শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মূৰৰ দাম আছিল এক কোটি, ঘন জংঘলত এনকাউণ্টাৰত নিহত মাওবাদী কমাণ্ডাৰ হিদমা

অন্ধ্ৰ প্ৰদেশৰ আল্লুৰি জিলা আৰু ছত্তীশগড়ৰ সুকমা জিলাৰ সীমান্তৱৰ্তী অঞ্চলত মাওবাদীক আটক কৰিবলৈ নিৰাপত্তা বাহিনীয়ে অভিযান চলাইছিল। এই অভিযানৰ সময়ত নক্সালবাদীয়ে জোৱানসকলৰ ওপৰত গুলীচালনা কৰে। নিৰাপত্তাৰক্ষীয়ে প্ৰত্যুত্তৰ দিয়াত নিহত হয় মাওবাদী নেতা হিদিমাৰ।

মূৰৰ দাম আছিল এক কোটি, ঘন জংঘলত এনকাউণ্টাৰত নিহত মাওবাদী কমাণ্ডাৰ হিদমা
মাওবাদী নেতা হিদমাৰ মৃত্যুImage Credit source: PTI
raj-saikia
Raj Saikia | Published: 18 Nov 2025 15:23 PM

২০২৬ চনৰ ভিতৰত দেশৰ পৰা ৰঙা সন্ত্ৰাস নিৰ্মূল কৰাৰ দৃঢ় সংকল্প লৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। সেই অনুসৰিয়েই দেশৰ বুকুত সন্ত্ৰাস সৃষ্টি কৰি অহা মাওবাদীৰ নিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে। অন্ধ্ৰ প্ৰদেশ-ছত্তীশগড় সীমান্তৰ সমীপৰ এখন অৰণ্যত নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ। এই এনকাউণ্টাৰত শীর্ষ নক্সাল নেতা মদৱী হিদমা আৰু তেওঁৰ পত্নী নিহত হয়।

অন্ধ্ৰ প্ৰদেশৰ আল্লুৰি জিলা আৰু ছত্তীশগড়ৰ সুকমা জিলাৰ সীমান্তৱৰ্তী অঞ্চলত মাওবাদীক আটক কৰিবলৈ নিৰাপত্তা বাহিনীয়ে অভিযান চলাইছিল। এই অভিযানৰ সময়ত নক্সালবাদীয়ে জোৱানসকলৰ ওপৰত গুলীচালনা কৰে।

মাদৱী হিদমাৰ বয়স আছিল ৪৩ বছৰ। বিগত দুটা দশক ধৰি তেওঁ নিৰাপত্তাৰক্ষীৰ বাবে প্ৰত্যাহ্বান হৈ আহিছিল। তেওঁ কেৱল পিএলজিএ (পিপলছ লিবাৰেচন গেৰিলা আৰ্মি)ৰ ১ নং বেটেলিয়নৰ নেতৃত্ব দিয়াই নহয়, চিপিআই (মাওবাদী)ৰ কেন্দ্ৰীয় সমিতিৰ আটাইতকৈ কম বয়সীয়া সদস্যও আছিল। তেওঁৰ কৌশলগত চিন্তাধাৰা আৰু জংঘলত গেৰিলা যুদ্ধ চলোৱাৰ ক্ষমতাই তেওঁক সংগঠনটোৰ অন্যতম প্ৰভাৱশালী ব্যক্তিত্ব কৰি তুলিছিল।

তেওঁ আছিল সুকমা আক্ৰমণৰ মাষ্টাৰমাইণ্ড

১৯৮১ চনত ছত্তীশগড়ৰ সুকমা জিলাৰ পূৰ্বৱৰ্তী অঞ্চলত জন্মগ্ৰহণ কৰিছিল হিদমাই। তেওঁ অতি কম বয়সতে মাওবাদী সংগঠনত যোগদান কৰি কমাণ্ডাৰ হয়। ২০১৩ চনত ছত্তীশগড়ত দৰভা উপত্যকাত সংঘটিত হত্যাকাণ্ডৰ মূল ষড়যন্ত্ৰকাৰী আছিল তেওঁ।

২০১৭ চনত সুকমাত চি আৰ পি এফৰ ওপৰত সংঘটিত হোৱা মাৰাত্মক আক্ৰমণত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, য’ত ২৫ জন জোৱান শ্বহীদ হৈছিল। তেওঁ কমেও ২৬টা ডাঙৰ আক্ৰমণৰ পৰিকল্পনা কৰিছিল আৰু কাৰ্যকৰী কৰিছিল। তেওঁৰ মূৰৰ দাম নিৰ্ধাৰণ কৰা হৈছিল ১ কোটি টকা।

তেওঁৰ পত্নীও নক্সালৰ কাম-কাজৰ লগত জড়িত আছিল

দীৰ্ঘদিন ধৰি অন্ধ্ৰ প্ৰদেশ আৰক্ষী আৰু বিশেষ বাহিনীয়ে তেওঁৰ কাৰ্যকলাপৰ তথ্য লাভ কৰি আহিছিল। শেহতীয়া এনকাউণ্টাৰত নিৰাপত্তা বাহিনীয়ে চোৰাংচোৱাৰ ভিত্তিত বনাঞ্চলখন ঘেৰাও কৰি অভিযান আৰম্ভ কৰে। প্ৰতিশোধমূলক গুলীচালনাত নিহত হয় হিদমা আৰু তেওঁৰ পত্নী। তেওঁৰ পত্নীয়েও নক্সালবাদী সংগঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু কেইবাটাও অভিযানত সক্ৰিয় আছিল।

নিৰাপত্তা সংস্থাসমূহৰ মতে হিদমাৰ মৃত্যুৱে মাওবাদী সংগঠনটোৰ ওপৰত এক বৃহৎ আঘাত হানিব। তেওঁ কেৱল এজন মূল কৌশলবিদেই নহয়, দক্ষিণ বাষ্টাৰত সংগঠনটোৰ দখল বজাই ৰখাৰ ক্ষেত্ৰতো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁৰ মৃত্যুৰ ফলত মাওবাদী নেটৱৰ্ক দুৰ্বল হৈ পৰিব আৰু বনাঞ্চলত তেওঁলোকৰ কাৰ্যকলাপ ৰোধ কৰাত সহজ হ’ব।