শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দুপৰীয়া ২ বজাত দিলে সময়, পত্নীৰ লগত কাজিয়া লাগি বিমানবন্দৰকে উৰুৱাই দিয়াৰ ভাবুকিএজনৰ…

আজি মঙলবাৰে দুপৰীয়া ২ বজাত মুম্বাই বিমানবন্দৰ উৰুৱাই দিম বুলি আৰক্ষীক ফোন কৰি ভাবুকি দিছিল এজন ব্যক্তিয়ে। মুম্বাই আৰক্ষী কণ্ট্ৰল ৰুমত ফোন কৰি ভাবুকি দিয়ে অচিনাক্ত ব্যক্তিজনে । এই ফোন কল পোৱাৰ পাছতে মুম্বাইৰ আৰক্ষীৰ মাজত এক জৰুৰীকালীন অৱস্থা সৃষ্টি হয় ।

দুপৰীয়া ২ বজাত দিলে সময়, পত্নীৰ লগত কাজিয়া লাগি বিমানবন্দৰকে উৰুৱাই দিয়াৰ ভাবুকিএজনৰ…
Image Credit source: News9
manas-borah
Manas Borah | Updated On: 27 May 2025 22:06 PM

প্ৰথমে পত্নীৰ লগত কাজিয়া আৰু ইয়াৰ পাছতে মুম্বাই বিমানবন্দৰ বোমাৰে উৰুৱাই দিয়াৰ সিদ্ধান্ত ! কেৱল সিদ্ধান্ত লোৱাই নহয় সময় নিৰ্ধাৰণ কৰি মুম্বাই আৰক্ষীকো ফোন কৰি জনালে ব্যক্তিজনে । আপুনি হয়তো ভাবিছে এই প্ৰতিবেদনত কি কথা লিখা হৈছে । কিন্তু জানিলে আচৰিত হ’ব যে, আজি মঙলবাৰে দুপৰীয়া ২ বজাত মুম্বাই বিমানবন্দৰ উৰুৱাই দিম বুলি আৰক্ষীক ফোন কৰি ভাবুকি দিছিল এজন ব্যক্তিয়ে ।

মুম্বাই আৰক্ষী কণ্ট্ৰল ৰুমত ফোন কৰি ভাবুকি দিয়ে অচিনাক্ত ব্যক্তিজনে । এই ফোন কল পোৱাৰ পাছতে মুম্বাইৰ আৰক্ষীৰ মাজত এক জৰুৰীকালীন অৱস্থা সৃষ্টি হয় । উল্লেখ্য যে, ভাৰতৰ বাণিজ্যিক নগৰী মুম্বাইৰ বিমানবন্দৰ বোমাৰে উৰুৱাই দিয়াটো যিধৰণে ইমান সহজ নহয়, সেই একেধৰণে এই ধৰণৰ ভাবুকিও মুম্বাইৰ আৰক্ষীৰ বাবে সহজভাৱে লোৱা বিষয় নহয় । সেহেয়ে ফোন যোগে ভাবুকি লাভ কৰাৰ পাছতে ফোন কৰা ব্যক্তিজনক বিচাৰি অভিযান আৰম্ভ কৰে আৰক্ষীয়ে ।

সূত্ৰৰ খবৰ অনুসৰি, মুম্বাই বিমানবন্দৰ উৰুৱাই দিয়া হ’ব বুলি দাবী কৰি মঙলবাৰে পুৱা মুম্বাই আৰক্ষী কণ্ট্ৰল ৰুমত ফোন কৰি বোমা বিস্ফোৰণৰ ভাবুকি দিয়ে এজন ব্যক্তিয়ে। ইয়াৰ পিছতে ফোন কৰা ব্যক্তিজনৰ সন্ধান উলিয়াবলৈ অভিযান আৰম্ভ কৰে এম আই ডি চি আৰক্ষীয়ে । পিছে ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

জানিব পৰা মতে, মুম্বাই বিমানবন্দৰত বোমা বিস্ফোৰণৰ ভাবুকি দিয়া ব্যক্তিজনক আৰক্ষীয়ে মঞ্জিত কুমাৰ গৌতম (৩৫) বুলি চিনাক্ত কৰিছে। তেওঁ কণ্ট্ৰল ৰুমলৈ ফোন কৰি কৈছিল, “আজি দুপৰীয়া ২ বজাত মুম্বাই বিমানবন্দৰ উৰুৱাই দিম।” আৰক্ষীৰ মতে, অভিযুক্তজন উত্তৰ প্ৰদেশৰ আৰু বৰ্তমান মুম্বাইৰ আন্ধেৰী ইষ্ট অঞ্চলৰ ছাকিনাকাত বাস কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে। পিছে বোমা বিস্ফোৰণৰ ভাবুকিৰ আঁৰৰ সঠিক কাৰণ পোহৰলৈ আনিবলৈ গোচৰটোৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

সূত্ৰ খবৰ অনুসৰি, আন্ধেৰী পূৱৰ ছাকিনাকাৰ নিবাসী মঞ্জিত কুমাৰ গৌতমে পত্নীৰ সৈতে হোৱা কাজিয়াত এই ফোন কৰা বুলি জানিব পৰা গৈছে। নিজৰ হতাশা প্ৰকাশ কৰিবলৈ তেওঁ আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰি ভুৱা ভাবুকি প্ৰদান কৰি বিমানবন্দৰত আতংকৰ সৃষ্টি কৰে।