Manipur violence: কেতিয়া শান্ত হ’ব অশান্ত মণিপুৰ ? ইখনৰ পিছত সিখন পৰ্যালোচনা বৈঠক অমিত শ্বাহৰ, অতিৰিক্ত ৫০ টা CAPF গোট প্ৰেৰণ কৰা সিদ্ধান্ত কেন্দ্ৰৰ…
মণিপুৰৰ নিৰাপত্তা পৰিস্থিতিক লৈ গৃহমন্ত্ৰীগৰাকীয়ে আজি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াৰ সৈতে দ্বিতীয়খন পৰ্যালোচনা বৈঠকত মিলিত হয় । ৰাজ্যখনত কেন্দ্ৰীয় বাহিনী নিয়োগ কৰাৰ সন্দৰ্ভত পৰ্যালোচনা কৰাৰ লগতে যিমান পাৰি সোনকালে শান্তি-শৃংখলা ঘূৰাই আনিবলৈ বিষয়াসকলক গৃহমন্ত্ৰী গৰাকীয়ে নিৰ্দেশ দিয়ে বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে ।
 
                                পুনৰ অশান্ত হৈ পৰিছে মণিপুৰ । মণিপুৰ বৰ্তমানৰ নিৰাপত্তা পৰিস্থিতি আৰু সৈন্য নিয়োগক আজিৰ দিনটোত পুনৰ পৰ্যালোচনা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । ইয়াৰ লগতে শীৰ্ষ বিষয়াসকলক যিমান পাৰি সোনকালে ৰাজ্যখনৰ শান্তি-শৃংখলা পুনৰুদ্ধাৰৰ বাবে গুৰুত্ব দিবলৈ নিৰ্দেশ দিছে গৃহমন্ত্ৰীগৰাকীয়ে । সূত্ৰৰ খবৰ অনুসৰি, মণিপুৰৰ নিৰাপত্তা পৰিস্থিতিক লৈ গৃহমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াৰ সৈতে দ্বিতীয়খন পৰ্যালোচনা বৈঠকত মিলিত হয় । ৰাজ্যখনত কেন্দ্ৰীয় বাহিনী নিয়োগ কৰাৰ সন্দৰ্ভত পৰ্যালোচনা কৰাৰ লগতে যিমান পাৰি সোনকালে শান্তি-শৃংখলা ঘূৰাই আনিবলৈ বিষয়াসকলক গৃহমন্ত্ৰী গৰাকীয়ে নিৰ্দেশ দিয়ে বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে ।
ইফালে, সোমবাৰে চৰকাৰী সূত্ৰই জনোৱা মতে, উত্তৰ-পূব ভাৰতৰ ৰাজ্যখনৰ নিৰাপত্তা আৰু আইন-শৃংখলাৰ “প্ৰত্যাহ্বানজনক” পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰই ৫ হাজাৰতকৈ অধিক জোৱানেৰে গঠিত অতিৰিক্ত ৫০ টা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী কোম্পানীক মণিপুৰলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
জানিব পৰা মতে, এই সপ্তাহৰ ভিতৰতে অতিৰিক্ত ৫০টা কোম্পানীক মণিপুৰলৈ ততাতৈয়াকৈ লৈ যোৱাৰ নিৰ্দেশ দিয়া হৈছে। পিটিআইৰ প্ৰতিবেদন অনুসৰি, চিআৰপিএফৰ পৰা ৩৫টা ইউনিট লোৱাৰ বিপৰীতে বাকী ইউনিট সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ পৰা লোৱা হ’ব। ৰাজ্যখনত এতিয়া মুঠ ২১৮টা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ গোট নিয়োজিত হৈ আছে ।
যোৱা বছৰৰ মে’ মাহৰ পৰা আৰম্ভ হোৱা জাতিগত সংঘাতৰ ফলত উত্তৰ-পূব ভাৰতৰ ৰাজ্যখনৰ পৰিস্থিতি অস্থিৰ হৈ পৰিছে । যোৱা ১১ নৱেম্বৰ তাৰিখে নিৰুদ্দেশ হোৱা মহিলা আৰু শিশুৰ মৃতদেহ উদ্ধাৰৰ পিছতে মণিপুৰত উমি উমি জ্বলি থকা জুইকুৰা পুনৰ জ্বলিবলৈ আৰম্ভ কৰিছে । যোৱা শনিবাৰে দিনটোত প্ৰতিবাদকাৰীয়ে মন্ত্ৰী ঘৰৰ লগতে কেইবাজনো বিধায়কৰ ঘৰত অগ্নিসংযোগ কৰাৰ খবৰ লাভ কৰা গৈছিল ।
ইফালে আজি সোমবাৰে মণিপুৰৰ জিৰিবাম জিলাত প্ৰতিবাদৰ সময়ত নিৰাপত্তা বাহিনীৰ গুলিত এজন প্ৰতিবাদকাৰী নিহত হোৱাৰ অভিযোগ উত্থাপন হৈছে । কিন্তু আৰক্ষীয়ে নিশ্চিত কৰে যে, গুলীচালনাত এজন লোক নিহত হৈছে যদিও কোনে গুলীচালনা কৰিছিল সেয়া স্পষ্ট হোৱা নাই । কিন্তু ইয়াৰ বিপৰীতে প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰে যে, গুলীচালনা নিৰাপত্তাৰক্ষীৰ দিশৰ পৰা হৈছে।
যোৱা দেওবাৰেও গভীৰ নিশা জিৰিবাম থানা এলেকাৰ বাবুপাৰাত সন্দেহযুক্ত উগ্ৰপন্থীয়ে অপহৰণ কৰা মহিলা আৰু শিশুক হত্যা কৰাৰ প্ৰতিবাদত আন্দোলনকাৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সা-সম্পত্তি ক্ষতিসাধন কৰে বুলি সূত্ৰ পৰা জানিব পৰা গৈছে । খবৰ অনুসৰি,কংগ্ৰেছ আৰু বিজেপিৰ কাৰ্যালয়ৰ লগতে জিৰিবামৰ এজন নিৰ্দলীয় বিধায়কৰ ঘৰত লুটপাত কৰে এদল প্ৰতিবাদকাৰীয়ে। প্ৰতিবাদকাৰীয়ে ঘৰটোৰ পৰা কাগজ-পত্ৰকে ধৰি অন্যান্য আচবাব উলিয়াই আনি ঘৰটোৰ সন্মুখত জ্বলাই দিয়ে বুলি জানিব পৰা গৈছে ।
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      