শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Oil Discovery in Andaman: আন্দামানত বৃহৎ পৰিমাণৰ খাৰুৱা তেলৰ সন্ধান লাভ ভাৰতৰ…!

আন্দামান সাগৰত বৃহৎ পৰিমাণৰ খাৰুৱা তেলৰ সন্ধান লাভ কৰিছে ভাৰতে । এই ভাল খবৰটো দিছে কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ।

Oil Discovery in Andaman: আন্দামানত বৃহৎ পৰিমাণৰ খাৰুৱা তেলৰ সন্ধান লাভ ভাৰতৰ…!
আন্দামানImage Credit source: GettyImage
manas-borah
Manas Borah | Published: 17 Jun 2025 13:09 PM

ভাৰতীয় অৰ্থনৈতিক ক্ষেত্ৰখনৰ বাবে এক ভাল খবৰ । আন্দামান সাগৰত বৃহৎ পৰিমাণৰ খাৰুৱা তেলৰ সন্ধান লাভ কৰিছে ভাৰতে । তেলৰ বাবে ইৰাণ, ইজৰাইল, ৰাছিয়া, ইউএইৰ দৰে দেশৰ ওপৰত নিৰ্ভৰশীল ভাৰত। দেশত খাৰুৱা তেলৰ উৎপাদন হয় যদিও সেয়া পৰ্যাপ্ত নহয় । ফলত বৃহৎ পৰিমাণৰ খাৰুৱা তেলৰ মজুত থকা এই দেশসমূহ ওপৰত নিৰ্ভৰ কৰে ভাৰতে।

কিন্তু সেই নিৰ্ভৰ এতিয়া হ্ৰাস পাব বুলি আশা কৰা হৈছে । ইৰাণ-ইজৰাইলৰ সংঘাতৰ মাজতে ভাগ্য ফুলিছে ভাৰতৰ । আন্দামানত পোৱা গৈছে খাৰুৱা তেলৰ মজুত। এই ভাল খবৰটো দিছে কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, আন্দামান সাগৰত পোৱা গৈছে তেলৰ মজুত । তেওঁ প্ৰকাশ কৰিছে যে, ভাৰতে আন্দামান সাগৰত গায়ানা আকাৰৰ তৈলক্ষেত্ৰ আৱিষ্কাৰৰ অতি ওচৰ চাপিছে । ইয়াত ১,৮৪,৪৪০ কোটি লিটাৰ খাৰুৱা তেল থাকিব পাৰে বুলি ধাৰণা কৰা হৈছে ।

এতিয়ালৈকে ভাৰতৰ অসম, গুজৰাট, ৰাজস্থান, মুম্বাই আৰু কৃষ্ণ-গোদাৱৰী অঞ্চলত খৰুৱা তেলৰ সন্ধান পোৱা গৈছে । ইয়াৰ বাহিৰেও বিশাখাপট্টনম, মাংগালুৰু আৰু পাদুৰত আছে তেলৰ মজুত। শেহতীয়াকৈ ওড়িশা আৰু ৰাজস্থানত তেলৰ মজুত পোৱা গৈছে।

এইবাৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত খাৰুৱা তেলৰ সন্ধানত নামিছে অ’ এন জি চি আৰু অইল ইণ্ডিয়াইও । ইতিমধ্যে তেলৰ সন্ধানত চলাইছে জৰীপ আৰু ড্ৰিলিং কাৰ্য। যদি গায়ানাৰ দৰে আন্দামানত খাৰুৱা তেলৰ তথ্য পোৱা যায়, তেন্তে ই দেশৰ অৰ্থনীতিত ডাঙৰ প্ৰভাৱ পেলাব । কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কয় যে, ইয়াৰ ফলত দেশৰ অৰ্থনীতি ৩.৭ ট্ৰিলিয়ন ডলাৰৰ পৰা ২০ ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি পাব। দ্য নিউ ইণ্ডিয়ানক দিয়া এক সাক্ষাৎকাত এই কথা কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

ভাৰতে প্ৰয়োজনীয় খাৰুৱা তেল ৮৫ শতাংশ বিভিন্ন দেশৰ পৰা আমদানি কৰে। ভাৰত বিশ্বৰ ভিতৰতে তৃতীয় বৃহত্তম খাৰুৱা তেল আমদানিকাৰক দেশ। এইবাৰ যদি আন্দামানত খাৰুৱা তেলৰ খনন আৰম্ভ হয়, তেন্তে ভাৰতে আৰু আন কোনো দেশৰ ওপৰত নিৰ্ভৰ কৰিব নালাগিব।

হৰদীপ সিং পুৰীয়ে লগতে কয় যে, ২০২৪ বিত্তীয় বৰ্ষত অ’এনজিচিয়ে মুঠ ৫৪১টা খাৰুৱা তেলৰ কূপ খনন কৰিছে । যিটো বিগত ৩৪ বছৰৰ ভিতৰত সৰ্বাধিক।