হামাছৰ দৰে দেশত ড্ৰ’ন আক্ৰমণৰ পৰিকল্পনা! ডেনিছৰ ফোনত ভয়ংকৰ তথ্য…
দিল্লীৰ বিস্ফোৰণ কাণ্ড সন্দৰ্ভত নিয়াই তদন্ত অব্যাহত ৰাখিছে। এই তদন্তত বহু তথ্য পোহৰলৈ আহিছে। ইয়াৰ মাজতে সন্ত্ৰাসবাদী ডেনিছৰ ফোনৰ পৰা বহু বিস্ফোৰক তথ্য উদ্ধাৰ কৰিছে তদন্তকাৰী সংস্থাই।
দিল্লীৰ বিস্ফোৰণ কাণ্ড সন্দৰ্ভত নিয়া (NIA) ই তদন্ত অব্যাহত ৰাখিছে। ইয়াৰ মাজতে সন্ত্ৰাসবাদী ডেনিছৰ ফোনৰ পৰা বহু গোপন তথ্য উদ্ধাৰ কৰিছে তদন্তকাৰী সংস্থাই। ডেনিছৰ ফোনৰ পৰা ডিলিট হোৱা তথ্যও নিয়াই উদ্ধাৰ কৰিছে, য’ত বহু গুৰুত্বপূৰ্ণ প্ৰমাণ লাভ কৰিছে। তথ্য অনুসৰি, ডেনিছৰ ফলত বহুকেইটা ড্ৰ’নৰ ফটো পোৱা গৈছে। যাৰ বাবে দেশত ড্ৰ’ন আক্ৰমণৰ ষড়যন্ত্ৰ কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে।
ডেনিছৰ ফোনত উদ্ধাৰ হৈছে হামাছৰ ষ্টাইলৰ ড্ৰ’নৰ ফটো। তদন্তকাৰী সংস্থাৰ জেৰাৰ সময়ত ডেনিছে ড্ৰ’ন আক্ৰমণৰ কেইবাটাও গুৰুত্বপূৰ্ণ তথা গোপন তথ্য প্ৰকাশ পাইছে। সেই অনুসৰি, সন্ত্ৰাসবাদীয়ে কম ওজনৰ ড্ৰ’ন নিৰ্মাণ কৰিছিল, যিয়ে ২৫ কিলোমিটাৰ যাত্ৰা কৰিব পাৰে।
ডেনিছৰ ফোনত ড্ৰ’নৰ সৈতে ৰকেট লঞ্চাৰৰ ছবিও লাভ কৰিছে তদন্তকাৰী সংস্থাই। নিয়াৰ তদন্তত পোহৰলৈ আহিছে যে সন্ত্ৰাসবাদী ডেনিছ ড্ৰ’ন বোমা নিৰ্মাণত বিশেষজ্ঞ আছিল। তেওঁ ফোনত এনে কেইবাটাও ভিডিঅ’ উদ্ধাৰ কৰা হৈছে য’ত বোমা কেনেকৈ নিৰ্মাণ কৰিব পাৰি তাৰ বিষয়ে তথ্য় আছে।
ইয়াৰোপৰি কিছুমান সন্দেহজনক ভিডিঅ’ পোৱা গৈছে। য’ত ড্ৰ’ন কেনেকৈ বিস্ফোৰণ কৰিব পাৰি সেই সন্দৰ্ভত সবিশেষ বিৱৰণ আছে। এই ভিডিঅ’সমূহ এটা এপৰ দ্বাৰা ডেনিছলৈ প্ৰেৰণ কৰা হৈছিল। এই এপটোত লাভ কৰা কিছুমান বিদেশী নম্বৰ সন্দৰ্ভত বৰ্তমান নিয়াই তদন্ত কৰি আছে।
ডেনিছ কোন?
দিল্লী বিস্ফোৰণ কাণ্ডৰ অভিযুক্তৰ সহযোগী অভিযুক্ত জাছিৰ বিলাল ওৰফে ডেনিছ। যোৱা ১৭ নৱেম্বৰত জম্মুৰ অনন্তনাগৰ পৰা ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই গ্ৰেপ্তাৰ কৰিছিল। একাংশই সন্দেহ কৰিছে যে, দিল্লীৰ বিস্ফোৰণৰ বাবে ওমৰক এই ডেনিছেই আত্মঘাতী বোমা হিচাপে ব্যৱহাৰ কৰিছিল। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।
উল্লেখ্য যে, যোৱা ১০ নৱেম্বৰত দিল্লীৰ লালকিল্লাৰ সন্মুখত ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল। য’ত প্ৰায় ১৫ জনৰ মৃত্যু আৰু ২০ জনৰো অধিক আহত হৈছে। তদন্তত প্ৰকাশ পোৱা অনুসৰি, এই কাণ্ডত পাকিস্তানস্থিত জইছ-ই-মহম্মদ আৰু আনছাৰ গাজৱাত-উল-হিন্দৰ দৰে সংগঠনৰ সৈতে জড়িত এটা “হোৱাইট কলাৰ সন্ত্ৰাসবাদী মডিউল” জড়িত হৈ আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
অন্য খবৰ পঢ়কঃ বিপদ বাঢ়িব নেকি ভাৰতৰ? চীনে ছপা কৰিব নেপালৰ মুদ্ৰা…