শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ঘৰৰ ভিতৰত ৪টা মৃতদেহ, প্ৰথমে ৩ কন্যাক ডিঙি চেপি হত্যা! তাৰ পিছত মাতৃয়ে..

এগৰাকী মহিলাই নিজৰ তিনিটা সন্তানক ডিঙি চেপি হত্যা কৰে। ইয়াৰ পিছত তেওঁ নিজে চৰমপন্থা বাচি লয়। মৃত তেজ কুমাৰী (২৯) বাছ চালক বিকাশৰ পত্নী। তেওঁলোকৰ ৭ বছৰীয়া কন্যা গুঞ্জন, দুবছৰীয়া কিট্টু আৰু ৫ মহীয়া কন্যা মীৰাক দুপট্টাৰে ডিঙি চেপি হত্যা কৰে।

ঘৰৰ ভিতৰত ৪টা মৃতদেহ, প্ৰথমে ৩ কন্যাক ডিঙি চেপি হত্যা! তাৰ পিছত মাতৃয়ে..
সন্তানক হত্যা কৰি মাতৃৰ চৰমপন্থা
trishna-kalita
Trishna Kalita | Published: 10 Sep 2025 12:14 PM

উত্তৰ প্ৰদেশৰ বাঘপাট জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। য’ত এগৰাকী মাতৃয়ে ৩ গৰাকী নিৰীহ কন্যাক হত্যা কৰি নিজে চৰমপন্থা বাচি লয়। যাৰ বাবে সমগ্ৰ গাঁওখনতে আলোড়নৰ সৃষ্টি হৈছিল। তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ মৃতদেহ দুটাক জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ইয়াৰ লগতে আৰম্ভ হৈছে গোচৰৰ তদন্ত ।

বাঘপট জিলাৰ ডোঘাট থানা এলেকাৰ টিকৰি গাঁৱত মঙলবাৰে মাজনিশা পাৰিবাৰিক কাজিয়াৰ বাবে এগৰাকী মহিলাই নিজৰ তিনিটা সন্তানক ডিঙি চেপি হত্যা কৰে। ইয়াৰ পিছত তেওঁ চিপ লৈ আত্মহত্যা কৰে। মৃত তেজ কুমাৰী (২৯) বাছ চালক বিকাশৰ পত্নী। তেওঁলোকৰ ৭ বছৰীয়া কন্যা গুঞ্জন, দুবছৰীয়া কিট্টু আৰু ৫ মহীয়া কন্যা মীৰাক দুপট্টাৰে ডিঙি চেপি হত্যা কৰে। ইয়াৰ পিছত তেওঁ নিজৰ জীৱনটো শেষ কৰে।

মহিলাগৰাকীয়ে কিয় ভয়ংকৰ পদক্ষেপ ল’লে?

ঘটনাৰ সময়ত তেওঁৰ স্বামী ঘৰৰ বাহিৰত শুই আছিল। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে পৰিয়ালটোৱে দীৰ্ঘদিন ধৰি আৰ্থিক সংকট আৰু পাৰিবাৰিক বিবাদ আৰু উত্তেজনাৰ সৈতে যুঁজি আছিল। বাঘপটৰ আৰক্ষী অধীক্ষক সুৰজ কুমাৰ ৰায়ে কয় যে, মহিলাগৰাকী আৰু তেওঁৰ স্বামীয়ে বিগত ২৪ ঘণ্টা ধৰি ইজনে সিজনৰ লগত কথাও পতা নাছিল। আটাইতকৈ ডাঙৰ কাৰণটোও পোহৰলৈ আহিল যে তেজ কুমাৰীয়ে নিজৰ কন্যা সন্তানক ভাল শিক্ষা দিব বিচাৰিছিল আৰু চহৰত পঢ়াব বিচাৰিছিল, কিন্তু স্বামীয়ে ইয়াৰ বিৰোধিতা কৰিছিল।

স্বামী-স্ত্ৰীৰ মাজত বিবাদ

এই বিষয়টোক লৈ দুয়োৰে মাজত বিবাদ বাঢ়ি গৈ মানসিক চাপে ভয়ংকৰ ৰূপ ল’লে। আৰক্ষীৰ মতে, প্ৰাথমিক তদন্তত পৰিয়ালৰ বিসংগতি, মানসিক চাপ আৰু আৰ্থিক সংকটকে এই ঘটনাৰ মূল কাৰণ বুলি বিবেচিত হৈছে। ফৰেনছিক দলটোৱে স্থানৰ পৰাই সাক্ষ্য সংগ্ৰহ কৰিছে। পঞ্চনামা প্ৰস্তুত কৰি মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। আৰক্ষীয়ে আশে-পাশে থকা লোকসকলক সোধা-পোছা কৰিছে যাতে বিষয়টোৰ তদন্ত কৰিব পৰা যায়।

দীৰ্ঘদিন ধৰি পৰিয়ালটো সমস্যাৰ সন্মুখীন হোৱা বুলি জানিবলৈ দিয়ে গাঁওবাসীয়ে। এতিয়া এই মৰ্মান্তিক ঘটনাই কঁপাই তুলিছে সমগ্ৰ অঞ্চলটো। বাঘপটৰ আৰক্ষী অধীক্ষক  সুৰজ কুমাৰ ৰায়ে কয় যে, আৰক্ষীয়ে প্ৰতিটো দিশৰ তদন্ত কৰি আছে আৰু দোষীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।