শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Threat Call : ’মই লস্কৰ-ই-তৈবাৰ CEO’…RBI ক দিলে ডাঙৰ ভাবুকি !

প্ৰকাশিত খবৰ অনুসৰি, ৰিজাৰ্ভ বেংকৰ কাষ্টমাৰ কেয়াৰৰ নম্বৰত ফোন কৰি বোমাৰে দেশৰ সৰ্ববৃহৎ বেংক উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰা হৈছে । এই ফোন কলটো আহিছে লস্কৰ-ই-তৈবাৰ পৰা।

Threat Call : ’মই লস্কৰ-ই-তৈবাৰ CEO’…RBI ক দিলে ডাঙৰ ভাবুকি !
এতিয়াও ৰিজাৰ্ভ বেংকে ঘূৰাই পোৱা নাই ছপা হোৱা সকলো ২০০০ টকীয়া নোট
manas-borah
Manas Borah | Published: 17 Nov 2024 12:26 PM

ৰে’ল বা বিমান নহয় এইবাৰ আহিছে ভাৰতীয় ৰিজাৰ্ভ বেংক উৰুৱাই দিয়াৰ ভাবুকি । প্ৰকাশিত খবৰ অনুসৰি, ৰিজাৰ্ভ বেংকৰ কাষ্টমাৰ কেয়াৰৰ নম্বৰত ফোন কৰি বোমাৰে দেশৰ সৰ্ববৃহৎ বেংক উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰা হৈছে । এই ফোন কলটো আহিছে লস্কৰ-ই-তৈবাৰ পৰা। নিজকে লস্কৰ-ই-তৈবাৰ চিইঅ’ বুলি পৰিচয় দিয়া কোনো অচিনাক্ত লোকে কাষ্টমাৰ কেয়াৰত কল কৰি ৰিজাৰ্ভ বেংক উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে ।

সূত্ৰ অনুসৰি শনিবাৰে পুৱা প্ৰায় ১১ বজাত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাষ্টমাৰ কেয়াৰলৈ ফোন আহিছিল। ফোনত সিফালৰ পৰা কোৱা হয় বোমা বিস্ফোৰণেৰে ৰিজাৰ্ভ বেংক উৰুৱাই দিয়া হ’ব। এই ভাবুকি দিয়াৰ সময়ত লোকজনে নিজকে লস্কৰ-ই-তৈবাৰ চিইঅ’ বুলি পৰিচয় দিছিল । ৰিজাৰ্ভ বেংকলৈ ভাবুকি দিয়া ফোন কল অহাৰ খবৰে এতিয়া সকলোতে চৰ্চা লাভ কৰিছে ।

ইতিমধ্যে ফোন যোগে ৰিজাৰ্ভ বেংক উৰুৱাই দিয়া ভাবুকি দিয়া অচিনাক্ত লোকজনৰ বিৰুদ্ধে মুম্বাই আৰক্ষীত এজাহাৰ দাখিল কৰা হৈছে । ইয়াৰ লগতে ফোনটো ক’ৰ পৰা আহিছিল সেই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে । অৱশ্যে কোনোবাই এই দৰে দুষ্টামি কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। প্ৰসংগক্ৰমে ২০০৮ চনত মুম্বাই আক্ৰমণৰ আঁৰত আছিল নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা। শেহতীয়াকৈ দেশৰ বহু বিমান সংস্থাৰ বিমানত বোমা থকা বুলি ভুৱা ভাবুকি দিয়াৰ খবৰ প্ৰায়ে প্ৰকাশ পাই আহিছে ।

ইয়াৰ সমান্তৰালভাৱে বোমাৰে ৰে’ল আৰু ৰে’ল ষ্টেচন উৰুৱাই দিয়াৰো ভাবুকি অহাৰ খবৰ লাভ কৰা গৈছে । যোৱা কেইমাহমানৰ পৰা ভাবুকি দিয়া কলৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। কেতিয়াবা যদি স্কুলত বোমা থকা বুলি ভাবুকি দিয়াৰ ফোন আহে আৰু কেতিয়াবা বিমানত ভোমা থকাৰ বুলি ফোন যোগে ভাবুকি দিয়াৰ খবৰ পোৱা যায়। শেহতীয়া পৰিঘটনাবোৰত লক্ষ্য কৰিলে দেখা যায় যে, যোৱা কেইদিনমানৰ ভিতৰত কেইবাখনো বিমানখনক বোমাৰ ভাবুকি দিয়া হৈছিল। পিছত এই ভাবুকি ভুৱা বুলি প্ৰমাণিত হয় ।