শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Aadhaar Card ৰ নতুন বৈশিষ্ট্য, নিমিষতে ধৰা পৰিব ভুৱা কাৰ্ড! UIDAI ৰ ডাঙৰ পদক্ষেপ

Fake Aadhaar Card: আধাৰ কাৰ্ডৰ জালিয়াতিৰ ৰমৰমীয়া বেহা। টকা খৰচ কৰি ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰে একাংশই। এই প্ৰৱঞ্চনা ৰোধৰ বাবে UIDAI এ বিভিন্ন প্ৰচেষ্টা হাতত লৈছে।

Aadhaar Card ৰ নতুন বৈশিষ্ট্য, নিমিষতে ধৰা পৰিব ভুৱা কাৰ্ড! UIDAI ৰ ডাঙৰ পদক্ষেপ
Aadhaar Card ত নতুন বৈশিষ্ট্য
Barasha Misra
Barasha Misra | Updated On: 10 Jul 2025 16:55 PM

আধাৰ কাৰ্ডক লৈ প্ৰায়ে বিতৰ্ক চলি থাকে। সকলোৱে জানে যে আধাৰ কাৰ্ড এখন পৰিচয় পত্ৰ। বিহাৰ নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা সংশোধনীৰ নিয়মত কোৱা হৈছিল, আধাৰ কাৰ্ডক পৰিচয় পত্ৰ হিচাপে গণ্য কৰা নহয়। তেনেহলে আধাৰ কাৰ্ড কি কামত ব্যৱহাৰ হ’ব? এনে হাজাৰ হাজাৰটা প্রশ্ন উত্থাপন হৈছে। এনে ক্ষেত্ৰত UIDAI এ আধাৰ কাৰ্ড সন্দৰ্ভত নতুন আপডেট দিছে।

আধাৰৰ নিয়ন্ত্ৰক ভাৰতীয় ইউনিক আইডেন্টিফিকেশন অথৰিটিৰ চিইঅ’ ভুৱনেশ কুমাৰে কয়, “আধাৰ কেতিয়াও প্ৰথম পৰিচয় পত্ৰ নাছিল”।

নিৰ্বাচন আয়োগে ২৪ জুনত বিস্তৃত ভোটাৰ তালিকা পুনৰীক্ষণৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰৰ কথা উল্লেখ কৰিছিল। কিন্তু তাত আধাৰ কাৰ্ডৰ কথা উল্লেখ কৰা নাই। জন্মৰ প্ৰমাণ পত্ৰ, পাছপ’ৰ্ট, শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ, জাতি প্ৰমাণ পত্ৰ, বাসস্থানৰ প্ৰমাণ পত্ৰ, NRC ৰ নথি, মাটিৰ পট্টা দেখুৱাবলৈ কোৱা হৈছিল। নিজকে বৈধ ভোটাৰ হিচাপে প্ৰমাণ কৰিবলৈ আধাৰ কাৰ্ড বা পেন কাৰ্ড বা ড্ৰাইভিং লাইচেন্সৰ প্ৰয়োজন নাই।

দেশত আধাৰ কাৰ্ড জালিয়াতিৰ ৰমৰমীয়া বেহা চলি আছে। টকা খৰচ কৰি ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰে একাংশই। এই প্ৰৱঞ্চনা ৰোধৰ বাবে UIDAI এ বিভিন্ন প্ৰচেষ্টা হাতত লৈছে। ইতিমধ্যে নতুন আধাৰ কাৰ্ডত QR ক’ড সংযোজন কৰা হৈছে, যিয়ে বিল্ট-ইন ছিকিউৰিটি হিচাপে কাম কৰিব।

ভুৱনেশ কুমাৰে কয়, “নতুনকৈ জাৰি কৰা আধাৰ কাৰ্ডত QR ক’ড থাকিব। UIDAIএ আধাৰ QR স্কেনাৰ এপো প্ৰস্তুত কৰিছে। এই এপৰ জৰিয়তে QR ক’ড স্কেন কৰি আধাৰ কাৰ্ডৰ প্ৰমাণপত্ৰ পৰীক্ষা কৰিব পাৰি। যদি কাৰোবাৰ ভুৱা আধাৰ কাৰ্ড আছে, তেন্তে কেৱল QR ক’ড স্কেন কৰিয়েই ধৰা পৰিব।”