‘পাৰিলে বিমানেৰে ঘৰলৈ উভতি আহক’, ছিৰিয়াত থকা ভাৰতীয়সকলৰ প্ৰতি বিশেষ সতৰ্কবাণী MEAৰ
ছিৰিয়াৰ শেহতীয়া পৰিস্থিতিক লৈ চিন্তিত হৈ পৰিছে ভাৰতীয় প্ৰবাসীসকল । দেশখনত চলি থকা হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰতে নিজৰ নাগৰিকসকলক ছিৰিয়ালৈ যোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে। একে সময়তে তাত থকা ভাৰতীয়সকলক বিশেষ প্ৰয়োজন নোহোৱাকৈ যাতায়ত কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে।
 
                                ভয়াবহ হৈ পৰিছে ছিৰিয়াৰ পৰিস্থিতি । ছিৰিয়াৰ শেহতীয়া পৰিস্থিতিক লৈ চিন্তিত হৈ পৰিছে ভাৰতীয় প্ৰবাসীসকল । দেশখনত চলি থকা হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰতে নিজৰ নাগৰিকসকলক ছিৰিয়ালৈ যোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে। একে সময়তে তাত থকা ভাৰতীয়সকলক বিশেষ প্ৰয়োজন নোহোৱাকৈ যাতায়ত কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। জৰুৰীকালীন হেল্পলাইন নম্বৰো মুকলি কৰিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে।
জাৰি কৰা এক জাননীৰ জৰিয়তে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বৰ্তমান ছিৰিয়াত বাস কৰা ভাৰতীয়সকলকো ডামাস্কাছত থকা ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ ৰাখিবলৈ আহ্বান জনাইছে । ইছলামিক বিদ্ৰোহীয়ে দেশখনৰ সৰ্ববৃহৎ চহৰ আলেপ্পোৰ বহু অংশ দখল কৰাৰ পিছত বৃহস্পতিবাৰে মধ্য ছিৰিয়াৰ হোমছ চহৰখন প্ৰায় নিয়ন্ত্ৰণ কৰিবলৈ লয়। যাৰ পৰিপ্ৰেক্ষিতত লাখ লাখ লোকে হোমছৰ পৰা পলায়ন কৰিবলৈ বাধ্য হৈছে ।
এম ই এয়ে কয় যে, ছিৰিয়াৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নাগৰিকসকলক ছিৰিয়া ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে । লগতে কোৱা হৈছে যে, বৰ্তমান ছিৰিয়াত থকা ভাৰতীয়সকলক জৰুৰীকালীন হেল্পলাইন নম্বৰ +963 993385973 (হোৱাটছএপ) আৰু ইমেইল আইডি hoc.damascus@mea.gov.in ৰ জৰিয়তে ডামাস্কাছত থকা ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ ৰাখিবলৈ অনুৰোধ জনোৱা হৈছে।
নিৰ্দেশনাত কোৱা হৈছে যে, যিসকলে পাৰে, তেওঁলোকক আগতীয়াকৈ উপলব্ধ বিমানেৰে ভাৰতলৈ ঘূৰি আহিবলৈ পৰামৰ্শ দিয়া হৈছে আৰু আনসকলক তেওঁলোকৰ সুৰক্ষাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলৈ আৰু তেওঁলোকৰ চলাচল ক্ষেত্ৰত নূন্যতম সীমাবদ্ধতা ৰাখিবলৈ অনুৰোধ জনোৱা হৈছে।
উল্লেখ্য যে, ইছলামিক বিদ্ৰোহীয়ে ৰাছিয়া আৰু ইৰাণৰ সমৰ্থনত বাছাৰ আল আছাদৰ চৰকাৰক উফৰাই পেলাবলৈ চেষ্টা চলাইছে। যিকোনো মুহূৰ্ততে বিদ্ৰোহীয়ে হোমছ চহৰখনৰ ক্ষমতা দখল কৰিব পাৰে। ইতিমধ্যে উগ্ৰপন্থীয়ে আলেপ্পো, হামাকে ধৰি কেইবাখনো চহৰ নিয়ন্ত্ৰণ কৰি লৈছে। ২০১১ চনৰ যুদ্ধৰ পিছত পুনৰ এনে পৰিস্থিতিৰ সৃষ্টি হৈছে ছিৰিয়াত।
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      