱালে প্ৰাণ…
এক পথ দুৰ্ঘটনাই প্ৰাণ ললে এটি শিশুৰ । জানিব পৰা মতে, এজন লোকে গাড়ী চলোৱা শিকি আছিল। তেতিয়াই তেওঁ কেইবাজনো শ্ৰমিকক মহটিয়াই লৈ যায়।

এক ভয়ংকৰ পথ দুৰ্ঘটনা। বাহন চলোৱাৰ প্ৰশিক্ষণ লৈ থকা এজন যুৱকে মহটিয়াই নিলে ৪ জনকৈ লোকক। ইয়াৰে এটা শিশুৰ মৃত্যু হোৱাৰ লগতে আন ৩ জন শ্ৰমিকৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে। এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত। এই ঘটনাৰ লগে লগে অঞ্চলটোত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।
মৃত্যু হোৱা শিশুটিৰ বয়স মাত্ৰ ৮ মাহ বুলি জানিব পৰা গৈছে। এই ঘটনাৰ পাছত শিশুটিৰ পৰিয়ালত শোকৰ পৰিবেশে বিৰাজ কৰিছে। লগতে ঘটনা সন্দৰ্ভত উচিত শাস্তিৰ দাবী জনাইছে শিশুটিৰ পৰিয়ালৰ লোকে। জানিব পৰা মতে, লক্ষ্ণৌৰ ইটাউঞ্জা থানা এলেকাৰ সীতাপুৰ ঘাইপথৰ সিংমাউ গাঁৱৰ সমীপত এখন ৰিজ’ৰ্ট নিৰ্মাণৰ কাম চলি আছে। দেওবাৰে সন্ধিয়া ৰিজৰ্টৰ ছুপাৰভাইজাৰ সুনীলে গাড়ী চলোৱা শিকি আছিল। সেই সময়ত ৰিজৰ্টখনৰ ভিতৰৰ পৰা কেইজনমান শ্ৰমিক ওলাই আহে। তেতিয়াই সুনীলৰ বাহনখনৰ ওপৰত নিয়ন্ত্ৰণ নোহোৱা হৈ যায় আৰু শ্ৰমিককেইজনক খুন্দা মাৰে।
এই শ্ৰমিক কেইজনৰ লগত আছিল এটি ৮ মহীয়া শিশুও। এই ঘটনা ইমানেই ভয়ংকৰ আছিল যে আটাইকেইজনৰ অৱস্থা গুৰুতৰ হৈ পৰে আৰু লগে লগে তেওঁলোকক হাস্পাতালত ভৰ্তি কৰোৱা হয়। কিন্তু চিকিৎসকে শিশুটিক মৃত ঘোষণা কৰে। ইয়াৰ বিপৰীতে বাকী আহত কেইজনৰ চিকিৎসা চলি আছে। আহতসকলৰ ভিতৰত আছে দুই যুৱক আৰু এগৰাকী মহিলা।
এই ঘটনাত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈছে শিশুটিৰ মাতৃ তথা শ্ৰমিক পুনম। তেওঁৰ অৱস্থা সংকটজনক। ইয়াৰোপৰি লক্ষ্ণৌৰ বি কে টি থানা এলেকাৰ মামপুৰৰ নিবাসী গয়া প্ৰসাদৰ অৱস্থাও সংকটজনক বুলি জানিব পৰা গৈছে। ঘটনাৰ প্ৰত্যক্ষদৰ্শী তথা শ্ৰমিকসকলে অভিযোগ উত্থাপন কৰিছে যে, ঘটনা সংঘটিত কৰা যুৱকজনক পলুৱাই পঠিয়াইছে মালিকে।
ইয়াৰ বিপৰীতে ঘটনা সন্দৰ্ভত তথ্য প্ৰদান কৰে শিশুটিৰ পিতৃয়ে কয় যে,তেওঁৰ পত্নীয়ে ৰিজৰ্টত কাম কৰি শিশুটিৰ সৈতে ওলাই আহি আছিল। তেওঁ কয় যে, সেই ঠাইত চুপাৰভাইজাৰজনৰ পৰিয়ালৰ অন্য লোকো উপস্থিত আছিল। তেওঁলোকে সেই স্থানত গাড়ী চলাই আছিল।
ইয়াৰ মাজতে সেই গাড়ীখনে শ্ৰমিক আৰু শিশুটিক মহটিয়াই লৈ যায়। এই ঘটনাৰ ফলত থিতাতে নিহত হয় ৮ মহীয়া শিশুটি। ইয়াৰ বিপৰীতে ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে অভিযুক্তই। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্য়াহত ৰাখিছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ আহিব।
অন্য খবৰ পঢ়কঃ মাটিৰ পৰা ৪০০ ফুট উচ্চতাত বিজয় মালিয়াৰ ‘হাৱা মহল’, এদিনো সুযোগ নাপালে থকাৰ, দাম শুনিলে হ’ব আচৰিত…