5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অসমত ১০২ জনৰ, এই বছৰ প্ৰাকৃতিক দুৰ্যোগৰ ফলত ভাৰতৰ প্ৰায় ১৫০০ জন লোকৰ মৃত্যু…

২০২৪ চনৰ বাৰিষা কালত 'চৰম বতৰৰ পৰিঘটনা'ত তথা প্ৰাকৃতিক দুৰ্যোগত ভাৰতৰ মুঠ ১৪৯২ জন লোকৰ মৃত্যু হয় । বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, এইবছৰত এতিয়ালৈকে বান আৰু বৰষুণ সম্পৰ্কীয় ঘটনাৰ ফলত ৮৯৫ জন লোকে প্ৰাণ হেৰুৱাইছে ।

অসমত ১০২ জনৰ, এই বছৰ প্ৰাকৃতিক দুৰ্যোগৰ ফলত ভাৰতৰ প্ৰায় ১৫০০ জন লোকৰ মৃত্যু…
প্ৰতীকী ফটো
manas-borah
Manas Borah | Updated On: 02 Oct 2024 14:42 PM

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে সংগ্ৰহ কৰা তথ্য অনুসৰি, এইবাৰ ২০২৪ চনৰ বাৰিষা কালত ‘চৰম বতৰৰ পৰিঘটনা’ত তথা প্ৰাকৃতিক দুৰ্যোগত ভাৰতৰ মুঠ ১৪৯২ জন লোকৰ মৃত্যু হয় । বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, এইবছৰত এতিয়ালৈকে বান আৰু বৰষুণ সম্পৰ্কীয় ঘটনাৰ ফলত ৮৯৫ জন লোকে প্ৰাণ হেৰুৱাইছে । আনহাতে এইবাৰ বাৰিষাত ধুমুহা আৰু বজ্ৰপাতৰ ফলত ৫৯৭ জন লোকৰ মৃত্যু হৈছে।

আইএমডিয়ে জনোৱা মতে, দেশত ২০২৪ চনৰ বাৰিষাত ১১৫.৬ মিলিমিটাৰৰ পৰা ২০৪.৫ মিলিমিটাৰৰ ভিতৰত ৫২৫টা প্ৰচণ্ড বৰষুণৰ পৰিঘটনা ৰেকৰ্ড কৰা হৈছে । যিটো যোৱা পাঁচ বছৰৰ ভিতৰত সৰ্বাধিক বুলি উল্লেখ কৰিছে আইএমডিয়ে । একেদৰে ভাৰতত এইবাৰ ২০৪.৫ মিলিমিটাৰৰ ওপৰত ৯৬ টা অতি প্ৰচণ্ড বৰষুণৰ পৰিঘটনা ৰেকৰ্ড কৰা হৈছে ।

তথ্য অনুসৰি, বাৰিষা আৰম্ভণিতে প্ৰচণ্ড গৰমৰ বাবে ১৭ জন লোকৰ মৃত্যু হৈছিল । ইয়াৰ ভিতৰত ঝাৰখণ্ডত ১৩ জনৰ মৃত্যু হোৱাৰ বিপৰীতে ৰাজস্থানত ৪ জনৰ গৰম প্ৰভাৱত মৃত্যু হৈছিল । চলিত বৰ্ষৰ ৩০ জুলাইত বিধ্বংসী ভূমিস্খলনৰ সাক্ষী হোৱা কেৰালাৰ ৱায়ানাদ জিলাখনত প্ৰচণ্ড বৰষুণৰ ফলত হোৱা বান আৰু ভূমিস্খলনত ৩৯৭ জন লোকৰ মৃত্যু হোৱাৰ তথ্য প্ৰকাশ কৰিছে আইএমডিয়ে ।

ইয়াৰ সমান্তৰালভাৱে ধাৰাসাৰ বৰষুণৰ ফলত হোৱা বান আৰু ভূমিস্খলনৰ ফলত অসমত ১০২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আৰু মধ্যপ্ৰদেশত ১০০ লোকৰ মৃত্যু হৈছে। দেশৰ ৰাজধানীত বান আৰু ধাৰাসাৰ বৰষুণৰ ফলত ১৩ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। তথ্য অনুসৰি, মধ্যপ্ৰদেশত ধুমুহা আৰু বজ্ৰপাতৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা সৰ্বাধিক । এনে পৰিঘটনাত মধ্যপ্ৰদেশত ১৮৯ জন মৃত্যু হোৱাৰ বিপৰীতে উত্তৰ প্ৰদেশত ১৩৮ জন, বিহাৰত ৬১, ঝাৰখণ্ড ৫৩ জনৰ মৃত্যু হৈছে ।

মনকৰিবলগীয়া যে,এইবাৰ পূব আৰু উত্তৰ-পূব ভাৰতত স্বাভাৱিকতকৈ ১৪ শতাংশ কম বৰষুণ ৰেকৰ্ড কৰা হৈছে আইএমডিয়ে উল্লেখ কৰিছে ।

Latest News