শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এতিয়াই পৰীক্ষা কৰক আপোনাৰ পান কাৰ্ড, এনে ভুল থাকিলেই হ’ব পাৰে ১০ হাজাৰ টকা পৰ্যন্ত জৰিমনা

আয়কৰ বিভাগে পেন কাৰ্ডৰ জৰিয়তে হোৱা সকলো লেনদেনৰ ওপৰত চকু ৰাখে। গতিকে পেন কাৰ্ডৰ ক্ষেত্ৰত প্ৰতিজন লোকেই সাৱধান হোৱা অত্যন্ত প্ৰয়োজনীয়। অন্যথা আপুনি কেতিয়াবা চিন্তনীয় সমস্যাত পৰিব পাৰে।

এতিয়াই পৰীক্ষা কৰক আপোনাৰ পান কাৰ্ড, এনে ভুল থাকিলেই হ’ব পাৰে ১০ হাজাৰ টকা পৰ্যন্ত জৰিমনা
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: TV9 Bangla
monjit-dutta
Monjit Dutta | Published: 26 Aug 2025 12:30 PM

সাম্প্ৰতিক সময়ত আমাৰ দৈনন্দিন জীৱনত অতি প্ৰয়োজনীয় হৈ পৰিছে পেন কাৰ্ড আয়কৰ দাখিলৰ পৰা আৰম্ভ কৰি বেংকিং, বিত্তীয় লেনদেনৰ সৈতে জড়িত যিকোনো বিষয়ত পেন কাৰ্ড অত্যন্ত গুৰুত্বপূৰ্ণ। চৰকাৰে ইতিমধ্যে আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংক কৰাটোও বাধ্যতামূলক কৰি তুলিছে। অৱশ্যে চৰকাৰৰ এই নীতিৰ পিছতো বহু লোকে এতিয়ালৈকে আধাৰৰ সৈতে পেন কাৰ্ড লিংক কৰা নাই পিছে এয়া ব্যক্তিজনৰ নিজৰ বাবেই সময়ত সমস্যাৰ কাৰণ হৈ পৰিব পাৰে।

বহুলোকে পান কাৰ্ডৰ সৈতে জড়িত গাইডলাইনৰ প্ৰতি বিশেষ গুৰুত্ব নিদিয়ে। কিন্তু যদি আপুনিও এই ভুল কৰিছে, ভুগিবলগা পাৰে কঠোৰ শাস্তি পেন কাৰ্ড সম্পৰ্কীয় গাইডলাইন মানি নচলিলে যথেষ্ট পৰিমাণৰ জৰিমনাও পৰিশোধ কৰিব লগা হ’ব পাৰে। সামান্য অমনোযোগিতাৰ বাবেই আপুনি আৰ্থিক সমস্যা তথা আইনী জটিলতাৰ সৈতে জড়িত হ’ব পাৰে।

আয়কৰ বিভাগে পেন কাৰ্ডৰ জৰিয়তে হোৱা সকলো লেনদেনৰ ওপৰত চকু ৰাখে। যদি কোনো ব্যক্তিৰ দুখন পান কাৰ্ড থাকে, তেতিয়া তেওঁ চিন্তনীয় সমস্যাৰ সন্মুখীন হ’ব পাৰে। এনে ক্ষেত্ৰত আয়কৰ আইনৰ ২৭২বি ধাৰাত ১০ হাজাৰ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে। গতিকে কোনো লোকৰ ওচৰত যদি এটাতকৈ অধিক পেন কাৰ্ড আছে, তেতিয়া আইনী সমস্যা আৰু জৰিমনাৰ পৰা ৰক্ষা পাবলৈ আয়কৰ বিভাগত জমা দিব লাগিব।

যদি পেন কাৰ্ড হেৰাই যায় বা চুৰি হয়, তেতিয়া নতুন পেন কাৰ্ড বনাব লাগে অৱশ্যে তাৰ পূৰ্বে প্ৰথমে আৰক্ষীক খবৰ দিয়াটো অত্যন্ত প্ৰয়োজনীয়। অন্যথা আপোনাৰ পেন কাৰ্ড ব্যৱহাৰ কৰি দুৰ্বৃত্তই অবৈধ লেনদেন বা প্ৰৱঞ্চনা কৰিব পাৰে। সেয়ে পেন কাৰ্ড হেৰুৱালে প্ৰথমে আৰক্ষীক খবৰ দিয়ক। তাৰ পিছত বেংক আৰু আয়কৰ বিভাগক এই বিষয়ে অৱগত কৰক।

ইয়াৰ পিছত চৰকাৰী ৱেবছাইট বা ওচৰৰ পেন সেৱা কেন্দ্ৰত ডুপ্লিকেট পেন কাৰ্ডৰ বাবে আবেদন কৰক ভুল PAN নম্বৰ দিলেও আপুনি গুৰুতৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে। কৰ ৰিটাৰ্ণ দাখিল কৰাৰ সময়ত বা আন কোনো লেনদেনৰ সময়ত যদি ভুল পেন নম্বৰ দিয়ে, তেতিয়া ১০ হাজাৰ টকা পৰ্যন্ত জৰিমনাও হ’ব পাৰে।

যদি পেন কাৰ্ডত থকা কোনো তথ্য ভুল হয়, যেনে নামৰ বানান ভুল, জন্ম তাৰিখ ভুল, তেতিয়া তাৎক্ষণিকভাৱে শুধৰাব লাগে, অন্যথা বেংকে আপোনাৰ একাউণ্ট বন্ধ কৰিব পাৰে। গতিকে পেন কাৰ্ডৰ ক্ষেত্ৰত প্ৰতিজন লোকেই সাৱধান হোৱা অত্যন্ত প্ৰয়োজনীয়। অন্যথা আপুনি কেতিয়াবা চিন্তনীয় সমস্যাত পৰিব পাৰে।