শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

টায়াৰ ফুটি এক্সপ্ৰেছৱে’ত বাগৰি পৰিল তীব্ৰবেগী ট্ৰাক! নিহত ৪জন , আহত ২৪…

ইষ্টাৰ্ণ পেৰিফেৰেল এক্সপ্ৰেছ ৱে'ত স্থাপন কৰা চিচিটিভিৰ জৰিয়তে দুৰ্ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে। প্ৰাথমিক তদন্ত অনুসৰি ট্ৰাকখন তীব্ৰবেগত থকা বাবে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়

টায়াৰ ফুটি এক্সপ্ৰেছৱে’ত বাগৰি পৰিল তীব্ৰবেগী ট্ৰাক! নিহত ৪জন , আহত ২৪…
নয়ডা
barasha-sarma
Barasha Sarma | Published: 19 Aug 2024 18:52 PM

সোমবাৰে  নয়ডাৰ ডানকাউৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। জানিব পৰা মতে ইষ্টাৰ্ণ পেৰিফেৰেল এক্সপ্ৰেছৱে’ত গৈ থকা এখন ট্ৰাকৰ টায়াৰ ফাটি যোৱাৰ ফলত মাজ ৰাস্তাতে ট্ৰাকখন বাগৰি পৰে। ঘটনাৰ সময়ত ট্ৰাকখনত ৩০ জনলোক আছিল। এই ঘটনাৰ ফলত ৪ জনলোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়।ইয়াক লগে লগে এক্সপ্ৰেছ ৱে’ৰে পাৰ হৈ থকা আন যাত্ৰীসকলে আৰক্ষীক খবৰ দিয়ে। ঘটনাৰ তথ্য পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ক্ৰেনৰ সহায়ত ট্ৰাকখন এক্সপ্ৰেছ ৱে’ৰ পৰা আঁতৰাই দিয়ে।

এতিয়ালৈকে ৪ টা মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে।  আনহাতে ২৪ জনক আঘাতপ্ৰাপ্ত অৱস্থাত হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাটোৰ বিষয়ে তথ্য দি নয়ডাৰ ডানকাউৰ আৰক্ষীয়ে জনাই যে,  ইষ্টাৰ্ণ পেৰিফেৰেল এক্সপ্ৰেছৱেত সংঘটিত হৈছে এই দুৰ্ঘটনা। ঘটনাৰ সময়ত ট্ৰাকখন তীব্ৰ বেগত আছিল।  ট্ৰাকখনত চালক আৰু সহায়কাৰীকে ধৰি মুঠ ৩০জন লোক আছিল। ইয়াৰে ২৮ জন লোক পিছফালে বহি আছিল। ওচৰৰ মানুহে দুৰ্ঘটনাটোৰ বিষয়ে আৰক্ষীক অৱগত কৰিছিল। তথ্য পোৱাৰ লগে লগে আৰক্ষীৰ দল উপস্থিত হৈ প্ৰথমে ক্ৰেনৰ সহায়ত ট্ৰাকখন আঁতৰাই আহতসকলক উদ্ধাৰ কৰে।

আৰক্ষীয়ে জনাই যে, ৩-৪ খন এম্বুলেন্স ঘটনাস্থলীলৈ মাতি পঠিওৱা হয় আৰু সেই এম্বুলেন্সৰ সহায়ত আহতসকলক হাস্পাতাললৈ প্ৰেৰণ কৰা হয়। বৰ্তমান আহতসকলৰ চিকিৎসা চলি আছে আৰু নিহতসকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। নিহতসকলৰ পৰিয়ালবৰ্গকো ঘটনা সন্দৰ্ভত অৱগত কৰা হৈছে।

আৰক্ষীয়ে জনাই যে,ইষ্টাৰ্ণ পেৰিফেৰেল এক্সপ্ৰেছ ৱে’ত স্থাপন কৰা চিচিটিভিৰ জৰিয়তে দুৰ্ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে। প্ৰাথমিক তদন্ত অনুসৰি ট্ৰাকখন তীব্ৰ বেগত থকা বাবে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। টায়াৰ ফুটি যোৱাৰ ফলত চালকে ট্ৰাকখনৰ ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰিলে যাৰ বাবে ই ৰাস্তাত বাগৰি পৰে। তদন্তৰ অন্তত এই ঘটনাৰ বিষয়ে অধিক তথ্য জানিব পৰা যাব।