শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কোঠাৰ ভিতৰত ৫৫ বছৰীয়া মাতৃ আৰু প্ৰেমিক! পুত্ৰই সংঘটিত কৰিলে গাৰ নোম শিয়ৰি উঠা কাণ্ড…

এক ভয়ংকৰ কাণ্ডই গাৰ নোম শিয়ৰাই তুলিব আপোনাৰ। জানিব পৰা মতে, পুত্ৰই মাতৃ আৰু তেওঁৰ প্ৰেমিকক হত্যা কৰি মৃতদেহ গাড়ীত ভৰাই আৰক্ষী থানাত উপস্থিত হয়। এই কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কোঠাৰ ভিতৰত ৫৫ বছৰীয়া মাতৃ আৰু প্ৰেমিক! পুত্ৰই সংঘটিত কৰিলে গাৰ নোম শিয়ৰি উঠা কাণ্ড…
প্ৰতীকী ফটোImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 28 Nov 2025 15:00 PM

এক ভয়ংকৰ কাণ্ডই জোকাৰি গৈছে এটা অঞ্চল। জানিব পৰা মতে, এজন পুত্ৰই মাতৃ আৰু তেওঁৰ প্ৰেমিকক ডিঙি চেপি হত্যা কৰে আৰু পাছত মৃতদেহ গাড়ীত ভৰাই থানাত উপস্থিত হয়। পাছত লগে লগে আৰক্ষীয়ে যুৱকজনক আটক কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। এই কাণ্ড সংঘটিত হৈছে হাৰিয়ানাৰ ছিৰছা জিলাত। নিহত মহিলাগৰাকী ৫৫ বছৰীয়া আৰু নিহত লোকজন লেখৰাজ বুলি চিনাক্ত হৈছে।

১৫ বছৰ প্ৰেমৰ সম্পৰ্ক

জানিব পৰা মতে, মৃত মহিলাগৰাকীৰ যোৱা ১৫ বছৰ ধৰি চুবুৰীয়া লেখৰাজৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। পৰিয়ালৰ লোকে তেওঁক বাৰে বাৰে বুজাইছিল যদিও সম্পৰ্ক এৰা নাছিল। দুয়োৰে এই অবৈধ প্ৰেমক লৈ পৰিয়ালটোত প্ৰায় প্ৰতিদিনে কাজিয়া লাগিছিল। কিন্তু মহিলাগৰাকীয়ে কোনো পধ্যেই কাৰো কথা বুজিব বিচৰা নাছিল।

ইয়াৰ মাজতে বৃহস্পতিবাৰ (২৭ নৱেম্বৰ)য়ে নিশা লেখৰাজ নামৰ লোকজন মহিলাগৰাকীৰ ঘৰত উপস্থিত হয়। ইফালে এই কথা মহিলাগৰাকীৰ পুত্ৰ ৰাজকুমাৰে গম পোৱাৰ পাছতে ক্ষোভিত হৈ ৰঙা গামোচাৰে দুয়োৰে ডিঙি চেপি হত্যা কৰে। এই ঘটনাৰ সময়ত ৰাজকুমাৰৰ পত্নী আৰু ৩ সন্তান ঘৰতে আছিল।

পৰিয়ালৰ লোকে জনোৱা মতে, লেখৰাজক ঘৰত দেখাৰ লগে লগে ৰাজকুমাৰ ক্ষোভিত হৈ পৰিছিল আৰু কাজিয়া কৰিছিল। এই কাজিয়াৰ পৰিণতিতে দুয়োকে ৰাজকুমাৰে হত্যা কৰে আৰু পাছত মৃতদেহ গাড়ীত ভৰাই আৰক্ষী থানাত উপস্থিত হয়। লগে লগে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। লগতে আটক কৰে মহিলাগৰাকীৰ পুত্ৰ ৰাজকুমাৰক। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

অন্য খবৰ পঢ়কঃ গৈ আছিল আত্মীয়ৰ অন্ত্যেষ্টিক্ৰিয়াত! বাহনৰ ওপৰত বাগৰি পৰিল ডাম্পাৰ, থিতাতে নিহত একেটা পৰিয়ালৰ ৭জন…