শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব নীতিশ কুমাৰ, শপত গ্ৰহণৰ দিন ঘোষণা…

ইয়াৰ পূৰ্বে নীতিশে ৰাজভৱনলৈ গৈ পদত্যাগ কৰিব আৰু চৰকাৰ গঠনৰ বাবে দাবী দাখিল কৰিব। NDAৰ বিধায়িনী দলৰ বৈঠকৰ পূৰ্বে জে ডি ইউ বিধানসভা দলৰ বৈঠক অনুষ্ঠিত হৈছিল। য’ত তেওঁ নেতা হিচাপে নিৰ্বাচিত হৈছিল।

বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব নীতিশ কুমাৰ, শপত গ্ৰহণৰ দিন ঘোষণা…
নীতিশ কুমাৰ
trishna-kalita
Trishna Kalita | Published: 19 Nov 2025 16:20 PM

বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব নীতিশ কুমাৰ। এন ডি এ বিধায়িনী দলৰ বৈঠকত নিশ্চিত কৰা হৈছে তেওঁৰ নাম । নীতিশ কুমাৰ সৰ্বসন্মতিক্ৰমে বিধানসভা দলৰ নেতা নিৰ্বাচিত হয়। ২০ নৱেম্বৰত দশম বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নীতিশ কুমাৰে।

ইয়াৰ পূৰ্বে নীতিশে ৰাজভৱনলৈ গৈ পদত্যাগ কৰিব আৰু চৰকাৰ গঠনৰ বাবে দাবী দাখিল কৰিব। NDAৰ বিধায়িনী দলৰ বৈঠকৰ পূৰ্বে জে ডি ইউ বিধানসভা দলৰ বৈঠক অনুষ্ঠিত হৈছিল। য’ত তেওঁ নেতা হিচাপে নিৰ্বাচিত হৈছিল। নীতিশ কুমাৰৰ নতুন চৰকাৰত উপ-মুখ্যমন্ত্ৰী হ’ব বিজেপি নেতা সম্ৰাট চৌধুৰী আৰু বিজয় সিনহা। এই সিদ্ধান্ত লোৱা হৈছে বিজেপি বিধায়িনী দলৰ বৈঠকত।

বিহাৰৰ ১৯ সংখ্যক মুখ্যমন্ত্ৰী হ’ব নীতিশ কুমাৰ। বৰ্তমানৰ বিধানসভা আজি ভংগ কৰা হ’ব। কাইলৈ ​​পাটনাৰ গান্ধী মৈদানত অনুষ্ঠিত হ’ব নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান । পুৱা ১১ বজাৰ পৰা নিশা ১২:৩০ বজাৰ ভিতৰত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব। অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, লগতে এন ডি এৰ কেইবাগৰাকীও নেতা ।

২২ নৱেম্বৰত শেষ হ’ব বিহাৰ বিধানসভাৰ কাৰ্যকাল। তাৰ আগতে নতুন চৰকাৰ গঠন কৰিব লাগিব। এই কাৰণেই ২০ নৱেম্বৰত শপতগ্ৰহণৰ দিন ধাৰ্য কৰা হৈছে। সূত্ৰ অনুসৰি বিজেপিৰ কোটাত ১৫-১৬জন মন্ত্ৰী থকাৰ সম্ভাৱনা আছে। ইফালে JDUৰ পৰা এজন মুখ্যমন্ত্ৰী আৰু ১৪জন মন্ত্ৰী থকাৰ সম্ভাৱনা আছে। চিৰাগৰ তিনিজন মন্ত্ৰীয়ে শপত ল’ব পাৰে। আনহাতে মাঞ্জী আৰু কুশৱাহাৰ এজনকৈ মন্ত্ৰী থাকিব পাৰে।