শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ষ্টুডিঅ’ত বন্দী ১৭ টি শিশু, চিনেমাৰ কায়দাৰে বন্দীকাৰীক এনকাউণ্টাৰ আৰক্ষীৰ

আচলতে শিশুকেইটাক অপহৰণ কৰা মানুহজন আছিল ৰোহিত আৰ্য। শিশুকেইটাক উদ্ধাৰৰ সময়ত আৰক্ষীৰ এনকাউণ্টাৰত নিহত হয় ৰোহিত আৰ্য। পণবন্দীসকলৰ ভিতৰত আছিল ১৭টা শিশু, এজন জ্যেষ্ঠ নাগৰিক আৰু দুজন সাধাৰণ নাগৰিক।

ষ্টুডিঅ’ত বন্দী ১৭ টি শিশু, চিনেমাৰ কায়দাৰে বন্দীকাৰীক এনকাউণ্টাৰ আৰক্ষীৰ
আৰ এ ষ্টুডিঅ'ত এনকাউণ্টাৰ
raj-saikia
Raj Saikia | Published: 30 Oct 2025 20:29 PM

মুম্বাইৰ পোৱাই অঞ্চলৰ এক ঘটনাই আজি সকলোকে স্তম্ভিত কৰি তুলিছে। মুম্বাই আৰক্ষীয়ে সময়মতে ব্যৱস্থা নোলোৱা হ’লে কেবাটিও নিৰীহ শিশুৱে প্ৰাণ হেৰুৱাব লগা হ’লহেতেন। আৰ এ ষ্টুডিঅ’ত সংঘটিত হৈছে এই ঘটনা। বৃহস্পতিবাৰে বিয়লি পোৱাই আৰক্ষীয়ে ষ্টুডিঅ’টোৰ প্ৰথম মহলাত ১৭টা শিশুকে ধৰি ২০ জন লোকক পণবন্দী কৰি ৰখাৰ তথ্য লাভ কৰে।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ লগে লগে ষ্টুডিঅ’ৰ বাহিৰত ব্যাপক ভিৰ দেখা যায়। প্ৰথমে ৰাইজক আঁতৰাই অভিযুক্তৰ সৈতে যোগাযোগ কৰাৰ চেষ্টা কৰে আৰক্ষীয়ে। মুম্বাই আৰক্ষীয়ে কেনেকৈ এটা ডাঙৰ ঘটনা ৰোধ কৰিলে জানো আহক।

এনকাউণ্টাৰত নিহত ৰোহিত আৰ্য

আচলতে শিশুকেইটাক অপহৰণ কৰা মানুহজন আছিল ৰোহিত আৰ্য। শিশুকেইটাক উদ্ধাৰৰ সময়ত আৰক্ষীৰ এনকাউণ্টাৰত নিহত হয় ৰোহিত আৰ্য। ৰোহিত আৰ্যই নিজাকৈ ইউটিউব চেনেল চলায়। আজি বিয়লি তেওঁ ছচিয়েল মিডিয়াত নিজৰ এটা ভিডিঅ’ পোষ্ট কৰে। ভিডিঅ’টো সোনকালে ভাইৰেল হৈ পৰিল, কিয়নো ভিডিঅ’টোত ৰোহিত আৰ্যই যি কৈছিল সেয়া আছিল চাঞ্চল্যকৰ।

আৰ এ ষ্টুডিঅ’ত পণবন্দী শিশু

ৰোহিত আৰ্যই একাংশ লোকৰ সৈতে কথা পাতিব বিচৰা বুলি উল্লেখ কৰি তেনে নকৰিলে ষ্টুডিঅ’ত জুই লগাব বুলি ভাবুকি দিয়ে। পুনেৰ বাসিন্দা ৰোহিত আৰ্যই মুম্বাইৰ চেম্বুৰত বাস কৰিছিল। ভিডিঅ’টোত তেওঁ আৰু কয় যে আত্মহত্যাৰ পৰিৱৰ্তে তেওঁৰ এটা পৰিকল্পনা আছিল: “মই কিছুমান শিশুক ষ্টুডিঅ’ত পণবন্দী কৰি ৰাখিছো।”

শিশুক হত্যা কৰাৰ ভাবুকি ৰোহিত

ৰোহিতৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত ষ্টুডিঅ’ৰ বাহিৰত ৰাইজৰ সমাগম হয়। মানুহে লক্ষ্য কৰিলে ষ্টুডিঅ’ৰ খিৰিকীৰে কিছুমান শিশুৰ চিঞৰ ভাঁহি আহিছিল। তেওঁলোকে আৰক্ষীক খবৰ দিয়ে। তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ এটা দল। আৰক্ষীয়ে সমবেত মানুহক সেই স্থানৰ পৰা আঁতৰাই উদ্ধাৰ অভিযান আৰম্ভ কৰে। আৰক্ষীয়ে প্ৰথমে ৰোহিতৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰি শিশুকেইটাৰ কোনো ক্ষতি নকৰিবলৈ কয় যদিও ৰোহিতে তেওঁলোকক হত্যাৰ ভাবুকি দিয়াৰ ফলত আৰক্ষীৰ উদ্বেগ বাঢ়ি যায়।

