শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কাৰ্বি আংলঙৰ হিংসাত প্ৰাণ হেৰুৱালে দুজনে, পঢ়ক পুৱাৰ মুখ্য খবৰ…

আজি ২৪ ডিচেম্বৰ, বুধবাৰ। দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

কাৰ্বি আংলঙৰ হিংসাত প্ৰাণ হেৰুৱালে দুজনে, পঢ়ক পুৱাৰ মুখ্য খবৰ…
manas-borah
Manas Borah | Updated On: 24 Dec 2025 08:02 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

পুৱাৰ মুখ্য খবৰ

  1. পশ্চিম কাৰ্বি আংলং জিলাত নতুনকৈ হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ ফলত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে ৩৮ জন আৰক্ষীকে ধৰি কমেও ৪৫ জন লোক আহত হোৱা বুলি বিষয়াসকলে জানিবলৈ দিয়ে। নিৰাপত্তা বাহিনীয়ে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ লাঠিচাৰ্জ আৰু কন্দুৱা গেছৰ গুলী চলাবলগীয়া হয়।
  2. পশ্চিম কাৰ্বি আংলঙৰ শেহতীয়াৰ পৰিস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে। চৰকাৰে আশংকা প্ৰকাশ কৰিছে যে, ছ’চিয়েল মিডিয়া আৰু ইণ্টাৰনেটৰ সহায়ত অধিক উচতনিমূলক বাৰ্তা, উৰাবাতৰি আদি বিয়পাব পাৰে যিয়ে পৰিস্থিতি আৰু অধিক ভয়াৱহ কৰি তুলিব পাৰে। এই সময়ছোৱাত ভইচ কল আৰু ফিক্সড টেলিফোন লাইনৰ ওপৰত ভিত্তি কৰি ব্ৰডবেণ্ড সংযোগ কাৰ্যক্ষম হৈ থাকিব।
  3. কামৰূপ জিলাত মঙলবাৰে বাংলাদেশত হিন্দু যুৱকৰ অত্যাচাৰ কৰাৰ সমৰ্থনত ছ’চিয়েল মিডিয়াত পোষ্ট কৰা এজন লোকক গ্ৰেপ্তাৰ কৰা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ৰাষ্ট্ৰীয় বজৰংগ দল আৰু আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ বজৰং দলে দাখিল কৰা এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় লোকজনক।
  4. আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে হাৰিয়ানাৰ পঞ্চকুলা ভ্ৰমণ কৰিব। তেওঁ কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে ৰাষ্ট্ৰীয় সমবায় সন্মিলনত ভাষণ দিব।
  5. বিচিচিআইয়ে মহিলা ঘৰুৱা ক্ৰিকেটাৰৰ মেচ মাচুল বহু পৰিমাণে বৃদ্ধি কৰিছে। ছিনিয়ৰ মাল্টি ডে আৰু এদিনীয়াৰ বাবে প্ৰতিদিনে ৫০ হাজাৰ টকা লাভ কৰাৰ বিপৰীতে টি-২০ মেচত ২৫ হাজাৰ টকা লাভ কৰিব।
  6. ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০২৬ চনৰ বেংক ছুটীৰ কেলেণ্ডাৰ প্ৰকাশ কৰিছে। এই অনুসৰি ২০২৬ চনৰ জানুৱাৰী মাহত বিভিন্ন ৰাজ্যত মুঠ ১৬ দিনৰ বাবে বেংক বন্ধ থাকিব।অৱশ্যে এই তালিকা বিশেষ ৰাজ্যৰ বাবে। সমগ্ৰ দেশতে একেলগে ১৬ দিন বন্ধ নহয় বেংক। ইয়াৰ ভিতৰত দ্বিতীয় আৰু চতুৰ্থ শনিবাৰৰ ছয় দিন আৰু চাৰিটা দেওবাৰ। বাকী বন্ধৰ দিনবোৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক উৎসৱ যেনে নৱবৰ্ষ, স্বামী বিবেকানন্দ জয়ন্তী, বিহু, মকৰ সংক্ৰান্তি, নেতাজী সুভাষ চন্দ্ৰ বসু জয়ন্তী, আৰু গণৰাজ্য দিৱসৰ বাবে হ’ব।
  7. তুৰস্কত ভয়ংকৰ বিমান দুৰ্ঘটনা। দুৰ্ঘটনাত লিবিয়াৰ সামৰিক প্ৰধান মহম্মদ আলী আহমেদ আল হাদ্দাদকে ধৰি ৮ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে। দুৰ্ঘটনাৰ পিছতে আংকাৰা বিমানবন্দৰ সাময়িকভাৱে বন্ধ কৰি দিয়া হয় আৰু কেইবাখনো বিমান ডাইভাৰ্ট কৰা হয়।