শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Morning News: পলকতে পঢ়ক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰত…

দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

Morning News: পলকতে পঢ়ক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰত…
পুৱাৰ শীৰ্ষ খবৰ
manas-borah
Manas Borah | Updated On: 14 Jul 2025 07:12 AM

আজি ১৪ জুলাই ২০২৫,  সোমবাৰ। প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

পুৱাৰ শীৰ্ষ খবৰ

  1. ৰতৰ বতৰ বিজ্ঞান বিভাগে অসমৰ লগতে উত্তৰ-পূবৰ অন্যান্য ৰাজ্যসমূহৰ বাবে পাঁচদিনীয়া বিশদ বতৰ সতৰ্কবাণী জাৰি কৰি আগন্তুক সপ্তাহটোৰ ভিতৰত মধ্যমীয়াৰ পৰা প্ৰচণ্ড বৰষুণ, ধুমুহা, আৰু বজ্ৰপাতৰ ভৱিষ্যতবাণী প্ৰকাশ কৰিছে। দেওবাৰে গুৱাহাটীস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা এই জাননীত বিশেষকৈ বান আৰু ভূমিস্খলনৰ আশংকা থকা অঞ্চলসমূহত জনসাধাৰণৰ সজাগতা বৃদ্ধিৰ আহ্বান জনাইছে।
  2. ম্যানমাৰস্থিত আলফা (স্বা)ৰ শিবিৰত ভয়ংকৰ ড্ৰ’ণ আৰু মিছাইল আক্ৰমণ। ১৩ জুলাইত এক প্ৰেছ বিবৃতিযোগে আলফা (স্বা)য়ে দাবী কৰা অনুসৰি নিশাৰ ভাগত ১০০ ৰো অধিক ড্ৰ’ণেৰে সেনাই আক্ৰমণ কৰিছে। য’ত লেফটেনেন্ট জেনেৰেল নয়ন অসমৰ মৃত্যু হয়। ইয়াৰ পাছতেই কৰা আন এক মিছাইল আক্ৰমণত নিহত হয় ব্ৰিগেদিয়াৰ গণেশ অসম আৰু কৰ্ণেল প্ৰদীপ অসম ।
  3. আলফ(স্বা)ৰ শিবিৰত হোৱাৰ আক্ৰমণেৰে অসম আৰক্ষী জড়িত নাই বুলি দাবী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, “অসম আৰক্ষী এই ক্ষেত্ৰত জড়িত নহয়। অসমৰ মাটিৰ পৰা কোনো আক্ৰমণ সংঘটিত হোৱা নাই। বিষয়টোত অধিক তথ্যৰ প্ৰয়োজন আছে। পৰৱৰ্তী সময়ত এই স্পষ্ট হ’ব।”
  4. কংগ্ৰেছৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীৰ বাবে নিৰ্মাণ কৰা সভাগৃহ পৰিদৰ্শন প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। অহা ১৬ জুলাইত কামৰূপ জিলাৰ বকো- ছয়গাওঁ সমষ্টিৰ অন্তৰ্গত বনগাঁৱত উপস্থিত হ’ব নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী। এই উপলক্ষে বনগাঁৱৰ শান্তি নিজৰা ক্লাৱত আৰম্ভ হৈছে পূৰ্ণ প্ৰস্তুতি।
  5. ভাৰতৰ অন্যতম প্ৰিয় বন্ধু ৰাছিয়াই পাকিস্তান ষ্টীল মিলছ প্ৰকল্পৰ পুনৰুজ্জীৱিতকৰণ আৰু আধুনিকীকৰণৰ চুক্তিত স্বাক্ষৰ কৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইয়াৰ দ্বাৰা দুয়োখন দেশৰ মাজত সহযোগিতাৰ এক নতুন অধ্যায় আৰম্ভ হ’ব। একাংশৰ মতে, এই চুক্তিৰ ফলত পাকিস্তানৰ অৰ্থনৈতিক দিশটোৱে উন্নতি লাভ কৰিব।