সোৱাদৰ নামত বৰবিহ! নিমখ আৰু চেনিত আছে মাইক্ৰ’ প্লাষ্টিকঃ সংসদত চৰকাৰে দিলে এই উত্তৰ…
সোৱাদৰ নামত আমি নিতে ব্যৱহাৰ কৰি আহিছো বৰবিহ। খাদ্যত ব্যৱহাৰ কৰা চেনি আৰু নিমখত আছে মাইক্ৰ’ আৰু নেন’ প্লাষ্টিক। সংসদৰ শীতকালীন অধিৱেশনত এক প্ৰশ্নৰ প্ৰতি সঁহাৰি দি কেন্দ্ৰীয় চৰকাৰে চেনি আৰু নিমখত মাইক্ৰ’ প্লাষ্টিক ব্যৱহাৰৰ সন্দৰ্ভত চৰকাৰ সচেতন হৈছে আৰু এই সন্দৰ্ভত পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দিছে।
খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা চেনি আৰু নিমখত আছে মাইক্ৰ’ আৰু নেন’ প্লাষ্টিক। অৰ্থাৎ সোৱাদৰ নামত আমি নিতে ব্যৱহাৰ কৰি আহিছো বৰবিহ। সংসদত এই কথা প্ৰায় স্বীকাৰ কৰিছে কেন্দ্ৰীয় চৰকাৰে। সংসদৰ শীতকালীন অধিৱেশনত এক প্ৰশ্নৰ প্ৰতি সঁহাৰি দি কেন্দ্ৰীয় চৰকাৰে চেনি আৰু নিমখত মাইক্ৰ’ প্লাষ্টিক ব্যৱহাৰৰ সন্দৰ্ভত চৰকাৰ সচেতন হৈছে আৰু এই সন্দৰ্ভত পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দিছে। খাদ্য সামগ্ৰীত দূষক হিচাপে মাইক্ৰ’ আৰু নেন’ প্লাষ্টিকৰ ব্যাপক ব্যৱহাৰ আৰু প্ৰাদুৰ্ভাৱ বুজিবলৈ প্ৰচেষ্টা চলোৱা হৈছে বুলি জানিবলৈ দিছে কেন্দ্ৰীয় চৰকাৰে।
এই বিষয়ত বহু অধ্যয়ন ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণ (FSSAI)ৰ বৈজ্ঞানিক পেনেলত অন্তৰ্ভুক্ত স্বতন্ত্ৰ বিশেষজ্ঞসকলে আলোচনা কৰা বুলিও কেন্দ্ৰীয় চৰকাৰে সদৰী কৰিছে। ৰাজস্থানৰ টংক-ছাৱাই মাধোপুৰ জিলাকে ধৰি দেশত সেৱন কৰা নিমখ আৰু চেনিত মাইক্ৰ’প্লাষ্টিক থকাৰ তথ্য প্ৰকাশ কৰা অধ্যয়নসমূহৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰ অৱগত হয় নে নহয় সেই সন্দৰ্ভত লোকসভাত কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰা হৈছিল।
যদি এই বিষয়ত চৰকাৰ অৱগত হয়, খাদ্য সামগ্ৰীত মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি পৰীক্ষা কৰিবলৈ বা ইয়াৰ মাত্ৰা নিৰূপণৰ বাবে কোনো গৱেষণা কৰা হৈছে নেকি বুলিও প্ৰশ্ন কৰা হৈছিল। সমান্তৰালকৈ নিমখ, চেনি আৰু অন্যান্য অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীত মাইক্ৰ’প্লাষ্টিক মিহলি কৰাটো নিৰীক্ষণ আৰু নিয়ন্ত্ৰণৰ বাবে চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিছে বা গ্ৰহণ কৰাৰ প্ৰস্তাৱ দিছে সেই সন্দৰ্ভতো চৰকাৰৰ পৰা সংসদত উত্তৰ বিচৰা হয়।
এই প্ৰশ্নৰ উত্তৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী প্ৰতাপৰাও যাদৱে কয় যে নিমখ আৰু চেনিৰ নমুনাত মাইক্ৰ’প্লাষ্টিক ধৰা পৰা বুলি উল্লেখ কৰা অধ্যয়নৰ বিষয়ে চৰকাৰ অৱগত হৈছে। বিভিন্ন সংস্থাৰ দ্বাৰা পৰিচালিত এই অধ্যয়নসমূহৰ ওপৰত ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণ (FSSAI)ৰ বৈজ্ঞানিক পেনেলৰ স্বতন্ত্ৰ বিশেষজ্ঞৰ দ্বাৰা পৰামৰ্শ লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
লগতে এই অধ্যয়নসমূহৰ যোগ্যতাৰ ভিত্তিত বিষয়সমূহ বিশেষজ্ঞসকলে বিবেচনা কৰা বুলিও সংসদত উল্লেখ কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী প্ৰতাপৰাও যাদৱে। চৰকাৰে লগতে কয় যে FSSAI – এ লক্ষ্ণৌস্থিত CSIR-IITR, কোচিস্থিত ICAR-CIFT আৰু পিলানীৰ BITSৰ সৈতে অংশীদাৰিত্ব কৰি এক প্ৰকল্পটোক আৰ্থিক সহায় আগবঢ়াইছে।
“মাইক্ৰ’ এণ্ড নেন’ প্লাষ্টিকছ এজ এমাৰ্জিং ফুড কনটেমিনেণ্ট্ছঃ এষ্টাব্লিছিং ভেলিডেটেড মেথ’ড’লজিত এণ্ড আণ্ডাৰষ্টেণ্ডিং দ্য প্ৰিভালেঞ্চ ইন ডিফাৰেণ্ট ফুড মেট্ৰিক্স“ শীৰ্ষক এই প্ৰকল্পৰ উদ্দেশ্য হৈছে খাদ্য সামগ্ৰীত থকা মাইক্ৰ’ বা নেন’ প্লাষ্টিক চিনাক্ত আৰু পৰিমাণ নিৰ্ণয়ৰ বাবে বিশ্লেষণাত্মক পদ্ধতি বিকশিত কৰা।