শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Bihar Election Results 2025: বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথমটো জয়ৰ হাঁহি মাৰিলে কাৰাবন্দী অনন্ত সিঙে !

বিহাৰ বিধানসভা নিৰ্বাচনৰ অন্যতম চৰ্চিত সমষ্টি মকামা বিধানসভাৰ আসনত অনন্ত সিঙে পুনৰবাৰ বিজয়ী হৈ বাতৰিৰ শিৰোনাম দখল কৰিছে। দুলাৰচন্দ যাদৱ হত্যাকাণ্ডৰ গোচৰত কাৰাগাৰত কটাবলগীয়া হোৱাৰ পাছতো তেওঁ প্ৰায় ২৯ হাজাৰ ভোটত জয়লাভ কৰা প্ৰায় নিশ্চিত হৈছে।

Bihar Election Results 2025: বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথমটো জয়ৰ হাঁহি মাৰিলে কাৰাবন্দী অনন্ত সিঙে !
manas-borah
Manas Borah | Published: 14 Nov 2025 17:40 PM

বিহাৰ বিধানসভা নিৰ্বাচনত আকৰ্ষণীয় জয়ৰ দিশে আগবাঢ়িছে এন ডি এ। এতিয়ালৈকে পোৱা ফলাফলত এন ডি এৰ ২০০-২০১ আসনত জয়ৰ ইংগিত পোৱা গৈছে। বিহাৰ বিধানসভা নিৰ্বাচনৰ অন্যতম চৰ্চিত সমষ্টি মকামা বিধানসভাৰ আসনত অনন্ত সিঙে পুনৰবাৰ বিজয়ী হৈ বাতৰিৰ শিৰোনাম দখল কৰিছে। দুলাৰচন্দ যাদৱ হত্যাকাণ্ডৰ গোচৰত কাৰাগাৰত কটাবলগীয়া হোৱাৰ পাছতো তেওঁ প্ৰায় ২৯ হাজাৰ ভোটত জয়লাভ কৰাটো প্ৰায় নিশ্চিত হৈছে।

অৱশ্যে আনুষ্ঠানিক ঘোষণা বাকী আছে। অনন্ত সিঙে জেডিইউৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু হত্যাকাণ্ডৰ গোচৰত তেওঁৰ নাম প্ৰকাশ পোৱাৰ পিছতে ভোটদানৰ ঠিক পূৰ্বেই তেওঁ কাৰাবন্দী হৈছিল। অৱশ্যে এই জয়েৰে অনন্ত সিঙে এটা কথা প্রমাণ কৰিছে যে, তেওঁ জেলত হওক বা বাহিৰত হওক, মকামা সমষ্টি তেওঁৰ দখলত থাকিব।

দ্বিতীয় স্থানত বীনা দেৱী

মকামা আসনৰ নিৰ্বাচনত আৰজেডিয়ে শক্তিশালী সূৰজ ভান সিঙৰ পত্নী বীনা দেৱীক প্ৰক্ষেপ কৰাৰ বিপৰীতে প্ৰশান্ত কিশোৰৰ জন সূৰজ পাৰ্টিয়ে প্ৰিয়দৰ্শী পীয়ুষক প্ৰক্ষেপ কৰে। অনন্ত সিঙৰ ধুমুহাই উটুৱাই লৈ গ’ল আন প্ৰাৰ্থীসকলক। জেললৈ যোৱাৰ সময়ত অনন্ত সিঙে কৈছিল যে, এতিয়া মকামাৰ জনসাধাৰণে নিৰ্বাচনত যুঁজিব।

বিহাৰৰ ৰাজনীতিত অনন্ত সিঙৰ আচৰণ সকলোৱে জানে। তেওঁ মুকলিকৈ কথা কয় আৰু নিজৰ ইচ্ছামতে কাম কৰে। এই কাৰণেই অনন্ত সিং এই নিৰ্বাচনত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থাকিল। আনকি নিৰ্বাচনৰ দিন ঘোষণাৰ পিছত মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সময়তো অনন্ত সিং আগস্থানত আছিল। তেওঁ প্ৰথমে জেডিইউৰ হৈ মনোনয়ন দাখিল কৰিছিল আৰু এতিয়া প্ৰথমেই জয়ী হৈছে।

ভোটগণনাৰ পূৰ্বে উদযাপনৰ প্ৰস্তুতি আৰম্ভ

অনন্ত সিঙৰ ৰাজনৈতিক প্ৰভাৱ এইখিনিৰ পৰাই অনুমান কৰিব পাৰি যে , মকামাত অনন্ত সিঙৰ বিজয়ৰ উদযাপনৰ প্ৰস্তুতি ভোটগণনাৰ কেইবাদিনো আগতেই আৰম্ভ হৈছিল। মকামাত প্ৰায় ৫০ হাজাৰ লোকৰ বাবে খাদ্যৰ ব্যৱস্থা কৰিছিল। বিজয়ৰ খবৰ পোৱাৰ লগে লগে তেওঁৰ বাসগৃহত সমৰ্থকে ভিৰ কৰিছে।

মকামাত উদযাপনৰ পৰিৱেশ, অনন্ত সিঙৰ ঘৰত ভোজ

ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে মকামাত বিজয় উদযাপনৰ কিছু ফটো। ৰান্ধনীসকল তেওঁৰ বাসগৃহত খাদ্য প্ৰস্তুত কৰাত ব্যস্ত। দেখা গৈছিল পুৱাৰে পৰা অনন্ত সিঙৰ সমৰ্থকসকলে বাসগৃহত উপস্থিত হৈছিল। বিজয় নিশ্চিত হোৱাৰ লগে লগে তেওঁলোকে এতিয়া কেৱল তেওঁলোকৰ নেতাৰ বাবে অপেক্ষা কৰি আছে, যিজন বৰ্তমান বেউৰ কাৰাগাৰত কাৰাবন্দী হৈ আছে।