শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

MiG-21 Farewell: ৬৩ বছৰীয়া বৰ্ণিল যাত্ৰাৰ অৱসান, ১৯৭১ চনৰ যুদ্ধৰ পৰা অপাৰেচন সেন্দূৰলৈ বায়ুসেনাৰ অন্যতম শক্তি আছিল MiG-21

Retirement of MIG 21: প্ৰায় ছয় দশক সেৱাৰ অন্তত আজি ভাৰতীয় বায়ুসেনাই নিজৰ আইকনিক MIG-21 যুঁজাৰু বিমানখনক অৱসৰ দিয়ে, সেই উপলক্ষে চণ্ডীগড়ত অনুষ্ঠিত হয় এক ডিকমিছনিং অনুষ্ঠান। MIG-21ৰ ডিকমিছনিং অনুষ্ঠানৰ সময়ত ৬৩ বছৰীয়া সেৱাৰ অন্তত বিমানখনক জল কামানৰ চেলুটেৰে সন্মানিত কৰা হয়।

MiG-21 Farewell: ৬৩ বছৰীয়া বৰ্ণিল যাত্ৰাৰ অৱসান, ১৯৭১ চনৰ যুদ্ধৰ পৰা অপাৰেচন সেন্দূৰলৈ বায়ুসেনাৰ অন্যতম শক্তি আছিল MiG-21
MiG 21 অৱসৰImage Credit source: PTI
raj-saikia
Raj Saikia | Published: 26 Sep 2025 14:42 PM

MiG-21, ভাৰতীয় বায়ুসেনাৰ এক অমোঘ শক্তি। আজি আনুষ্ঠানিকভাৱে অৱসৰ দিয়া হ’ল। শুকুৰবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰতৰ কিংবদন্তি যুদ্ধ বিমান MiG-21ক অৱসৰৰ ক্ষণত সন্মান জনায়। ১৯৭১ চনৰ যুদ্ধৰ পৰা আৰম্ভ কৰি কাৰ্গিল সংঘাতলৈকে, বালাকোট বিমান আক্ৰমণৰ পৰা আৰম্ভ কৰি অপাৰেচন সেন্দূৰলৈকে বিভিন্ন যুদ্ধত ইয়াৰ অৱদানৰ কথা মনত পেলাই ভাৰতৰ সশস্ত্ৰ বাহিনীৰ বাবে ইয়াক এক প্ৰচণ্ড শক্তি হিচাপে প্ৰশংসা কৰে সিঙে।

কিংবদন্তি বিমানৰ বহৰখন আনুষ্ঠানিকভাৱে বন্ধ কৰাৰ লগে লগে আজি MiG-21ৰ শেষৰটো ছ’ৰ্টীৰ নেতৃত্ব দিয়ে এয়াৰ চিফ মাৰ্শ্বাল এ পি সিঙে। MiG-21 বিমানখনে তিনিখন বিমানৰ বাদল গঠন কৰি ওলোটা ‘ভি’ আকৃতিত উৰিছিল। ভাৰতীয় বায়ুসেনাৰ সূৰ্য কিৰণ এক্ৰ’বেটিকছ দলৰ BAe Hawk Mk132 বিমানে ডিকমিচনিং অনুষ্ঠানৰ সময়ত কৌশল প্ৰদৰ্শন কৰে।

১৯৬৩ চনত ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্ত হোৱা MiG-21 বিমানে আজি নিজৰ উল্লেখযোগ্য ৬৩ বছৰীয়া সেৱাৰ সামৰণি মাৰে। জল কামানৰ চেলুটৰ পিছত প্ৰতীকী ইংগিতেৰে বায়ুসেনা প্ৰধানে বিমানখনৰ ফৰ্ম ৭০০ লগবুক প্ৰতিৰক্ষা মন্ত্ৰীক গতাই দিয়ে, যাৰ লগে লগে এটা যুগৰ অন্ত পৰে।

চূড়ান্ত ছৰ্টী আৰু ফৰ্ম ৭০০ হস্তান্তৰৰ পিছত ৰাজনাথ সিঙে চণ্ডীগড় বায়ুসেনা চাউনীত ভাষণ দিয়ে। সিঙে কয় যে MiG-21 বিমানে বছৰ বছৰ ধৰি বহু বীৰত্বৰ কামৰ সাক্ষী হৈ আহিছে আৰু একাধিক যুদ্ধ তথা অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

