শুভ্ৰ বৰফৰ আঁৰ লৈ কাশ্মীৰ আক্ৰমণৰ পৰিকল্পনা পাক সন্ত্ৰাসবাদীৰ, সষ্টম ভাৰতীয় সেনা
চোৰাংচোৱা সূত্ৰৰ মতে, জম্মুৰ কিষ্টৱাৰ আৰু ডোডোৰ ওখ আৰু মজলীয়া পাহাৰীয়া অঞ্চলত আত্মগোপন কৰিছে পাকিস্তানী সন্ত্ৰাসবাদীয়ে। সাধাৰণ মানুহ এই অঞ্চলবোৰলৈ বেছিকৈ নাযায়। গতিকে তাৰ পৰাই সন্ত্ৰাসবাদী অভিযান সফল কৰাৰ পৰিকল্পনা কৰিছে এই গোটে। অৱশ্যে পাহাৰৰ পৰা নামিব পৰা নাই। কাৰণ, উপত্যকাত অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত হৈ আছে ভাৰতীয় সেনা।
ই যেন এক ৰক্তবীজ, গজি উঠিছে কবৰৰ পৰা। অপাৰেশ্যন সেন্দূৰ, তচনচ হৈছিল লস্কৰ-ই-তৈবা আৰু জইছ-ই-মহম্মদৰ ইটোৰ পিছত সিটো ঘাটি। ধাৰণা কৰা হৈছিল যে এই আক্ৰমণ কেতিয়াও পাহৰি নাযায় পাক সন্ত্ৰাসবাদীয়ে। কিন্তু তাৰ পাছতেই দিল্লী বিস্ফোৰণে সলনি কৰিলে ছবিখন। শ্ৰীনগৰত যে অতি সংগোপনে পুনৰ সন্ত্ৰাসৰ বীজ ৰোপন কৰা হৈছে, সেয়া পৰিস্কাৰ হৈ পৰিল স্ফটিকৰ দৰেই।
ইতিমধ্যে দেশৰ আভ্যন্তৰীণ চোৰাংচোৱা বিভাগে সকীয়াই দিছে দেশৰ সেনা প্ৰধানসকলক। তেওঁলোকে আশংকা কৰিছে যে শীতকালত এক বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰা হৈছে জম্মু-কাশ্মীৰত। এই পৰিকল্পনা সফল কৰাৰ উদ্দেশ্যে সক্ৰিয়ভাৱে কাম কৰি আছে ৩০ টা পাকিস্তানী সন্ত্ৰাসবাদীয়ে। ইয়াক প্ৰতিৰোধৰ বাবে প্ৰতিকূল বতৰকো নেওচি অভিযান আৰম্ভ কৰিছে ভাৰতীয় সেনাই। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদন অনুসৰি এই অভিযান আৰম্ভ হোৱাৰ লগে লগে তীব্ৰ চাপ বৃদ্ধি পাইছে পাকিস্তানী সন্ত্ৰাসবাদীৰ ওপৰত। যেন এটা কোণলৈ ঠেলি লৈ যোৱা হৈছে পাক সন্ত্ৰাসবাদীৰ গোটক।
চোৰাংচোৱা সূত্ৰৰ মতে, জম্মুৰ কিষ্টৱাৰ আৰু ডোডোৰ ওখ আৰু মজলীয়া পাহাৰীয়া অঞ্চলত আত্মগোপন কৰিছে পাকিস্তানী সন্ত্ৰাসবাদীয়ে। সাধাৰণ মানুহ এই অঞ্চলবোৰলৈ বেছিকৈ নাযায়। গতিকে তাৰ পৰাই সন্ত্ৰাসবাদী অভিযান সফল কৰাৰ পৰিকল্পনা কৰিছে এই গোটে। অৱশ্যে পাহাৰৰ পৰা নামিব পৰা নাই। কাৰণ, উপত্যকাত অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত হৈ আছে ভাৰতীয় সেনা।
মাজে মাজে ফ্ৰীজিং পইণ্টৰ তললৈ নামি আহিছে কাশ্মীৰৰ তাপমাত্ৰা। সমগ্ৰ উপত্যকা বগা বৰফেৰে আবৃত। আৰু দেখিবৈ অতি মনোমোহা হৈ পৰিছে। কিন্তু এই ‘শুভ্ৰ তুষাৰৰ’ৰ আঁৰ লৈ সন্ত্ৰাসবাদ বিয়পোৱাৰ পৰিকল্পনা কৰিছে পাকিস্তানী সন্ত্ৰাসবাদীয়ে। অভিযান অব্যাহত আছে যদিও প্ৰতিকূল পৰিৱেশৰ বাবে সন্ত্ৰাসবাদীক হাতে-লোটে ধৰা বা নিৰ্মূল কৰাটো সম্ভৱ হৈ উঠা নাই। কিন্তু সমগ্ৰ অঞ্চলত তীক্ষ্ণ দৃষ্টি ৰাখিছে ভাৰতীয় সেনাই।