শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নৃশংস! স্বামীক জংঘললৈ মাতি নিলে নৱবিবাহিত পত্নীয়ে, তাৰ পিছত শিলেৰে মৰিয়াই…

 লগ কৰিবলৈ নিজৰ স্বামীক জংঘললৈ মাতিছিল পত্নীয়ে। তাত তেওঁ স্বামীক এনেদৰে নৃশংসভাৱে হত্যা কৰিলে যি কথা শুনিলে আপোনাৰ অন্তৰ আত্মা কঁপি উঠিব। তাৰ পিছত যেতিয়া হত্যাৰ আঁৰৰ কাৰণ পোহৰলৈ আহিল। যিয়ে স্তম্ভিত কৰি তুলিছে আৰক্ষীক।

নৃশংস! স্বামীক জংঘললৈ মাতি নিলে নৱবিবাহিত পত্নীয়ে, তাৰ পিছত শিলেৰে মৰিয়াই…
প্ৰতীকি ফটো
trishna-kalita
Trishna Kalita | Updated On: 06 Aug 2025 15:45 PM

ঝাৰখণ্ডৰ পালামুত সংঘটিত হৈছে এক আজৱ ঘটনা।  ডেৰ মাহ পূৰ্বে অতি উৎসাহেৰে কইনাক বিয়া কৰাই নিজৰ ঘৰলৈ আনিছিল দৰাই । কিন্তু তেওঁ নাজানিছিল যে যাৰ সৈতে তেওঁ গোটেই জীৱন একেলগে পাৰ কৰাৰ সপোন দেখিছিল, সেইগৰাকীয়ে তেওঁৰ প্ৰাণ কাঢ়ি ল’ব। কইনাই দৰাক একেবাৰে পচন্দ কৰা নাছিল।ইয়াৰ উপৰিও তেওঁ আন কাৰোবাক ভাল পাইছিল। এই বিষয়ে দৰাজন অজ্ঞাত আছিল। পৰিয়ালৰ হেঁচাত কইনাগৰাকীয়ে বিয়া হৈছিল যদিও পিছত তেওঁৰ প্ৰেমিকৰ সৈতে লগ লাগি স্বামীকো হত্যা কৰে।

আৰক্ষীয়ে জনোৱা মতে, ছোৱালীজনীয়ে প্ৰেমিকৰ সৈতে বিয়া হ’ব বিচাৰিছিল যদিও পৰিয়ালৰ লোকে তেওঁক জোৰ কৰি আনৰ লগত বিয়া দিছিল। বিয়া হোৱাৰ ডেৰ মাহ পিছত প্ৰেমিকৰ সৈতে লগ লাগি ছোৱালীজনীয়ে স্বামীক হত্যা কৰাৰ পৰিকল্পনা কৰি ৩১ জুলাইত এই ভয়ংকৰ কাণ্ড সংঘটিত কৰে। ঘটনাটো নৱাজয়পুৰ থানা এলেকাৰ সিনজোন গাঁৱৰ।

পালামুৰ আৰক্ষী অধীক্ষক ৰেশমা ৰমেশনে জানিবলৈ দিয়া মতে, ছোৱালীজনী পালামুৰ নৱাজয়পুৰ থানা এলেকাৰ সিনজোনৰ বাসিন্দা। ২২ জুনত ছৰফৰাজ নামৰ ল’ৰা এটাৰ লগত তেওঁৰ বিবাহ হয়। কিন্তু বিয়াৰ কেইদিনমান পিছত দুয়োজনেই পৃথকে পৃথকে থাকিবলৈ লৈছিল। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত পত্নীয়ে স্বামী ছৰফৰাজক হাবিলৈ মাতিছিল। স্বামীয়েও তেওঁক লগ কৰিবলৈ তালৈ গৈছিল। কিন্তু তাত কেৱল তেওঁৰ পত্নীয়ে নাছিল, লগত আহিছিল প্ৰেমিকো।  পত্নী আৰু প্ৰেমিকে প্ৰতাৰণা কৰি হাবিলৈ মাতি আনি শিলেৰে মৰিয়াই হত্যা কৰিলে স্বামী ছৰফৰাজক।

স্বামীক হত্যা কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পত্নীক। আৰক্ষী অধীক্ষক ৰেশমা ৰমেশনে কয় যে কিশোৰীগৰাকীয়ে প্ৰেমিকৰ সহায়ত স্বামীক হত্যা কৰিছিল। মৃত লোকজন লাতেহাৰ জিলাৰ মুফাছিল থানা এলেকাৰ দহী গাঁৱৰ বাসিন্দা । যাক জংঘলৰ ভিতৰতে হত্যা কৰিলে পত্নীয়ে। তাৰ পিছত মৃতদেহটো পাতেৰে ঢাকি দিয়া হয়। আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে ছোৱালীজনীয়ে স্বীকাৰ কৰিছে যে নিজৰ প্ৰেমিকৰ সৈতে বিয়া হ’ব বিচৰিছিল আৰু স্বামীক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। আৰক্ষী অধীক্ষকে লগতে কয় যে ছোৱালীজনীৰ প্ৰেমিকক ধৰিবলৈ তালাচী অভিযান আৰম্ভ কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত প্ৰেমিকক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ’ব।

লগতে পঢ়ক: ৮০ বছৰ পূৰ্বে মাটি খান্দি উদ্ধাৰ কৰা হৈছিল ৰহস্যময়ী শিৱ মন্দিৰ, আকৌ দুৰ্যোগত সমাধিস্থ…