শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

প্ৰেমৰ বিবাহ, দুটা বিলাসী শ্ব’ৰুম…মুহূৰ্ততে শেষ হৈ গ’ল কোটিপতি ব্যৱসায়ীৰ ৩ জনীয়া পৰিয়াল

বিয়াৰ পিছত শচীনে ঘৰৰ প্ৰথম মহলালৈ স্থানান্তৰিত হয়। আনহাতে পৰিয়ালৰ বাকীসকলে তলৰ মহলাত থাকে। শচীনৰ ঘৰটোৰ মূল্য কেইবা কোটি টকা।মৃত্যুৰ পূৰ্বে শচীনৰ পত্নীয়ে হোৱাটছএপৰ জৰিয়তে মাতৃলৈ এই ছুইচাইড নোট প্ৰেৰণ কৰিছিল। এই ছুইচাইড নোটত কি লিখা আছে জানো আহক...

প্ৰেমৰ বিবাহ, দুটা বিলাসী শ্ব’ৰুম…মুহূৰ্ততে শেষ হৈ গ’ল কোটিপতি ব্যৱসায়ীৰ ৩ জনীয়া পৰিয়াল
মুহূৰ্ততে শেষ হৈ গ'ল কোটিপতি ব্যৱসায়ীৰ ৩ জনীয়া পৰিয়াল
trishna-kalita
Trishna Kalita | Updated On: 27 Aug 2025 14:12 PM

দেহ, মন শিহৰিত কৰা এটি শোকাৱহ ঘটনা । পত্নী আৰু পুত্ৰৰ সৈতে চৰমপন্থা বাছি ল’লে এগৰাকী ৩৫ বছৰীয়া কোটিপতি ব্যৱসায়ীয়ে । এই খবৰ বিয়পি পৰাৰ লগে লগে মহানগৰীত এক চাঞ্চল্যৰ সৃষ্টি হয়। এই ভয়ংকৰ পদক্ষেপ লোৱাৰ পূৰ্বে ব্যৱসায়ী শচীন গ্ৰ’ভাৰৰ পত্নীয়ে হোৱাটছএপৰ জৰিয়তে মাতৃলৈ ৩৬ পৃষ্ঠাৰ ছুইচাইড নোট প্ৰেৰণ কৰিছিল। আত্মহত্যাৰ কাৰণ এই ছুইচাইড নোটত উল্লেখ কৰা হৈছে। এই গোটেই ঘটনাটো কি, বিতংভাৱে জানি লওঁ আহক…

উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰৰ শ্বাহজাহানপুৰৰ এটা আড়ম্বৰপূৰ্ণ অঞ্চল দুৰ্গা এনক্লেভ। য’ত ৩৫ বছৰীয়া শচীন গ্ৰ’ভাৰে নিজৰ পৰিয়ালৰ সৈতে বাস কৰিছিল। তেওঁক কোটিপতি ব্যৱসায়ীসকলৰ ভিতৰত তেওঁক গণ্য কৰা হৈছিল। কেইবছৰমান আগতে মৃত্যু হৈছিল শচীনৰ পিতৃ বিজয় কুমাৰৰ। শচীনে মাতৃ আৰু দুজন ভাতৃৰ সৈতে ঘৰতে আছিল। ব্যৱসায়ীজনে বাস কৰিছিল ২২০০ বৰ্গফুটৰ এটা দুমহলীয়া ঘৰত। ৮ বছৰ আগতে ঘৰৰ সন্মুখৰে প্ৰেমিকা (৩০) শিৱাংগীৰ লগত তেওঁৰ প্ৰেমৰ বিবাহ হৈছিল।

বিয়াৰ পিছত শচীনে ঘৰৰ প্ৰথম মহলালৈ স্থানান্তৰিত হয়। আনহাতে পৰিয়ালৰ বাকীসকলে তলৰ মহলাত থাকে। শচীনৰ ঘৰটোৰ মূল্য কেইবা কোটি টকা। শচীনৰ দুই ভাতৃ ৰোহিত আৰু গৌৰৱৰো বিয়া হৈছে। শচীনৰ চহৰত পানীপট হেণ্ডলুম নামেৰে দুটা শ্ব’ৰুম আছিল। তেওঁ দুই ভাতৃ হস্ততাঁতৰ ব্যৱসায়ত জড়িত।

বুধবাৰে যেতিয়া শচীনৰ ঘৰৰ পৰা কোনো শব্দ অহা নাছিল, তেতিয়া পৰিয়ালটোৰ মনত সন্দেহৰ সৃষ্টি হ’ল। খিৰিকীৰে চাওঁতে দেখিলে শচীন আৰু শিৱাংগীৰ মৃতদেহ ওলমি আছে। শিৱাংগীৰ মৃতদেহটো শোৱা কোঠাত, আনহাতে স্বামী শচীনৰ মৃতদেহটো ড্ৰয়িং ৰুমত ওলমি আছিল। খৰখেদাকৈ দুৱাৰখন ভাঙি দিয়া হ’ল। আনটো কোঠাত পৰি থকা ৪ বছৰীয়া নিৰীহ ফাতেহৰ মৃতদেহ উদ্ধাৰ কৰে পৰিয়ালটোৱে। তিনিওজনকে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। কিন্তু দুৰ্ভাগ্যবশত চিকিৎসকে তেওঁলোকক মৃত বুলি ঘোষণা কৰিলে।

৩৬ পৃষ্ঠাৰ ছুইচাইড নোটত কি লিখা আছিল

তিনিওজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে এই ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে। তদন্তৰ সময়ত প্ৰকাশ পোৱা তথ্য অনুসৰি মৃত্যুৰ পূৰ্বে শচীনৰ পত্নী শিৱাংগীয়ে মাতৃলৈ হোৱাটছএপত ৩৬ পৃষ্ঠাৰ এখন ছুইচাইড নোট প্ৰেৰণ কৰিছিল। তাত লিখা আছিল – “মোৰ বাবে আপোনালোক চিন্তিত হৈ থাকে। এতিয়া আপোনালোকে শান্তিৰে জীয়াই থাকিব পাৰিব।” ছুইচাইড নোটখনত আৰ্থিক সমস্যা আৰু ঋণৰ কথা কোৱা হৈছে। ঘৰ আৰু গাড়ীৰ ঋণৰ কথা উল্লেখ আছে।

ইফালে ব্যৱসায়ী শচীনৰ বৌয়েক জ্যোতিয়ে কয় – “মঙলবাৰে সন্ধিয়া আমি বজাৰৰ পৰা উভতি আহোঁতে তেওঁলোকে সন্তানৰ সৈতে আনন্দ কৰি আছিল। কোনো ধৰণৰ উত্তেজনাৰ লক্ষণ নাছিল। আনকি মোবাইলৰ চাৰ্জাৰো বিচাৰি নিছিল। কেতিয়া কেনেকৈ আৰু কিয় এই কাম কৰিলে নাজানো? তিনিওজনৰ মৃত্যুত আমি সকলোৱে স্তম্ভিত হৈ পৰিছো।  আটাইতকৈ বেছি শোকস্তব্ধ হৈছে শচীনৰ মাকে। তেওঁ বিশ্বাস কৰিব পৰা নাই যে, তেওঁৰ পুত্ৰ, বোৱাৰী আৰু নাতি আৰু এই পৃথিৱীত নাই।”

লগতে পঢ়ক: ভয়ংকৰ পৰিস্থিতি! ৩০ জনৰ মৃত্যু, ৰাজপথত আৱদ্ধ বহু লোক , বিদ্যালয় বন্ধ ঘোষণা…