শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Constitution Amedment Bill: ৩০ দিন জিম্মাত থাকিলেই হেৰুৱাব প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ পদ, কেন্দ্ৰই আজি লোকসভাত দাখিল কৰিব এই বিধেয়ক…

যদি ৩০ দিন যদি জিম্মাত থাকে, তেনে ক্ষেত্ৰত প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী বা আন কোনো মন্ত্ৰীয়ে পদত্যাগ কৰিব লাগিব। এনে এখন বিধেয়ক আজি লোকসভাত উত্থাপন কৰিব কেন্দ্ৰীয় চৰকাৰে।

Constitution Amedment Bill: ৩০ দিন জিম্মাত থাকিলেই হেৰুৱাব প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ পদ, কেন্দ্ৰই আজি লোকসভাত দাখিল কৰিব এই বিধেয়ক…
অমিত শ্বাহ
manas-borah
Manas Borah | Updated On: 20 Aug 2025 10:16 AM

কোনো গুৰুতৰ অভিযোগত গ্ৰেপ্তাৰ বা আটক হ’লে, তাৰ পিছত ৩০ দিন ধৰি যদি জিম্মাত থাকে, তেনে ক্ষেত্ৰত প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী বা আন কোনো মন্ত্ৰীয়ে পদত্যাগ কৰিব লাগিব। এনে এখন বিধেয়ক আজি লোকসভাত উত্থাপন কৰিব কেন্দ্ৰীয় চৰকাৰে। এই বিধেয়ক উত্থাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে আজি লোকসভাত ১৩০ সংখ্যক সংবিধান সংশোধনী বিধেয়ক দাখিল কৰিব। জানিব পৰা মতে. সংবিধানৰ ৭৫ নং অনুচ্ছেদত নতুন দফা ৫(ক) সংযোজন কৰা হৈছে। প্ৰস্তাৱিত আইনত উল্লেখ আছে যে, প্ৰধানমন্ত্ৰী, কোনো কেন্দ্ৰীয় মন্ত্ৰী, কোনো ৰাজ্যৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় শাসিত অঞ্চলৰ বা কোনো ৰাজ্যৰ মন্ত্ৰীক যদি গুৰুতৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়, তেতিয়া ৫ বছৰতকৈ বেছি দিন কাৰাদণ্ড হ’ব পাৰে।

একেদৰে গ্ৰেপ্তাৰ বা আটক কৰি ৩০ দিন ধৰি যদি জিম্মাত ৰখা হয় তেন্তে তেওঁ পদত্যাগ কৰিব লাগিব নহ’লে, পদৰ পৰা তেওঁক আঁতৰাই দিয়া হ’ব। অৱশ্যে বিধেয়কখনত আৰু প্ৰস্তাৱ দিয়া হৈছে যে, বহিষ্কৃত মন্ত্ৰীসকলে মুক্তিৰ পিছত পুনৰ পদবী লাভ কৰিব পাৰিব। বিধেয়কখন দাখিল কৰাৰ পিছত যুটীয়া সংসদীয় সমিতিলৈ পঠিয়াই বিবেচনাৰ বাবে প্ৰেৰণ কৰা হ’ব।

প্ৰায় ৬ মাহ ধৰি আবকাৰী দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ হৈয়ো পদত্যাগ নকৰিলে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। জেলৰ পৰাই তেওঁ নিজৰ কৰ্তব্য চম্ভালি আছিল। কিন্তু এই আইনখন গৃহীত হ’লে ৩১ নম্বৰ দিনটোত কাৰাবন্দী মন্ত্ৰীজনে মন্ত্ৰালয়ৰ পৰা পদত্যাগ কৰিব লাগিব।

মন্ত্ৰীক পদৰ পৰা অপসাৰণ কৰা বিধেয়কক লৈ কেন্দ্ৰক আক্ৰমণ কৰি কংগ্ৰেছৰ সাংসদ অভিষেক মনু সিংভীয়ে কয়, ” পক্ষপাতদুষ্ট কেন্দ্ৰীয় সংস্থাৰ জৰিয়তে বিৰোধী মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰি চৰকাৰক অস্থিৰ কৰাৰ সৰ্বোত্তম উপায়। নিৰ্বাচনী প্ৰক্ৰিয়াত জিকিলে মুক্তভাৱে গ্ৰেপ্তাৰ কৰক আৰু অপসাৰণ কৰক। শাসকীয় দলৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীক কেতিয়াও স্পৰ্শ নকৰিব।”

এই বিধেয়কৰ বাহিৰেও আজি লোকসভাত শ্বাহে আৰু দুখন বিধেয়ক উত্থাপন কৰিব। ইয়াৰে এখন হৈছে কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনিক সংশোধনী বিধেয়ক। আনটো হ’ল জম্মু-কাশ্মীৰ পুনৰ্গঠন বিধেয়ক, ২০২৫। কাইলৈ (২১ আগষ্ট) সমাপ্ত হ’ব সংসদৰ বৰ্ষাকালীন অধিৱেশন।