ধোঁৱাচাঙত নাৰী সুৰক্ষাঃ এইবাৰ আত্মৰক্ষাৰ শিক্ষা দিয়া শিক্ষকৰ দ্বাৰাই নিৰ্যাতিত হ’ল ১১ বৰ্ষীয় ছাত্ৰী
দিল্লীৰ চুলতানপুৰীত এগৰাকী মাত্ৰ ১১ বৰ্ষীয় ছাত্ৰীক যৌন নিৰ্যাতন কৰাৰ ঘটনা পোহৰলৈ আহিছে। এখন চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত ১১ বৰ্ষীয় ছাত্ৰীগৰাকীক বিদ্যালয়খনত আত্মৰক্ষাৰ শিক্ষা দিয়া শিক্ষক এগৰাকীয়ে অশালীনভাৱে স্পৰ্শ কৰাৰ অভিযোগ উত্থাপন হৈছে।
দেশত ধোঁৱা চাঙত উঠিছে নাৰীৰ সুৰক্ষা। ক্ৰমবৰ্ধিত নাৰীজনিত অপৰাধে দেশৰ নাৰী সুৰক্ষাৰ পয়ালগা দিশটোক উন্মোচিত কৰি তুলিছে। শেহতীয়া কিছু দিন ধৰি প্ৰায় প্ৰতিদিনেই দেশৰ ভিন্ন প্ৰান্তত এনে ধৰ্ষণ তথা যৌন নিৰ্যাতনকে ধৰি নাৰীজনিত অপৰাধ সংঘটিত হোৱাৰ খবৰ প্ৰকাশ পাইছে। তাৰ মাজতে কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজৰ চিকিৎসক এগৰাকীৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাই সমগ্ৰ দেশ তোলপাৰ লগাইছিল। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ দেশজুৰি প্ৰতিবাদ গঢ়ি উঠিছিল যদিও এনে প্ৰতিবাদে বন্ধ কৰিব পৰা নাই ধৰ্ষণ তথা যৌন নিৰ্যাতনৰ ঘটনা।
এইবাৰ খোদ দেশৰ ৰাজধানী অঞ্চলতে সংঘটিত হৈছে শিশু নিৰ্যাতনৰ কথা। দিল্লীৰ চুলতানপুৰীত এগৰাকী মাত্ৰ ১১ বৰ্ষীয় ছাত্ৰীক যৌন নিৰ্যাতন কৰাৰ ঘটনা পোহৰলৈ আহিছে। এখন চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত ১১ বৰ্ষীয় ছাত্ৰীগৰাকীয়ে এগৰাকী শিক্ষকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে। বিদ্যালয়ৰ শিক্ষকজনে অশালীনভাৱে স্পৰ্শ কৰাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰীগৰাকীয়ে।
ছাত্ৰীগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত শিক্ষকজনক। অভিযুক্ত শিক্ষক্জনৰ নাম সতীশ বুলি জানিব পৰা গৈছে। ধৃত সতীশৰ বয়স ৪৫ বছৰ। জানিব পৰা মতে অভিযুক্ত শিক্ষকজন বিদ্যালয়খনৰ নিয়মীয়া শিক্ষক নহয়। বৰঞ্চ এটা বেচৰকাৰী সংস্থাৰ হৈ বিনামূলীয়াকৈ আত্মৰক্ষাৰ শিক্ষা দিয়ে শিক্ষকজনে।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এই ঘটনা সংঘটিত হৈছে চুলতানপুৰীৰ চৰকাৰী সৰ্বোদয় কন্যা বিদ্যালয়ত। দুপৰীয়া প্ৰায় ১২:১২ বজাত এগৰাকী বিদ্যালয়ৰ শিক্ষকে এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ তথ্য লাভ কৰে আৰক্ষীয়ে। অভিযোগ উত্থাপন কৰা ছাত্ৰীগৰাকী বিদ্যালয়খনৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী আছিল। ছাত্ৰীগৰাকীৰ অভিযোগ্ৰ ভিত্তিত স্থানীয় আৰক্ষীয়ে এফআইআৰ পঞ্জীয়ন কৰে।
ছাত্ৰীগৰাকীয়ে অভিযোগ কৰা মতে, আত্মৰক্ষাৰ কৌশল শিকোৱা শিক্ষকজনে ক্লাছৰ সময়ত তেওঁক কেইবাবাৰো অশালীনভাৱে স্পৰ্শ কৰিছিল আৰু তাৰ পিছত আন কোনো লোকৰ সমুখত এই বিষয়ে উল্লেখ নকৰিবলৈয়ো ভাবুকি দিছিল। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বুলি সদৰী কৰিছে।
ইফালে এই ঘটনা সন্দৰ্ভত দিল্লী চৰকাৰে এক বিবৃতি প্ৰকাশ কৰে। শিক্ষামন্ত্ৰী আতিশীয়ে ঘটনা সন্দৰ্ভত শীঘ্ৰে বিস্তৃত আৰু বিশদ তদন্তৰ নিৰ্দেশ দিছে বুলি এই বিবৃতিটোত উল্লেখ কৰা হৈছে। তদন্তৰ পিছত যি তথ্য প্ৰকাশ পাব তাৰ ভিত্তিত দোষীৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰি দিল্লী চৰকাৰে বিবৃতিটোত লগতে সকলো ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা আৰু মংগল সুনিশ্চিত কৰাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও কয়।