MiG-21ৰ ডিকমিছনিং অনুষ্ঠানত ভাষণ দি ৰাজনাথ সিঙে কয়, “দীৰ্ঘদিন ধৰি MiG-21 অসংখ্য বীৰত্বৰ সাক্ষী হৈ আহিছে। ইয়াৰ অৱদান কেৱল এটা ঘটনা বা এখন যুদ্ধতে সীমাবদ্ধ হৈ থকা নাই। ১৯৭১ চনৰ যুদ্ধৰ পৰা কাৰ্গিল সংঘাতলৈকে, বা বালাকোট বিমান আক্ৰমণৰ পৰা অপাৰেচন সেন্দূৰলৈকে এনে এটা মুহূৰ্ত হোৱা নাই যেতিয়া MiG-21এ আমাৰ সশস্ত্ৰ বাহিনীক প্ৰচণ্ড শক্তি প্ৰদান কৰা নাই।”

MiG-21 কেৱল এখন বিমান নহয়, ই ভাৰত-ৰাছিয়াৰ সম্পৰ্কৰ সাক্ষী বুলিও সিঙে কয়। প্ৰতীৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ১৯৭১ চনৰ যুদ্ধৰ সময়ত MiG-21ৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা মনত পেলায়, কিদৰে ই ঢাকাৰ গৱৰ্ণৰ হাউছত আক্ৰমণ কৰিছিল। তেওঁ MiG-21 ৰ অৱসৰক সাহস, ত্যাগ আৰু জাতীয় গৌৰৱৰ প্ৰতীকী বিদায় বুলি অভিহিত কৰে।

“১৯৭১ চনৰ যুদ্ধক কোনে পাহৰিব পাৰে। পাকিস্তানৰ সৈতে হোৱা যুদ্ধৰ সময়ত প্ৰতিকূল পৰিস্থিতিত MiG-21 বিমানে ঢাকাৰ গৱৰ্ণৰ হাউছত আক্ৰমণ চলাইছিল আৰু সেইদিনা সেই যুদ্ধৰ ফলাফলৰ ৰূপৰেখা দাঙি ধৰিছিল। ইয়াৰ উপৰিও ইয়াৰ দীৰ্ঘ ইতিহাসত এনে বহু অনুষ্ঠান হৈছে, যেতিয়া MiG-21 বিমানে নিজৰ নিৰ্ণায়ক ক্ষমতা প্ৰমাণ কৰিলে। যেতিয়াই ঐতিহাসিক অভিযান হৈছে, প্ৰতিবাৰেই MiG-21 এ ত্ৰিৰংগাৰ সন্মান বৃদ্ধি কৰিছে। গতিকে এই বিদায় আমাৰ সামূহিক স্মৃতিৰ, আমাৰ জাতীয় গৌৰৱৰ, আৰু সেই যাত্ৰাৰ, য’ত সাহস, ত্যাগৰ, উৎকৃষ্টতাৰ কাহিনী লিখা হৈছে।” ৰাজনাথ সিঙে কয়।

তেওঁ কয় যে MiG-21 ভাৰতৰ বাবে কেৱল যুদ্ধ বিমান নহয়; ই পৰিয়ালৰ কোনো সদস্যৰ দৰে আছিল। তেওঁ কয় যে ভাৰতীয় বায়ুসেনাত যোগদান কৰাৰ পিছৰে পৰা এই বিমানখনে প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আৰু নিজৰ শক্তি প্ৰমাণ কৰি দেশৰ আত্মবিশ্বাস, কৌশল, আৰু বিশ্বব্যাপী স্থিতি গঢ়ি তোলাত সহায় কৰিছে।

“আমাৰ দেশৰ স্মৃতি আৰু আৱেগৰ মাজত গভীৰভাৱে নিহিত হৈ আছে MiG-21। ১৯৬৩ চনৰ পৰা যেতিয়া MiG-21 বিমানে প্ৰথমবাৰৰ বাবে আমাৰ লগত যোগদান কৰিছিল, তেতিয়াৰ পৰা আজিলৈকে ৬০ বছৰতকৈও অধিক সময়ৰ এই যাত্ৰা নিজৰ মাজতে অতুলনীয়। আমাৰ সকলোৰে বাবে এইখন কেৱল যুঁজাৰু বিমান নহয়, বৰঞ্চ পৰিয়ালৰ এজন সদস্য। যাৰ প্ৰতি আমাৰ ব্যাপক মোহ আছে। MiG-21-এ আমাৰ আত্মবিশ্বাস গঢ় দিছে, আমাৰ কৌশল শক্তিশালী কৰিছে, আৰু বিশ্বৰ মঞ্চত নিজকে প্ৰতিষ্ঠা কৰাত সহায় কৰিছে। ইমান দীঘলীয়া যাত্ৰাত এই যুঁজাৰু বিমানখনে প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আৰু প্ৰতিবাৰেই নিজৰ সামৰ্থ্য প্ৰমাণ কৰিছে।” প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়।

