শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আজি দিল্লীত মুখামুখি হ’ব কুকি-মেইটেই ! গুৰুত্বপূৰ্ণ বৈঠক গৃহ মন্ত্ৰালয়ৰ…

গৃহমন্ত্ৰী অমিত শ্বাহে সংসদত দাবী কৰে যে, বিগত ৪ মাহ ধৰি মণিপুৰত শান্তিৰ পৰিৱেশে বিৰাজ কৰিছে। এই শান্তি সম্পূৰ্ণৰূপে ঘূৰাই আনিবলৈ ৪ এপ্ৰিল শনিবাৰে গৃহ মন্ত্ৰালয়ত মেইটেই আৰু কুকি জনগোষ্ঠীৰ লগতে বিষয়াসকলৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব।

আজি দিল্লীত মুখামুখি হ’ব কুকি-মেইটেই ! গুৰুত্বপূৰ্ণ বৈঠক গৃহ মন্ত্ৰালয়ৰ…
প্ৰতীকী ফটো
Manas Borah
Manas Borah | Published: 05 Apr 2025 12:44 PM

মণিপুৰত জাতিগত হিংসাৰ অন্ত পেলাবলৈ চেষ্টা অব্যাহত ৰাখিছে চৰকাৰে। ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ ৰাষ্ট্ৰপতিৰ শাসন বুলি বিবেচিত হৈছে। গৃহমন্ত্ৰী অমিত শ্বাহে সংসদত দাবী কৰে যে, বিগত ৪ মাহ ধৰি মণিপুৰত শান্তিৰ পৰিৱেশে বিৰাজ কৰিছে। এই শান্তি সম্পূৰ্ণৰূপে ঘূৰাই আনিবলৈ ৪ এপ্ৰিল শনিবাৰে গৃহ মন্ত্ৰালয়ত মেইটেই আৰু কুকি জনগোষ্ঠীৰ লগতে বিষয়াসকলৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব।

মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়াৰ পিছত মেইটেই আৰু কুকি উভয় জনগোষ্ঠীৰ মাজত ১৩ ৰাউণ্ডৰ আলোচনা হৈছে। হিংসাত্মক পৰিস্থিতিৰ অন্ত পেলোৱাৰ উপায় সন্ধানত আছে চৰকাৰ । ইয়াৰ অংশ হিচাপে আজিৰ এই গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব বুলি চৰ্চা হৈছে । গৃহ মন্ত্ৰণালয়ে আয়োজন কৰা এই বৈঠকত মেইটেই সম্প্ৰদায়ৰ প্ৰতিনিধি, কুকি সম্প্ৰদায়ৰ প্ৰতিনিধি আৰু গৃহ মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়া (বিশেষকৈ চোৰাংচোৱা বিভাগৰ বিষয়া) উপস্থিত থাকিব বুলি খবৰ প্ৰকাশ পাইছে । এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা হোৱাৰ সম্ভাৱনা আছে ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে লোকসভা আৰু ৰাজ্যসভাত মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়াৰ প্ৰস্তাৱ উত্থাপন কৰে আৰু দুয়োটা সদনে অনুমোদন জনায়। লোকসভাত শ্বাহে কয় যে, ডিচেম্বৰৰ পৰা মাৰ্চলৈকে বিগত চাৰিমাহত মণিপুৰত কোনো ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই। সাহায্য শিবিৰসমূহত খাদ্য, ঔষধ আৰু চিকিৎসাৰ সুবিধা নিশ্চিত কৰা হৈছে।

মণিপুৰত ২০২৩ চনৰ ৩ মে’ত সদৌ জনজাতি ছাত্ৰ সন্থা মণিপুৰে মেইটেইক এছ টি মৰ্যাদা প্ৰদানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল । ইয়াৰ পাছৰে পৰা মেইটেই আৰু কুকি-জো সম্প্ৰদায়ৰ মাজত জাতিগত হিংসাৰ সূত্ৰপাত হয় । বিশেষকৈ চুৰাচান্দপুৰ আৰু বিষ্ণুপুৰ জিলাৰ সমীপত হিংসাত্মক ঘটনা তীব্ৰতৰ হৈ পৰে। কুকি সম্প্ৰদায়ে এই দাবীৰ বিৰোধিতা কৰিছিল । ইয়াৰ ফলত তেওঁলোকৰ বৰ্তমানৰ জনজাতীয় অধিকাৰ আৰু ভূমিৰ মালিকীস্বত্বত প্ৰভাৱ পৰিব বুলি আশংকা প্ৰকাশ কৰিছিল মণিপুৰৰ পাহাৰত বাস কৰা কুকিসকলে। এই হিংসাত্মক পৰিস্থিতিত বহু লোকৰ মৃত্যু হয়।