গৃহ সংকটৰ প্ৰভাৱঃ পদত্যাগ কৰিলে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে
গৃহ সংকটত বিধ্বস্ত হৈ পৰাৰ সময়তে আজি মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে আজি আচম্বিতে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে। আজি দিনৰ ভাগত দিল্লীত উপস্থিত হৈ বীৰেণ সিঙে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ সভাপতি জে পি নাড্ডাক সাক্ষাৎ কৰে। দিল্লীৰ পৰা উভতি অহাৰ পাছতে মণিপুৰৰ ৰাজ্যপালক সাক্ষাৎ কৰি তেওঁ পদত্যাগ পত্ৰ দাখিল কৰে।
গোষ্ঠীগত সংঘৰ্ষই জুৰুলা কৰা মণিপুৰলৈ এতিয়াও ঘূৰি অহা নাই স্বাভাৱিক পৰিস্থিতি। ৰাজ্যখনত প্ৰায় প্ৰতিদিনেই পোহৰলৈ আহিছে ইটোৰ পিছত সিটোকৈ হিংসাত্মক কাৰ্যৰ খবৰ। গৃহ সংকটত বিধ্বস্ত হৈ পৰাৰ সময়তে আজি মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে আজি আচম্বিতে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে। আজি সন্ধিয়া বীৰেণ সিঙে আনুষ্ঠানিকভাৱে এই সিদ্ধান্ত ঘোষণা কৰে। আজি দিনৰ ভাগত দিল্লীত উপস্থিত হৈ বীৰেণ সিঙে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ সভাপতি জে পি নাড্ডাক সাক্ষাৎ কৰে।
দিল্লীৰ পৰা উভতি অহাৰ পাছতে মণিপুৰৰ ৰাজ্যপালক সাক্ষাৎ কৰিবলৈ ৰাজভৱনত উপস্থিত হয় মুখ্যমন্ত্ৰী এন বীৰেন সিং আৰু পদত্যাগ পত্ৰ দাখিল কৰে। এই সময়ছোৱাত তেওঁৰ সৈতে বিজেপিৰ সাংসদ সম্বিত পাত্ৰৰ লগতে ৰাজ্যৰ বহুকেইজন মন্ত্ৰীও উপস্থিত থাকে। ৰাজ্যপালৰ ওচৰত দাখিল কৰা পদত্যাগ পত্ৰত তেওঁ মণিপুৰৰ অখণ্ডতা আৰু ৰাজ্যৰ নিৰাপত্তা বজাই ৰখাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায়।
পদত্যাগ পত্ৰত তেওঁ লগতে ৰাজ্যৰ স্থিতিশীলতা আৰু নিৰাপত্তা সম্পৰ্কীয় পাঁচটা বৃ্হৎ দাবী কেন্দ্ৰীয় চৰকাৰৰ সন্মুখত উত্থাপন কৰে। মণিপুৰৰ ঐতিহাসিক আৰু সাংস্কৃতিক অখণ্ডতা বজাই ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি বীৰেণ সিঙে লগতে সীমান্তত অনুপ্ৰৱেশ বন্ধ কৰাৰ আৰু অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাৰ নীতি প্ৰণয়নৰ দাবী জনায়। সীমান্তৰ দ্ৰুত উন্নয়নৰ কাম অব্যাহত ৰাখিবলৈও কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় পদত্যাগী বীৰেণ সিঙে।
ইফালে ৰাজ্যত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিবলৈ আৰু বাধ্যতামূলক বায়’মেট্ৰিক পৰীক্ষাৰ সৈতে কঠোৰ আৰু সুৰক্ষিত নতুন এম এফ আৰ ব্যৱস্থা ৰূপায়ণৰ বাবেও তেওঁ আহ্বান জনায়। লক্ষণীয়ভাৱে ৰাজ্যখনৰ হিংসাজৰ্জৰ পৰিস্থিতিৰ পিছতে বীৰেণ সিঙৰ পদত্যাগৰ দাবী তুলি আহিছিল বিৰোধীয়ে। পদত্যাগ নকৰিলেও পিছে বিগত বৰ্ষত তেওঁ এনে ঘটনাৰ বাবে ৰাজ্যবাসীৰ ওচৰত ক্ষমা খুজিছিল।
উল্লেখ্য যে আজিৰ পৰা মণিপুৰত বিধানসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ কথা আছিল। অধিৱেশনৰ প্ৰথম দিনাই কংগ্ৰেছে মুখ্যমন্ত্ৰী সিঙৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব পাৰে বুলি চৰ্চা চলিছিল। সম্ভাৱ্য অনাস্থা প্ৰস্তাৱৰ জল্পনা-কল্পনাৰ মাজতে শনিবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী এন বীৰেণ সিং দিল্লীলৈ ৰাওনা হয়। দিল্লীত গৃ্হমন্ত্ৰী অমিত শ্বাহ আৰু দলৰ সভাপতি জেপি নড্ডাক সাক্ষাৎ কৰাৰ পিছত ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।