প্ৰায় দুঘণ্টাৰ বাবে বন্ধ কৰি দিয়া হ’ল ৰে’লৰ চলাচল, ৰে’ল পথতে সন্তান জন্ম দিলে এগৰাকী মাতৃয়ে
পুৱা তেতিয়া ঠিক ৩ মান বাজিছে। ঝাৰখণ্ডৰ বৰককনা আৰু হাজাৰিবাগ ষ্টেচনৰ মাজত ৰে'লপথত ৰৈ আছিল এজনী হাতী। সিফালৰ পৰা আহি আছিল এখন মালবাহী ট্ৰেইন। তাৰ পাছত ঘটিল এই ঘটনা-

বনাঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা ৰে’ল পথত সচৰাচৰ দেখা যায় এটা বিশেষ দৃশ্য। ৰে’লপথেৰে হাতী পাৰ হৈ যোৱা দৃশ্যৰ কথা কৈছোঁ। ৰে’লৰ খুন্দাত বন্য হস্তীৰ মৃত্যুৰ খবৰ বহুসময়ত পোৱা যায়, কেতিয়াবা কিন্তু ৰে’লচালকৰ বিচক্ষণতাৰ বাবে বন্যহস্তীৰ প্ৰাণ ৰক্ষাও পৰে। শেহতীয়াকৈ ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা গ’ল এক বিৰল দৃশ্য।
ঘটনাটো প্ৰায় দুসপ্তাহ পূৰ্বৰ। পুৱা তেতিয়া ঠিক ৩ মান বাজিছে। ঝাৰখণ্ডৰ বৰককনা আৰু হাজাৰিবাগ ষ্টেচনৰ মাজত ৰে’লপথত ৰৈ আছিল এজনী হাতী। সিফালৰ পৰা আহি আছিল এখন মালবাহী ট্ৰেইন। তেনেতে বনকৰ্মীয়ে ৰে’ল বিভাগৰ বিষয়াক জনালে ৰে’লপথত হাতীজনীৰ উপস্থিতিৰ কথা। মালবাহী ৰে’লখন ৰখাবলৈও অনুৰোধ জনালে বনকৰ্মীয়ে। নিৰ্দিষ্ট দূৰত্বত ৰৈ গ’ল ট্ৰেইনখন।
Beyond the news of human-animal conflicts, happy to share this example of human-animal harmonious existence.
A train in Jharkhand waited for two hours as an elephant delivered her calf. The 📹 shows how the two later walked on happily.
Following a whole-of government approach,… pic.twitter.com/BloyChwHq0
— Bhupender Yadav (@byadavbjp) July 9, 2025
জানিবপৰা গ’ল যে হাতীজনী গৰ্ভৱতী আছিল আৰু পোৱালি জন্ম দিবলৈ ওলাইছিল। প্ৰসৱ বেদনাত ৰেলপথতে শুই আছিল হাতীজনী। প্ৰায় দুঘণ্টা ধৰি ৰে’লখন ৰখাই থোৱা হয় সেই স্থানত।
ৰামগড়ৰ সংমণ্ডলৰ বন বিষয়া নীতিশ কুমাৰে কয়, “এজন বনৰক্ষীয়ে ৰে’লপথত এজী গৰ্ভৱতী হাতী পৰি থকা বুলি অৱগত কৰে। প্ৰসৱ বেদনাত চটফটাই থকা হাতীজনী কাটিব পাৰে বুলি শংকাত সেই পথেৰে ৰে’ল চলাচল বন্ধ কৰিবলৈ কোৱা হয়। মই লগে লগে ৰে’ল নিয়ন্ত্ৰণ কক্ষক অৱগত কৰি সকলো ৰে’লৰ চলাচল বন্ধ কৰিবলৈ ক’লোঁ।”
কিছু সময়ৰ পাছতে হাতীজনীয়ে সন্তান জন্ম দিলে। পোৱালিটোৰ সৈতে মাকে হাবিত প্ৰৱেশ কৰাৰ পিছতহে ৰে’ল সেৱা স্বাভাৱিক হৈ পৰে। প্ৰায় দুঘণ্টা ধৰি ৰে’ল সেৱা বন্ধ কৰি দিয়া হয় সেই পথত।