শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কম দামত কৰিছিল হেয়াৰ ট্ৰান্সপ্লান্ট! মৃত্যু ২ জনৰ, পলাতক চিকিৎসক…

হেয়াৰ ট্ৰান্সপ্লান্ট কৰাৰ বাবে মৃত্যুক সাৱতি ল'বলগীয়া হয় ২ যুৱকে। জানিব পৰা মতে, অনুষ্কা তিৱাৰী নামৰ যুৱতীগৰাকীয়ে কম দামতে হেয়াৰ ট্ৰান্সপ্লান্ট কৰাইছিল।

কম দামত কৰিছিল হেয়াৰ ট্ৰান্সপ্লান্ট! মৃত্যু ২ জনৰ, পলাতক চিকিৎসক…
কানপুৰImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 14 May 2025 20:16 PM

চুলি সংৰোপণ অৰ্থাৎ হেয়াৰ ট্ৰান্সপ্লান্ট কৰাৰ বাবে প্ৰাণ হেৰুৱাবলগা হয় দুজনকৈ লোকে। এনে অনুৰূপ দুটা ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে। এই দুই ঘটনাত ব্যক্তিয়ে একেটা ক্লিনিকত, একেটা চিকিৎসকৰ ওচৰত হেয়াৰ ট্ৰান্সপ্লান্ট কৰাইছিল। কিন্তু চিকিৎসা গ্ৰহণ কৰাৰ পাছতে দুয়োজনে পৰিমাণ স্বৰূপে মৃত্যু লাভ কৰে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কানপুৰত।

ঘটনাৰ পাছৰে পৰা চিকিৎসক বুলি দাবী কৰা অনুষ্কা তিৱাৰী পলাতক অৱস্থাত আছে। আৰক্ষীয়ে তেওঁক বিচাৰি উলিওৱাৰ চেষ্টা কৰি আছে যদিও সক্ষম হোৱা নাই। ভুক্তভোগীৰ পৰিয়ালৰ লোকে কয় যে, অনুষ্কাই গ্ৰাহকক কম দামতে হেয়াৰ ট্ৰান্সপ্লান্ট কৰাৰ প্ৰলোভন দিছিল। অভিযোগ অনুসৰি অনুষ্কাৰ ওচৰত চিকিৎসকৰ কোনো ডিগ্ৰী নাই।

জানিব পৰা মতে, কানপুৰৰ বিনীত ডুবে আৰু ফাৰৰুখাবাদৰ মায়ংকে অনুষ্কা তিৱাৰীৰ ওচৰত হেয়াৰ ট্ৰান্সপ্লান্ট কৰাইছিল। অনুষ্কাই কানপুৰত এম্পায়াৰ নামৰ এখন ক্লিনিক চলাই আছিল। অভিযোগ অনুসৰি , অনুষ্কাই আগতেও এই ক্লিনিকখনত বহুতৰ হেয়াৰ ট্ৰান্সপ্লান্ট কৰাইছিল। ভুক্তভোগীৰ পৰিয়ালৰ পৰা লাভ কৰা তথ্য অনুসৰি, হেয়াৰ ট্ৰান্সপ্লান্টৰ বাবে প্ৰয়োজন হয় ১০ ৰ পৰা ২০ লাখ টকা। কিন্তু অনুষ্কা তিৱাৰীয়ে আধা দামতে হেয়াৰ ট্ৰান্সপ্লান্ট কৰিছিল। যাৰ বাবে বহু লোকে তেওঁৰ ওচৰত হেয়াৰ ট্ৰান্সপ্লান্টৰ বাবে আহিছিল।

এই ঘটনাৰ পাছতে চহৰখনৰ চিএমঅ’ হৰিদুট নেমীয়ে কয় যে কেৱল ডাৰ্মটলজিষ্টৰহে হেয়াৰ ট্ৰান্সপ্লান্ট কৰাৰ অধিকাৰ আছে। ইয়াৰ বাহিৰে আন কোনোৱে এই কাম কৰিব নোৱাৰে। কিন্তু ইয়াৰ পাছতো বহুতে নিজকে চিকিৎসক বুলি দাবী কৰি এনে কাম অবৈধভাৱে চলাই আছে। শেহতীয়াকৈ সংঘটিত এই ঘটনা সন্দৰ্ভত শীঘ্ৰেই প্ৰতিবেদন দাখিল কৰিব বুলি তেওঁ কয়।

দ্বিতীয়টো মৃত্যু

উল্লেখ্য যে, কানপুৰত হেয়াৰ ট্ৰান্সপ্লান্টৰ বাবে ২টাকৈ মৃত্যুৰ ঘটনা সংঘটিত হয়। বিনীত ডুবেৰ মৃত্যুৰ পাছত এতিয়া মায়ংক কটিয়াৰ নামৰ যুৱকজনৰ মৃত্যুৰ খবৰ আহিছে। জানিব পৰা মতে, মায়ংকে ১৮ নৱেম্বৰত হেয়াৰ ট্ৰান্সপ্লান্ট কৰাইছিল। মায়ংকৰ মাতৃয়ে কয় যে, ১৮ তাৰিখৰ পুৱা প্ৰায় ১০ বজাত তেওঁ ক্লিনিকলৈ গৈছিল আৰু পাছত দুপৰীয়া ২ বজাত ক্লিনিকৰ পৰা থ’ব আহিছিল।

কিন্তু নিশা প্ৰায় ১২ বজাত মায়ংকে খুব বিষ অনুভৱ কৰে। এই বিষয়ে চিকিৎসকক অৱগত কৰাত বেজী দিবলৈ কৈছিল। কিন্তু তাৰ পাছতো ঠিক নোহোৱাত চিকিৎসকে বেণ্ডেজটো ঢিলা কৰি দিবলৈ কৈছিল। ইয়াৰ পাছতো মায়ংকৰ বিষ কমা নাছিল আৰু দ্বিতীয়টো বেজী লৈছিল। গোটেই নিশা বিষত ককবকাই আছিল মায়ংক। লাহে লাহে তেওঁৰ মুখখন ফুলা আৰম্ভ কৰিছিল আৰু ৰঙা হৈ পৰিছিল। পিছদিনা চিকিৎসকৰ সৈতে যোগাযোগ কৰাত কৈছিল যে চিন্তাৰ কাৰণ নাই, ঠিক হ’ব।

 

Kanpur 1

মায়ংক

কিন্তু ১৯ নৱেম্বৰত মায়ংকক পৰিয়ালৰ লোকে চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্য়ু হয়। মায়ংকৰ পৰিয়ালে জনাই যে চিকিৎসকগৰাকীৰ ভুলৰ বাবে মায়ংকৰ মৃত্যু হৈছে। কিয়নো চিকিৎসকগৰাকীয়ে  ভিডিঅ’কলৰ জৰিয়তে পৰামৰ্শ দিছিল। কেৱল ইমানেই নহয়,মায়ংকৰ এই অৱস্থাৰ পাছত চিকিৎসকগৰাকীয়ে ক্লিনিক বন্ধ কৰি পলায়ন কৰে।

পৰিয়ালৰ লোকে কয় যে, এই ঘটনাৰ ৬ মাহ পৰ্যন্ত তেওঁলোকে কোনো এজাহাৰ দাখিল কৰা নাছিল। কিন্তু বিনীত ডুবেৰ ঘটনা পোহৰলৈ অহাৰ পাছত তেওঁলোকে এজাহাৰ দাখিল কৰে। বৰ্তমান সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।