বাথৰুমৰ গ্লাছ ভাঙি আৰক্ষীৰ প্ৰৱেশ

যিহেতু ষ্টুডিঅ’টোত সোমোৱাৰ একমাত্ৰ বাটটো আছিল ৰোহিতে তলা লগোৱা মেইন গেটখনেৰে, গতিকে মেইন গেটখনেৰে আৰক্ষীয়ে জোৰকৈ সোমাব নোৱাৰিলে। সেয়ে বাথৰুমৰেৰে সোমাই যোৱাৰ সিদ্ধান্ত ল’লে। ইফালে আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলে ৰোহিতক তেওঁলোকৰ পৰিকল্পনাক সন্দেহ নকৰিবলৈ বাৰ্তালাপত লিপ্ত কৰে।

অগ্নিনিৰ্বাপক বাহিনীৰ লোকে জখলা স্থাপন কৰি দিয়াৰ পাছত আৰক্ষীৰ দলটোৱে বাথৰুমৰ গ্লাছ ভাঙি ভিতৰত প্ৰৱেশ কৰে। আৰক্ষীক দেখি ৰোহিতে এয়াৰ গানেৰে গুলীচালনা কৰে। ৰোহিত আৰ্যৰক পুলিচে প্ৰত্যুত্তৰ দি গুলীচালনা কৰে। লগে লগে আৰক্ষীয়ে তেওঁক চিকিৎসালয়লৈ লৈ যায় আৰু চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

ষ্টুডিঅ’টোত জুই লগোৱাৰ ভাবুকি দিছিল ৰোহিতে

সূত্ৰ অনুসৰি ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এটা এয়াৰ গান আৰু কিছু ৰাসায়নিক পদাৰ্থ উদ্ধাৰ কৰে। অভিযুক্ত ৰোহিত আৰ্যই শিশুকেইটাক হত্যা কৰাৰ ভাবুকি দিয়াৰ লগতে ৰাসায়নিক দ্ৰব্যৰে ষ্টুডিঅ’টোত জুই জ্বলোৱাৰ ভাবুকিও দিছিল। এয়াৰ গানৰ গুলীৰ প্ৰতিক্ৰিয়া স্বৰূপে আৰক্ষীয়ে এটা গুলী চলাবলৈ বাধ্য হয়, যাৰ ফলত ৰোহিতৰ মৃত্যু হয়।

অডিচনৰ বাবে মাতি অনা হৈছিল শিশুকেইটাক

অভিযুক্ত ৰোহিত আৰ্যই পণবন্দী শিশুকেইটাক ৱেব ছিৰিজৰ অডিচন দিবলৈ মাতিছিল। বিগত ১০ দিন ধৰি ষ্টুডিঅ’ত চলি আছিল এই অডিচন। অডিচনৰ মাজতে ল’ৰা-ছোৱালীবোৰ দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত ওলাই আহিছিল। আজি যেতিয়া ল’ৰা-ছোৱালীবোৰ ওলাই নাহিল, তেতিয়া চিন্তা বাঢ়ি গ’ল।

ৰোহিতে শিশুকেইটাক পণবন্দী কৰি ৰখাৰ ভিডিঅ’ প্ৰকাশ কৰি মানুহকহে সচেতন কৰি তুলিলে। পণবন্দীসকলৰ ভিতৰত আছিল ১৭টা শিশু, এজন জ্যেষ্ঠ নাগৰিক আৰু দুজন সাধাৰণ নাগৰিক। খবৰ অনুসৰি আৰক্ষীয়ে প্ৰথমে ৰোহিতৰ সৈতে আলোচনাৰ চেষ্টা চলাইছিল। যেতিয়া সেইটো বিফল হ’ল, তেতিয়া তেওঁলোকে আন এটা পথ বিচাৰি পালে, যাৰ ফলত ৰোহিত আৰ্যৰ মৃত্যু হ’ল।

ৰোহিত আৰ্য কোন?

পুনেৰ বাসিন্দা আছিল ৰোহিত আৰ্য। এখন বিদ্যালয়ৰ কামৰ বাবে চৰকাৰী নিবিদা পাইছিল। ৰোহিতে দাবী কৰে যে তেওঁ সম্পূৰ্ণ কৰা কামৰ ধন লাভ কৰা নাই। তেওঁৰ বাকী থকা ধনৰ বাবে তেওঁ কেইবাবাৰো প্ৰতিবাদ কৰি ২ কোটি টকা ঋণী বুলি দাবী কৰিছে। আনকি তদানীন্তন শিক্ষামন্ত্ৰী দীপক কেছাৰকাৰৰ বাসগৃহৰ বাহিৰতো তেওঁ অনশন কৰে, কিন্তু তেওঁৰ কাতৰ অনুৰোধৰ কোনো সঁহাৰি পোৱা নগ’ল।