গাৰ নোম শিয়ৰি উঠিব আপোনাৰ! প্ৰেমিকাৰ মুখত ভৰাই দিলে বিস্ফোৰক সামগ্ৰী আৰু পাছত…
অতি নৃশংসভাৱে প্ৰেমকে প্ৰাণ ল'লে প্ৰেমিকাৰ। প্ৰেমিকাৰ মুখত বিস্ফোৰণ ঘটাই এই কাণ্ড সংঘটিত কৰে। এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চল। ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে এজন।

মানুহ কিমান নৃশংস হ’লে কাৰোবাক হত্যা কৰিব পাৰে? যিমানেই আচহুৱা নালাগিলেও দেশত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। কিন্তু কিছুমান ঘটনা ইমানেই জঘন্য হয় যে সমগ্ৰ মানৱতাক জোকাৰি যায়। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে য’ত এজন যুৱকে বিবাহিতা প্ৰেমিকাৰ মুখত বিস্ফোৰণ ঘটাই হত্যা কৰে। জানিব পৰা মতে, মহিলাগৰাকীয়ে নিজ প্ৰেমিকক লগ কৰিবলৈ হোটেললৈ গৈছিল। কিন্তু তেতিয়াই প্ৰেমিকে প্ৰেমিকাৰ মুখত জিলেটিন ৰড (বিস্ফোৰক সামগ্ৰী) ভৰাই বিস্ফোৰণ ঘটাই হত্যা কৰে। মুখত বিস্ফোৰণ হোৱাৰ ফলত মহিলাগৰাকী অতি গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয়। যাৰ ফলত তেওঁৰ মৃত্যু হয়।
এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ মৈছুৰত। আৰক্ষীৰ মতে, ২৩ আগষ্টত ছালিগ্ৰামা তালুকৰ ভেৰিয়া গাঁৱৰ এটা ল’জত এই কাণ্ড সংঘটিত হৈছে। মৃত মহিলাগৰাকীৰ বয়স প্ৰায় ২০ বছৰ। এই ঘটনাত ইতিমধ্যে তেওঁৰ প্ৰেমিক সিদ্ধাৰাজু গ্ৰেপ্তাৰ হৈছে। প্ৰথম অৱস্থাত যুৱকজনে আৰক্ষীক বিপদে পৰিচালনা কৰাৰ চেষ্টা কৰিছিল যদিও পাছত ধৰা পৰে আৰু গ্ৰেপ্তাৰ হয়।
জানিব পৰা মতে, মহিলাগৰাকীৰ সুভাষ নামৰ এজন যুৱকৰ সৈতে বিয়া হৈছিল। সুভাষে ডুবাইত গাড়ীচালক হিচাপে কাম কৰে। তেওঁলোকৰ ২ বছৰীয়া এটা সন্তানো আছে। ইফালে মহিলাগৰাকীৰ সিদ্ধাৰাজুৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক আছিল। বিয়াৰ পূৰ্বৰ পৰা চলি থকা এই প্ৰেমৰ সম্পৰ্ক বিয়াৰ পাছতো তেওঁলোকে অব্যাহত ৰাখিছিল।
মহিলাগৰাকী আৰু সিদ্ধাৰাজু বিয়া পাতিব বিচাৰিছিল। কিন্তু দুয়ো ঘনিষ্ঠ হোৱা বাবে পৰিয়ালে এই সম্পৰ্ক মানি লোৱা নাছিল। তেনেস্থলত দুয়ো মনে মনে লগ কৰিছিল। জানিব পৰা মতে, কিছুদিন পূৰ্বে মহিলাগৰাকী মাকৰ ঘৰলৈ গৈছিল। তাৰ পাছতে তেওঁ ঘটনাৰ আগদিনা ঘৰত মিছা কথা কৈ প্ৰেমিকক লগ কৰিবলৈ আহে। তাৰ পাছত তেওঁলোকে প্ৰথমে মন্দিৰ দৰ্শন কৰে আৰু পাছত এটা লজলৈ যায়।
অভিযোগ অনুসৰি সিদ্ধাৰাজুই পৰিকল্পিতভাৱে বিবাহিতা প্ৰেমিকাক হত্যা কৰিছে। সেই পৰিকল্পনা অনুসৰি সিদ্ধাৰাজুই মহিলাগৰাকীৰ মুখত জিলেটিনৰ ৰড ভৰাই বিস্ফোৰণ ঘটায়। যাৰ ফলত তেওঁৰ মৃত্যু হয়। ইফালে যুৱকজনে লজৰ কৰ্মচাৰীসকলক কয় যে মোবাইল বিস্ফোৰণ হোৱাৰ ফলত মহিলাগৰাকীৰ মৃত্যু হয়।
কিন্তু পৰৱৰ্তী সময়ত যেতিয়া আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰে তেতিয়া সমগ্ৰ কাণ্ড পোহৰলৈ আহে। আৰক্ষীয়ে জনাই যে, ২২ আগষ্টত মহিলাগৰাকীয়ে ঘৰৰ পৰা ওলাই আহিছিল আৰু তাৰ পাছদিনাই এই কাণ্ড সংঘটিত হয়। ইতিমধ্যে যুৱকজনে প্ৰেমিকাক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে। আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। গতিকে তদন্তৰ অন্তত জানিব পৰা যাব কিয় যুৱকজনে অতি নৃশংসভাৱে এই কাণ্ড সংঘটিত কৰিছে।
অন্য খবৰ পঢ়কঃ প্ৰেমিকৰ বয়স ৩৩, মহিলাৰ ৫৬! অবৈধ প্ৰেমৰ পৰিণতিত প্ৰাণ গ’ল ৬০ বছৰীয়া স্বামীৰ…