শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পৰকীয়া প্ৰেম! টুকুৰা টুকুৰকৈ কাটিলে স্বামীৰ মৃতদেহ, তাৰ পিছত পাকঘৰৰ মজিয়াত…

১৪ মাহ ধৰি সমীৰৰ মোবাইল ফোনটো চুইচ অফ হৈ আছিল। কোনো বন্ধু বা আত্মীয়ৰ লগত যোগাযোগ কৰা নাছিল। সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে ইমৰানক বিচাৰি উলিয়ালে। তেওঁক জেৰা চলোৱাত এটা চাঞ্চল্যকৰ প্ৰকাশৰ কথা পোহৰলৈ আহিল। প্ৰকাশ পালে ফিল্মী ষ্টাইলৰ হত্যাকাণ্ড আৰু মৃতদেহ লুকুৱাই ৰখাৰ কথা।

পৰকীয়া প্ৰেম! টুকুৰা টুকুৰকৈ কাটিলে স্বামীৰ মৃতদেহ, তাৰ পিছত পাকঘৰৰ মজিয়াত…
স্বামীক হত্যা পত্নীৰ
trishna-kalita
Trishna Kalita | Updated On: 06 Nov 2025 09:01 AM

আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে এবছৰ পূৰ্বে সংঘটিত এক নৃশংস হত্যাকাণ্ডৰ ৰহস্য। প্ৰেমিক আৰু বন্ধুৰ সৈতে মিলি স্বামীক হত্যা এগৰাকী মহিলাৰ। পিছলৈ তেওঁলোকে ৰহস্যজনকভাৱে মৃতদেহটো লুকুৱাই ৰাখিছিল, ঠিক দৃশ্যম ছবিখনৰ দৰেই। আৰক্ষীয়ে নিৰুদ্দেশ হোৱা লোকজনৰ সন্ধান অব্যাহত ৰাখিছিল যদিও হত্যাকাণ্ড ইমানেই পৰিকল্পিত আছিল যে মৃতদেহটো উদ্ধাৰ কৰিবলৈ প্ৰায় এবছৰ সময় লাগিছিল।

ঘটনা অনুসৰি গুজৰাটৰ আহমেদাবাদ চহৰৰ বাসিন্দা সমীৰ আনছাৰী (৩৫) ২০২৪ চনত হঠাতে নিৰুদ্দেশ হৈছিল। জানিব পৰা মতে ৰুবী আৰু তেওঁৰ স্বামী সমীৰৰ মাজত প্ৰায়ে কাজিয়া হৈছিল। ইমৰাণৰ সৈতে ৰুবীৰ অবৈধ সম্পৰ্কই এই সংঘাতৰ কাৰণ আছিল। এই সংঘাতৰ ফলত অৱশেষত এই জঘন্য হত্যাকাণ্ডটো সংঘটিত হয়। তিনিমাহ পূৰ্বে যেতিয়া এই গোচৰটো ক্ৰাইম ব্ৰাঞ্চত উপস্থিত হয় তেতিয়া সমীৰৰ হত্যাকাণ্ডৰ সন্দেহ প্ৰকাশ কৰে আৰক্ষীয়ে।

তাৰ পিছত তদন্ত আৰম্ভ হ’ল। ১৪ মাহ ধৰি সমীৰৰ মোবাইল ফোনটো চুইচ অফ হৈ আছিল। কোনো বন্ধু বা আত্মীয়ৰ লগত যোগাযোগ কৰা নাছিল। সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে ইমৰানক বিচাৰি উলিয়ালে। তেওঁক জেৰা চলোৱাত এটা চাঞ্চল্যকৰ প্ৰকাশৰ কথা পোহৰলৈ আহিল। প্ৰকাশ পালে ফিল্মী ষ্টাইলৰ হত্যাকাণ্ড আৰু মৃতদেহ লুকুৱাই ৰখাৰ কথা। দৃশ্যম ছবিখনৰ দৰেই পত্নী ৰুবীয়ে প্ৰেমিক আৰু তেওঁৰ দুই বন্ধুৰ সৈতে প্ৰথমে স্বামী সমীৰক হত্যা কৰি তাৰ পিছত নিখুঁত পৰিকল্পনাৰে মৃতদেহটো লুকুৱাই ৰাখিছিল।

হত্যা আৰু লুকুৱাই ৰখাৰ পৰিকল্পনা ইমানেই নিখুঁত আছিল যে এবছৰৰ পাছতো আৰক্ষীয়ে কোনো তথ্য নাপালে। আৰক্ষীয়ে ৰুবীক সন্দেহ কৰিছিল যদিও তেওঁৰ এই কাৰ্যৰ কোনো প্ৰমাণ নাপালে। ৰুবীয়ে স্বামীক হত্যা কৰি প্ৰেমিক আৰু বন্ধু-বান্ধৱীৰ সহায়ত মৃতদেহটো কাটি পেলায়। তাৰ পিছত তাই মৃতদেহটো তেওঁলোকৰ পাকঘৰৰ টাইলছৰ তলত পুতি থৈছিল। অভিযুক্ত প্ৰেমিকৰ স্বীকাৰোক্তিৰ পিছত আহমেদাবাদ ক্ৰাইম ব্ৰাঞ্চে ঘৰৰ পৰা উদ্ধাৰ কৰে কংকালৰ অৱশিষ্ট।

আৰক্ষীৰ জেৰাৰ সময়ত অভিযুক্ত ইমৰানে অপৰাধ স্বীকাৰ কৰে। তেওঁ আৰক্ষীক জনোৱা মতে, ৰুবীয়ে হত্যাকাণ্ডৰ পৰিকল্পনা কৰিছিল। প্ৰথমে সমীৰক বান্ধি থৈছিল, তাৰ পিছত ছুৰীৰে আঘাত কৰি হত্যা কৰিছিল। তদুপৰি তেওঁৰ মৃতদেহটো কাটি পেলোৱাৰ লগতে মৃতদেহখিনি পাকঘৰৰ মজিয়াৰ তলত পুতি থয়। এই গোচৰত এতিয়াও পলাতক হৈ থকা বাকী অভিযুক্তসকলৰ সন্ধানত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।