শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Modi Visits Maldives: প্ৰধানমন্ত্ৰী মোদীৰ মালদ্বীপ ভ্ৰমণ, মিছন মালদ্বীপ এক কূটনৈতি বিজয়ৰ ইতিকথা

Modi Visits Maldives: প্ৰধানমন্ত্ৰী মোদীৰ কৌশলগত কূটনীতিৰ বাবেই ভাৰতে মালদ্বীপৰ নতুন নেতৃত্বক ভাৰতৰ গুৰুত্ব আৰু আস্থা উপলব্ধি কৰাইছিল। মুইজুৱে এইটোও উপলব্ধি কৰিছিল যে চীনৰ তুলনাত ভাৰত কেৱল অধিক বিশ্বাসযোগ্যই নহয়, সংকটৰ সময়তো প্ৰকৃত মিত্ৰও।

Modi Visits Maldives: প্ৰধানমন্ত্ৰী মোদীৰ মালদ্বীপ ভ্ৰমণ, মিছন মালদ্বীপ এক কূটনৈতি বিজয়ৰ ইতিকথা
মালদ্বীপ ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদীImage Credit source: Tv9 Bharatvarsh
raj-saikia
Raj Saikia | Published: 23 Jul 2025 16:45 PM

আজি ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই ভ্ৰমণে ভাৰতৰ বিশ্বব্যাপী কৌশলগত স্থিতি শক্তিশালী কৰাই নহয়, মালদ্বীপলৈ কূটনৈতিক বাৰ্তাও প্ৰেৰণ কৰিব, যিটো মিছন মালদ্বীপ হিচাপে স্মৰণ কৰা হ’ব।

বিশেষ কথাটো হ’ল মালদ্বীপৰ ৰাষ্ট্ৰপতি মুইজুৰ কাৰ্যকালত বিদেশ ভ্ৰমণলৈ যোৱা প্ৰথমজন বিদেশী নেতা হ’ব প্ৰধানমন্ত্ৰী মোদী। মালদ্বীপৰ ৬০ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীতো মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

মালদ্বীপ আৰু ভাৰতৰ বন্ধুত্বক দক্ষিণ এছিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ কৌশলগত অংশীদাৰিত্ব হিচাপে গণ্য কৰা হয়। দুবছৰ আগতে এই সম্পৰ্কত তিক্ততা আৰম্ভ হৈছিল। এই তিক্ততা অনা মানুহজন আছিল মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজু, যিয়ে দেশত ক্ষমতা অৰ্জন কৰিবলৈ ‘ইণ্ডিয়া আউট’ৰ শ্লোগান দিছিল।

সেই সময়ত বহু বিশেষজ্ঞই নতুন দিল্লীয়ে নিজৰ ঘনিষ্ঠ সামুদ্ৰিক অংশীদাৰ হেৰুৱালে বুলি ভাবিছিল। কোনো কোনোৱে ভাৰতৰ বাবে ইয়াক বিপৰ্যয় বুলি অভিহিত কৰিছিল, আনহাতে একাংশই অংশীদাৰিত্বৰ ভৱিষ্যতক লৈ উদ্বেগ প্ৰকাশ কৰিছিল যদিও ইয়াৰ বিপৰীতহে ঘটিছিল।

প্ৰধানমন্ত্ৰী মোদীৰ কৌশলগত কূটনীতিৰ বাবেই ভাৰতে মালদ্বীপৰ নতুন নেতৃত্বক ভাৰতৰ গুৰুত্ব আৰু আস্থা উপলব্ধি কৰাইছিল। মুইজুৱে এইটোও উপলব্ধি কৰিছিল যে চীনৰ তুলনাত ভাৰত কেৱল অধিক বিশ্বাসযোগ্যই নহয়, সংকটৰ সময়তো প্ৰকৃত মিত্ৰও।

ভাৰতে সমীকৰণ কেনেকৈ সলনি কৰিলে?

  • আৰ্থিক সাহায্য: ভাৰতে ২০২৪ চনত মালদ্বীপক ৪০ কোটি ডলাৰৰ অৰ্থনৈতিক সাহায্য আৰু ৩০০০ কোটি টকাৰ মুদ্ৰা বিনিময়ৰ সুবিধা প্ৰদান কৰিছিল।
  • প্ৰতিৰক্ষা সহযোগিতা: ভাৰতে নৌসেনাৰ সঁজুলি, প্ৰশিক্ষণ আৰু বিমান সেৱা ৰক্ষণাবেক্ষণ কৰিছিল।
  • উন্নয়ন সহযোগিতা: ২০২৫ চনত ভাৰতে ১০ কোটি এমভিআৰৰ সহায়ত মালদ্বীপলৈ ফেৰী সেৱা সম্প্ৰসাৰণ কৰে।
  • ৰাজনৈতিক আলোচনা: ২০২৫ চনৰ জানুৱাৰী আৰু মে’ মাহত নতুন দিল্লী আৰু পুৰুছত উচ্চ পৰ্যায়ৰ মূল গোটৰ (এইচএলচিজি) বৈঠক অনুষ্ঠিত হৈছিল।