সিঙে স্পষ্ট কৰি দিয়ে যে ভাৰতীয় বায়ুসেনাই শেহতীয়া বছৰবোৰত উৰুওৱা MiG-21 জেট বিমানবোৰ ৬০ বছৰৰ ওপৰৰ নহয়, বৰঞ্চ বেছিভাগেই প্ৰায় ৪০ বছৰৰ পুৰণি আছিল, যিটো এনে বিমানৰ বাবে স্বাভাৱিক। লগতে তেওঁ হিন্দুস্তান এৰ’নটিক্স লিমিটেডে উন্নত প্ৰযুক্তিৰে MiG-21ক নিৰন্তৰ উন্নীতকৰণৰ বাবে প্ৰশংসা কৰে।

“MiG-21ৰ কথা আহিলে প্ৰায়ে কোৱা হয় যে ভাৰতীয় বায়ুসেনাই ৬০ বছৰীয়া বিমান উৰুৱাইছিল। এই সুযোগতে এটা গুৰুত্বপূৰ্ণ তথ্য স্পষ্ট কৰিব বিচাৰিছো। ১৯৬০ আৰু ১৯৭০ চনত আমাৰ সশস্ত্ৰ বাহিনীলৈ অহা MiG-21 বিমানখন বহুদিনৰ পৰাই সেৱাৰ পৰা অৱসৰত আছে। আমি এতিয়ালৈকে উৰুৱাই থকা MiG-21 বিমানবোৰৰ বয়স সৰ্বাধিক ৪০ বছৰ আছিল। এনে বিমানৰ মানদণ্ড অনুসৰি ৪০ বছৰৰ আয়ুস সম্পূৰ্ণ স্বাভাৱিক। বহু দেশত এনে যুঁজাৰু বিমান ঠিক ইমান সময়েই সক্ৰিয় কৰি ৰখা হয়। কিন্তু MiG-21ৰ এটা বিশেষ কথা হ’ল ইয়াক সদায় কাৰিকৰীভাৱে আপডেট কৰি ৰখা হৈছে। আমি দেখা MiG-21 খনক ত্ৰিশুল, বিক্ৰম, বাদল, বাইছন আদি নামেৰে জনা গৈছে। ইয়াৰ বৰ্তমানৰ ফৰ্ম আপডেট কৰা হৈছিল। ইয়াত মই হিন্দুস্তান এৰ’নটিক্স লিমিটেডৰ শলাগ লৈছো, যিয়ে নিজৰ উন্নত ৰাডাৰ আৰু এভিয়নিকছৰ সৈতে MiG-21ক নিৰন্তৰ বিকশিত কৰাৰ ক্ষেত্ৰত নিজৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে” বুলি সিঙে কয়।

প্ৰায় ছয় দশক সেৱাৰ অন্তত আজি ভাৰতীয় বায়ুসেনাই নিজৰ আইকনিক MiG-21 যুঁজাৰু বিমানখনক অৱসৰ দিয়ে, সেই উপলক্ষে চণ্ডীগড়ত অনুষ্ঠিত হয় এক ডিকমিছনিং অনুষ্ঠান।

MiG-21ৰ ডিকমিছনিং অনুষ্ঠানৰ সময়ত ৬৩ বছৰীয়া সেৱাৰ অন্তত বিমানখনক জল কামানৰ চেলুটেৰে সন্মানিত কৰা হয়। ভাৰতীয় বায়ুসেনাৰ সৈতে MIG-21ৰ ছয় দশকৰো অধিক সময়ৰ উৰণৰ অন্ত পৰা চূড়ান্ত ফ্লাইপাষ্টৰ পিছত টাচডাউনৰ সময়ত শেষবাৰৰ বাবে বিমানখনৰ ওপৰত পানীৰ ধাৰাৰে জলজ তোৰণ গঠন কৰে।