এবছৰত ১০ বাৰকৈ প্ৰেমিকৰ সৈতে পলায়ন বিবাহিত মহিলাৰ, ক’লে দুয়োৰে লগত….
এগৰাকী যুৱতীয়ে প্ৰায় ডেৰ বছৰ পূৰ্বে চুবুৰীয়া এখন গাঁৱত বাস কৰা এজন যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। বিয়াৰ কিছুদিন পিছতে বিবাহিতা মহিলাগৰাকীয়ে টাণ্ডা থানা এলেকাৰ এজন যুৱকৰ প্ৰেমত পৰে। এবছৰ পূৰ্বে প্ৰেমিকৰ সৈতে পলাই গৈছিল মহিলাগৰাকী। পঞ্চায়ত অনুষ্ঠিত কৰি স্বামীয়ে পত্নীক ঘৰলৈ উভতাই আনে।

পঞ্চায়তৰ সন্মুখতে এক অদ্ভুত দাবী উত্থাপন এগৰাকী মহিলাৰ। যিটো শুনি স্বামীকে ধৰি সকলোৱে স্তম্ভিত হৈ পৰিছিল। মহিলাগৰাকীয়ে ওচৰৰ গাঁৱৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। এবছৰত ১০ বাৰ প্ৰেমিকৰ সৈতে পলাই গৈছে বিবাহিতা মহিলাগৰাকী। বাৰে বাৰে সমস্যা হোৱা দেখি মহিলাগৰাকীয়ে পঞ্চায়ত আহ্বান কৰে। পঞ্চায়তত মহিলাগৰাকীয়ে কয় যে, তেওঁ ১৫ দিন স্বামীৰ লগত আৰু ১৫ দিন প্ৰেমিকৰ লগত থাকিব বিচাৰে। উত্তৰ প্ৰদেশৰ ৰামপুৰত সংঘটিত হৈছে এই আজৱ ঘটনা।
এই সমগ্ৰ বিষয়টো আজিমনগৰ থানা আৰু ৰামপুৰৰ টাণ্ডা থানা এলেকাৰ দুখন গাঁঁৱৰ সৈতে জড়িত। আজিমনগৰ থানা এলেকাৰ এগৰাকী যুৱতীয়ে প্ৰায় ডেৰ বছৰ পূৰ্বে চুবুৰীয়া এখন গাঁৱত বাস কৰা এজন যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। বিয়াৰ কিছুদিন পিছতে বিবাহিতা মহিলাগৰাকীয়ে টাণ্ডা থানা এলেকাৰ এজন যুৱকৰ প্ৰেমত পৰে। এবছৰ পূৰ্বে প্ৰেমিকৰ সৈতে পলাই গৈছিল মহিলাগৰাকী। পঞ্চায়ত অনুষ্ঠিত কৰি স্বামীয়ে পত্নীক ঘৰলৈ উভতাই আনে।
প্ৰেমিকৰ সৈতে ১০ বাৰ পলাই যায় মহিলা
ইয়াৰ পিছত এবছৰত ৯ বাৰ প্ৰেমিকৰ সৈতে পলাই যায় মহিলাগৰাকী। কিন্তু শেষবাৰৰ বাবে তেওঁ ঘৰলৈ উভতি নাহিল। এসপ্তাহ পূৰ্বে আজিমনগৰ আৰক্ষী থানাত এই বিষয়ত স্বামীয়ে অভিযোগ কৰে। এই সময়ছোৱাত স্বামীয়ে গোচৰ ৰুজু নকৰাকৈয়ে পত্নীক প্ৰেমিকৰ পৰা ঘূৰাই আনিবলৈ দাবী জনাইছিল। বিষয়টোৰ গুৰুত্ব বুজি আৰক্ষীয়ে পত্নীক উদ্ধাৰ কৰি স্বামীৰ হাতত গতাই দিয়ে। স্বামীৰ ঘৰত এৰাতি থাকি ১০ম বাৰৰ বাবে পলাই যায় মহিলাগৰাকী।
মহিলাগৰাকীয়ে পঞ্চায়তত এক অনন্য প্ৰস্তাৱ আগবঢ়ায়
ঘৰৰ পৰা পত্নী নিৰুদ্দেশ হোৱাৰ কথা গম পোৱাৰ লগে লগে স্বামী স্তম্ভিত হৈ পৰে। ইয়াৰ পিছত যেতিয়া স্বামীয়ে পত্নীৰ প্ৰেমিকৰ ঘৰলৈ গৈ দেখিলে, তেতিয়া তেওঁৰ পত্নী তাত উপস্থিত আছিল। স্বামীয়ে পত্নীক বহুত পতিয়ন নিয়াবলৈ চেষ্টা কৰি ঘৰলৈ উভতি আহিবলৈ কয়। কিন্তু পত্নীয়ে ঘৰলৈ উভতিবলৈ অস্বীকাৰ কৰি স্বামীক অকলে ঘূৰাই পঠিয়াই দিয়ে। ইয়াৰ পিছতে বিষয়টোত পঞ্চায়ত আহ্বান কৰা হয়। পঞ্চায়তত মহিলাগৰাকীয়ে প্ৰেমিকৰ লগত ১৫ দিন আৰু স্বামীৰ লগত ১৫ দিন থাকিবলৈ প্ৰস্তাৱ আগবঢ়ায়।
এই প্ৰস্তাৱ শুনি পঞ্চায়তত উপস্থিত থকা ৰাইজ স্তম্ভিত হৈ পৰে। পত্নীৰ প্ৰস্তাৱত স্বামীয়ে হাত জোৰ কৰি থিয় হৈ ক’লে যে মোক ক্ষমা কৰিব, এতিয়া তুমি তোমাৰ প্ৰেমিকৰ লগত থাকা। ইয়াৰ পিছত স্বামীয়ে পত্নীক প্ৰেমিকৰ ঘৰত এৰি নিজৰ ঘৰলৈ উভতি আহে। ঘটনাস্থলীত উপস্থিত থকা আত্মীয়-স্বজন আৰু পঞ্চায়ত সদস্যসকলো নিজ নিজ ঘৰলৈ যায়। এতিয়া এই ঘটনা সমগ্ৰ অঞ্চলটোত চৰ্চাৰ বিষয় হৈ পৰিছে।
লগতে পঢ়ক: বন্ধু হৈ পৰিল ঘাতক! এডাল মংগলসূত্ৰৰ বাবে নৃংশসভাৱে হত্যা মহিলাক…