মালদ্বীপলৈ মোদীৰ এয়া তৃতীয়টো ভ্ৰমণ

তৃতীয়বাৰৰ বাবে মালদ্বীপ ভ্ৰমণ কৰিবলৈ ওলাইছে প্ৰধানমন্ত্ৰী মোদীয়ে, ২০১৮ চনত প্ৰথমে ৰাষ্ট্ৰপতি ছলিহৰ শপতগ্ৰহণ অনুষ্ঠানলৈ গৈছিল নৰেন্দ্ৰ মোদী। ইয়াৰ পিছত ২০১৯ চনত প্ৰধানমন্ত্ৰী মোদীয়ে মালদ্বীপলৈ দ্বিতীয়বাৰ ভ্ৰমণ কৰিছিল। এতিয়া ৰাষ্ট্ৰপতি মুইজুৰ আমন্ত্ৰণত মোদীয়ে মালদ্বীপ ভ্ৰমণ কৰিছে, তেওঁ তাত মালদ্বীপৰ স্বাধীনতাৰ ৬০ বছৰীয়া জয়ন্তীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।

ভাৰত আৰু মালদ্বীপৰ মাজৰ সম্পৰ্ক

ৰাষ্ট্ৰপতি মুইজুৱে তেওঁৰ কাৰ্যকালত প্ৰধানমন্ত্ৰী মোদীক প্ৰথম বিদেশী ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰী হিচাপে আমন্ত্ৰণ জনাইছিল, ইয়াৰ পৰাই বুজা যায় যে ভাৰত আৰু মালদ্বীপৰ মাজৰ সম্পৰ্ক এতিয়া কিমান শক্তিশালী। ইয়াৰ পূৰ্বে ২০২৪ চনৰ অক্টোবৰ মাহত মুইজুৰ ভাৰত ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ মাজত সৰ্বাংগীন অৰ্থনৈতিক আৰু সামুদ্ৰিক সুৰক্ষা অংশীদাৰিত্বৰ কথা ঘোষণা কৰা হৈছিল।

চলিত বৰ্ষৰ আৰম্ভণিতে দুয়োখন দেশৰ মাজত ১৩টা নতুন বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছিল, য’ত ফেৰী সেৱা সম্প্ৰসাৰণৰ কথা ঘোষণা কৰা হৈছে। প্ৰতিৰক্ষা আৰু সামুদ্ৰিক সহযোগিতাৰ ক্ষেত্ৰত ভাৰত মালদ্বীপৰ আটাইতকৈ বিশ্বাসযোগ্য অংশীদাৰ হিচাপে বিবেচিত হৈছে। যোৱা বছৰ দুয়োখন দেশৰ মাজত বাণিজ্যৰ মূল্য আছিল ৫৪৮ মিলিয়ন ডলাৰতকৈও অধিক।

কিয় গুৰুত্বপূৰ্ণ প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ

  •  ভাৰত-মালদ্বীপৰ সম্পৰ্কত স্থিতিশীলতা আৰু বিশ্বাস পুনৰুদ্ধাৰ।
  •  ৰাষ্ট্ৰপতি মইজুৱে ৰাজহুৱা মঞ্চত মুখ্য অতিথি হিচাপে প্ৰধানমন্ত্ৰী মোদীক আমন্ত্ৰণ কৰাটো ভাৰতৰ বাবে এক কৌশলগত জয়।
  •  চীনলৈ এটা বাৰ্তা যে দক্ষিণ এছিয়াত ভাৰতৰ কূটনীতি এতিয়াও ফলপ্ৰসূ আৰু নিৰ্ণায়ক।

গোপনে লিখা কূটনৈতিক বিজয়ৰ চিত্ৰনাট্য

মিছন মালদ্বীপ কেৱল ভ্ৰমণ নহয়, বৰঞ্চ এক কৌশলগত আলোচনা, য’ত ভাৰতে নীৰৱে মালদ্বীপক নিজৰ কৌশলগত কক্ষপথলৈ ঘূৰাই আনিলে। প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে নিশ্চিত কৰিছে যে ভাৰত এতিয়াও অঞ্চলটোৰ কূটনৈতিক অংশীদাৰ আৰু এই অংশীদাৰ শক্তিশালীভাৱে আগবাঢ়িছে।