শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মণিপুৰৰ পৰা কেন্দ্ৰীয় বাহিনী প্ৰত্যাহাৰ কৰিবলৈ অমিত শ্বাহক আহ্বান বিজেপি বিধায়কৰ

ৰাজকুমাৰ ইমো সিঙে সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ৰাজ্যখনৰ পৰা কেন্দ্ৰীয় বাহিনী প্ৰত্যাহাৰ কৰাৰ লগতে ৰাজ্যৰ নিৰাপত্তাৰক্ষীক দায়িত্ব ল’বলৈ অনুমতি দিবৰ বাবে অনুৰোধ জনায় । সংঘাত জৰ্জৰিত মণিপুৰলৈ যাতে শান্তি ঘূৰি আহে তাৰ বাবে এই অনুৰোধ জনাইছে ইমো সিঙে । গৃহমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি ইমো সিঙে যুক্তি আগবঢ়ায় যে,মণিপুৰত প্ৰায় ৬০ হাজাৰ কেন্দ্ৰীয় বাহিনীৰ নিয়োজিত হৈ আছে । ইয়াৰ পাছতো শান্তি স্থাপন কৰিবলৈ সক্ষম হোৱা নাই ।

মণিপুৰৰ পৰা কেন্দ্ৰীয় বাহিনী প্ৰত্যাহাৰ কৰিবলৈ অমিত শ্বাহক আহ্বান বিজেপি বিধায়কৰ
প্ৰতীকী ফটো
Manas Borah
Manas Borah | Updated On: 02 Sep 2024 17:12 PM

মণিপুৰৰ বিজেপিৰ বিধায়ক ৰাজকুমাৰ ইমো সিঙে সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ৰাজ্যখনৰ পৰা কেন্দ্ৰীয় বাহিনী প্ৰত্যাহাৰ কৰাৰ লগতে ৰাজ্যৰ নিৰাপত্তাৰক্ষীক দায়িত্ব ল’বলৈ অনুমতি দিবৰ বাবে অনুৰোধ জনায় । সংঘাত জৰ্জৰিত মণিপুৰলৈ যাতে শান্তি ঘূৰি আহে তাৰ বাবে এই অনুৰোধ জনাইছে ইমো সিঙে । গৃহমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি ইমো সিঙে যুক্তি আগবঢ়ায় যে,মণিপুৰত প্ৰায় ৬০ হাজাৰ কেন্দ্ৰীয় বাহিনীৰ নিয়োজিত হৈ আছে । ইয়াৰ পাছতো শান্তি স্থাপন কৰিবলৈ সক্ষম হোৱা নাই ।

ৰাজ্য চৰকাৰ আৰু জনসাধাৰণৰ সৈতে সহযোগিতা নকৰাৰ বাবে অসম ৰাইফলছৰ কিছুমান ইউনিট প্ৰত্যাহাৰৰ বাবে শেহতীয়াকৈ গ্ৰহণ কৰা পদক্ষেপক অৱশ্যে তেওঁ স্বীকাৰ কৰিছে। তেওঁ পত্ৰখনত উল্লেখ কৰে যে, ‘ৰাজ্য চৰকাৰ আৰু জনসাধাৰণৰ সৈতে সহযোগিতা নকৰা অসম ৰাইফলছৰ কিছুমান ইউনিট আঁতৰোৱাৰ পদক্ষেপত আমি সন্তুষ্ট । কিন্তু অন্যান্য কেন্দ্ৰীয় বাহিনীৰ উপস্থিতিয়ে যদি হিংসা বন্ধ কৰিব নোৱাৰে তেন্তে তেওঁলোকক আঁতৰাই শান্তি ঘূৰাই অনাৰ বাবে ৰাজ্যখনক দায়িত্ব দিব লাগে।’

সিঙে প্ৰস্তাৱ আগবঢ়ায় যে, কেন্দ্ৰীয় চৰকাৰে ইউনিফাইড কমাণ্ডৰ কৰ্তৃত্ব মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্য চৰকাৰলৈ হস্তান্তৰ কৰিব লাগে । বৰ্তমানৰ কেন্দ্ৰীয় বাহিনীৰ গোটে হিংসা ৰোধ কৰাত সফল হ’ব পৰা নাই বুলি সমালোচনা কৰি যুক্তি দি পত্ৰখনত কয় যে, এই সময়ত ইউনিফাইড কমাণ্ডক নিৰ্বাচিত চৰকাৰলৈ হস্তান্তৰ কৰাটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ লগতে তেওঁ যুক্তি দিয়ে যে, ৰাজ্যখনত শান্তি আৰু স্বাভাৱিকতা ঘূৰাই অনাৰ বাবে আইনে নিৰ্ধাৰিত পদ্ধতিৰ অনুসৰি কাম কৰিবলৈ অনুমতি দিব লাগিব।

উল্লেখ্য যে, পত্ৰখনত ইমো সিঙে অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদৰ পুঁজি আৰু যোগানৰ তদন্তৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহক অনুৰোধ জনায় । তেওঁ দাবী কৰে যে, অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদৰ পুঁজি আৰু যোগানে সংঘাত আৰু অধিক ভয়াৱহ কৰি তুলিছে। ইয়াৰ লগতে ইমো সিঙে বিদ্ৰোহী গোটসমূহ সৈতে হোৱা এছ অ’ অ’(Suspension of Operations) বাতিল কৰিবলৈয়ো আহ্বান জনাইছে ।