শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

এয়াৰ ইণ্ডিয়া বিমানৰ পাছত মুম্বাই-হাওৰা ৰে’লত বোমাতংক…

মুম্বাই-হাওৰা মেইল ​​ৰে'লখন বোমা বিস্ফোৰণেৰে উৰুৱাই দিয়াৰ ভাবুকি লাভ কৰা খবৰ প্ৰকাশ পাইছে । এটা বিশেষ এক্স হেণ্ডেলৰ পৰা আহিছে এই ভাবুকি ।

এয়াৰ ইণ্ডিয়া বিমানৰ পাছত মুম্বাই-হাওৰা ৰে’লত বোমাতংক…
প্ৰতীকী ফটো
Manas Borah
Manas Borah | Updated On: 14 Oct 2024 12:45 PM

টাইমাৰ বোমা ব্যৱহাৰ কৰি মুম্বাই-হাওৰা মেইল ​​ৰে’লখন উৰুৱাই দিয়াৰ ভাবুকি লাভ কৰা খবৰ প্ৰকাশ পাইছে । এটা বিশেষ এক্স হেণ্ডেলৰ পৰা আহিছে এই ভাবুকি । সূত্ৰ খবৰ অনুসৰি, বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ পাছতে মুম্বাই-হাওৰা মেইল ​​ৰে’লখনৰ যাত্ৰীসকলৰ মাজত আতংক সৃষ্টি হয় । ৰে’ল কৰ্তৃপক্ষক দিয়া ভাবুকিটোত কোৱা হৈছিল যে, মহাৰাষ্ট্ৰৰ নাছিক ষ্টেচনৰ মাজেৰে ৰে’লখন পাৰ হৈ যোৱাৰ পাছতে বোমা বিস্ফোৰণ হ’ব। সূত্ৰ খবৰ অনুসৰি, ফজালুদ্দিন নামৰ এটা এক্স হেণ্ডেলৰ পৰা এই ভাবুকি লাভ গৈছিল ।

জানিব পৰা মতে, বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰাৰ পাছতে মুম্বাই-হাওৰা মেইল ​​ৰে’লখন জালগাঁৱত ৰখোৱা হয় আৰু ততাতৈয়াকৈ ৰে’লখনত তালাচী অভিযান চোলাৱা হয় । নিৰাপত্তা বাহিনীয়ে ৰে’লখন তন্ন-তন্নকৈ তালাচী চলায়। জানিব পৰা মতে নিৰাপত্তা বাহিনীৰ তালাচীত ৰে’লখনত কোনো ধৰণৰ বিস্ফোৰক সামগ্ৰী পোৱা নগ’ল । শেষত এই বোমা বিস্ফোৰণৰ ভাবুকি তথ্য উৰাবাতৰিলৈ পৰিণত হয় । ইফালে, টুইট কৰা ব্যক্তিজন ক’ত থাকে আৰু তেওঁৰ প্ৰকৃত পৰিচয় কি সেয়া এতিয়াও নিশ্চিত হোৱা নাই।

ফজালুদ্দিন নামৰ এক্স (আগতে টুইটাৰ আছিল) একাউণ্টত লিখা আছিল, ‘হে ইণ্ডিয়ান ৰে’লৱে, আজি তেজৰ চকুলো টুকিব । ১২৮০৯ নম্বৰৰ ফ্লাইট আৰু ট্ৰেইনতো বোমা স্থাপন কৰা হৈছে, নাছিক পোৱাৰ আগতে ডাঙৰ বিস্ফোৰণ হ’ব।’

উল্লেখ্য যে, সোমবাৰে মুম্বাইৰ পৰা নিউয়ৰ্কলৈ যোৱা এখন এয়াৰ ইণ্ডিয়াৰ বিমানে বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰাৰ পাছতে বিমানখন দিল্লী বিমানবন্দৰলৈ পুনৰ ডাইভাৰ্ট কৰা হয়। বিষয়াসকলে জনোৱা মতে, সকলো যাত্ৰী সুৰক্ষিত আৰু অধিক তদন্ত অব্যাহত আছে। পুৱতি নিশা ২ বজাত মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা বিমানখন উৰা মাৰিছিল আৰু কিছু সময়ৰ পিছতে টুইটৰ জৰিয়তে বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰিছিল। চৰকাৰৰ নিৰাপত্তা নিয়ন্ত্ৰক সমিতিৰ নিৰ্দেশত বিমানখন পুনৰ দিল্লীলৈ ডাইভাৰ্ট কৰা হয়।

বিমান সংস্থাটোৱে নিজৰ বিবৃতিত কয় যে, ১৪ অক্টোবৰত মুম্বাইৰ পৰা জে এফ কেলৈ যোৱা বিমানখন দিল্লীলৈ ডাইভাৰ্ট কৰা হয় । আটাইকেইজন যাত্ৰীক নিৰাপদে নমাই বিমানখন বিমানবন্দৰত ৰখাই দিয়া হৈছে। যাত্ৰীসকলৰ অসুবিধা হ্ৰাস কৰাৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হৈছে বুলি জানিবলৈ দিয়ে বিমান সংস্থাটোৱে।