শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মণিপুৰত পুনৰ ড্ৰ’ন আক্ৰমণ, ইয়াক সন্ত্ৰাসবাদীৰ কাৰ্য বুলি অবিহিত কৰি ব্যৱস্থা গ্ৰহণৰ আশ্বাস বীৰেণ সিঙৰ

সামাজিক মাধ্যম এক্স হেণ্ডেলত এই ঘটনা সন্দৰ্ভত পোষ্ট শ্বেয়াৰ কৰি মণিপুৰৰ মুখ্য়মন্ত্ৰী গৰাকীয়ে কয় যে,মণিপুৰ ৰাজ্য চৰকাৰে এনে আক্ৰমণক অতি গুৰুত্বসহকাৰে লৈছে । মুখ্যমন্ত্ৰী গৰাকীয়ে দাবী কৰে যে,' আমি সকলো ধৰণৰ হিংসাক গৰিহণা দিছো আৰু মণিপুৰৰ জনসাধাৰণ ঘৃণা, বিভাজন আৰু বিচ্ছিন্নতাৰ বিৰুদ্ধে একত্ৰিত হৈছে। ইম্ফল পশ্চিম জিলাৰ কোটৰুক আৰু সেঞ্জাম চিৰাঙত দেওবাৰে দুটা পৃথক ড্ৰ’ন আক্ৰমণৰ পিছত আজি এই আক্ৰমণ সংঘটিত হৈছে।'

মণিপুৰত পুনৰ ড্ৰ’ন আক্ৰমণ, ইয়াক সন্ত্ৰাসবাদীৰ কাৰ্য বুলি অবিহিত কৰি ব্যৱস্থা গ্ৰহণৰ আশ্বাস বীৰেণ সিঙৰ
মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিং
Manas Borah
Manas Borah | Published: 03 Sep 2024 15:29 PM

সোমবাৰে মণিপুৰত পুনৰ ড্ৰ’ন আক্ৰমণ সংঘটিত হোৱাৰ খবৰ প্ৰকাশ পাইছে । এই আক্ৰমণত ইম্ফল পশ্চিমৰ তিনিজন লোক আহত হোৱাৰ বিপৰীতে ইম্ফল ইষ্টৰ আই আৰ বিৰ বাংকাৰৰ ক্ষতিসাধন হয় । প্ৰকাশিত খবৰ অনুসৰি ইয়াৰ পূৰ্বেও মণিপুৰৰ ইম্ফলত ড্ৰ’ন আক্ৰমণ সংঘটিত হৈছিল। এই আক্ৰমণক তীব্ৰ গৰিহণা দিছে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে । তেওঁ এই আক্ৰমণক সন্ত্ৰাসবাদী কাৰ্য বুলি অভিহিত কৰিছে ।

সামাজিক মাধ্যম এক্স হেণ্ডেলত এই ঘটনা সন্দৰ্ভত পোষ্ট শ্বেয়াৰ কৰি মণিপুৰৰ মুখ্য়মন্ত্ৰী গৰাকীয়ে কয় যে,মণিপুৰ ৰাজ্য চৰকাৰে এনে আক্ৰমণক অতি গুৰুত্বসহকাৰে লৈছে । মুখ্যমন্ত্ৰী গৰাকীয়ে দাবী কৰে যে,’ আমি সকলো ধৰণৰ হিংসাক গৰিহণা দিছো আৰু মণিপুৰৰ জনসাধাৰণ ঘৃণা, বিভাজন আৰু বিচ্ছিন্নতাৰ বিৰুদ্ধে একত্ৰিত হৈছে। ইম্ফল পশ্চিম জিলাৰ কোটৰুক আৰু সেঞ্জাম চিৰাঙত দেওবাৰে দুটা পৃথক ড্ৰ’ন আক্ৰমণৰ পিছত আজি এই আক্ৰমণ সংঘটিত হৈছে।’

উল্লেখ্য যে, ইম্ফল পশ্চিম জিলাৰ কোটৰুক আৰু সেঞ্জাম চিৰাঙত দুটাকৈ পৃথক পৃথক ড্ৰ’ন আক্ৰমণৰ ফলত এগৰাকী মহিলাকে ধৰি দুজন লোকৰ মৃত্যু হোৱাৰ লগতে ১২ জন লোক আহত হৈছিল । কোটৰুকত হোৱা আক্ৰমণৰ সন্দৰ্ভত এগৰাকী বিষয়াই কয় যে, আক্ৰমণ সংঘটিত হোৱাৰ সময়ত পৰিস্থিতি প্ৰতিহত কৰিবলৈ আই জি পি, ডি আই জি আৰু এছ পিৰ লগতে অন্যান্য আৰক্ষী বাহিনী সেই অঞ্চলটোলৈ গৈছিল। সেনা আৰু কেন্দ্ৰীয় বাহিনীয়েও পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অভিযান আৰম্ভ কৰিছিল ।

ইফালে মণিপুৰ আৰক্ষীয়ে উগ্ৰপন্থীয়ে ড্ৰ’ন ব্যৱহাৰৰ তদন্তৰ বাবে পাঁচজনীয়া এখন “উচ্চস্তৰীয় সমিতি” গঠন কৰিছে। সোমবাৰে আৰক্ষী বিভাগে জাৰি কৰা এক অধিসূচনাত কোৱা হৈছে যে, “ অভিযোগ অনুসৰি, কুকি উগ্ৰপন্থীয়ে হাই-টেক ড্ৰ’ন ব্যৱহাৰ কৰি ১ ছেপ্টেম্বৰত কোটৰুকত সংঘটিত কৰা আক্ৰমণত এগৰাকী মহিলা নিহত হৈছিল আৰু তিনিজন আৰক্ষী জোৱানকে ধৰি আন কেইবাজনো লোক আহত হৈছিল।”

“উগ্ৰপন্থীসকলে ব্যৱহাৰ কৰা ড্ৰ’নসমূহৰ পৰীক্ষা আৰু অধ্যয়নৰ বাবে সকলো প্ৰাসংগিক প্ৰমাণ সংগ্ৰহ, ব্যৱহৃত ড্ৰ’নৰ নিৰ্দিষ্টতা আৰু এনে ড্ৰ’নক কেনেকৈ ফলপ্ৰসূভাৱে প্ৰতিহত কৰিব পাৰি তাৰ বাবে পাঁচজনীয়া উচ্চ পৰ্যায়ৰ উচ্চস্তৰীয় সমিতি গঠন কৰা হৈছে। কমিটীৰ নেতৃত্বত থাকিব অতিৰিক্ত ডিজিপি (চোৰাংচোৱা) আশুতোষ কুমাৰ সিনহা । ইয়াৰ লগতে এই সমিতিত ভাৰতীয় সেনা, অসম ৰাইফলছ, চিআৰপিএফ আৰু বিএছএফৰ বিষয়াসকলো অন্তৰ্ভুক্ত হ’ব।” অধিসূচনাত এই কথা উল্লেখ কৰা হৈছে ।