ৰিয়েল লাইফত ‘স্পেচিয়েল ২৬’ কাণ্ডঃ ইডিৰ বিষয়াৰ ৰূপত ব্যৱসায়ীৰ পৰা লুণ্ঠন ৩০ লাখ টকা
অক্ষয় কুমাৰ অভিনীত বলীউডৰ জনপ্ৰিয় ছবি ‘স্পেচিয়েল ২৬’ৰ কাহিনী নিশ্চয় সকলোৰে মনত আছে। ভুৱা বিষয়াৰ ৰূপ ধৰি নানা স্থানত অভিযানৰ নামত চলোৱা লুণ্ঠনৰ কাহিনী দেখুওৱা হৈছিল এই ছবিখনত। এইবাৰ ৰিয়েল লাইফত সন্ংহটিত হৈছে এনে এক কাণ্ড। ইডিৰ বিষয়াৰ ৰূপত প্ৰতাৰকৰ এটা দলে ব্যৱসায়ীৰ পৰা লুণ্ঠন কৰিছে ৩০ লাখ টকা।

অক্ষয় কুমাৰ অভিনীত বলীউডৰ জনপ্ৰিয় ছবি ‘স্পেচিয়েল ২৬’ৰ কাহিনী নিশ্চয় সকলোৰে মনত আছে। ভুৱা বিষয়াৰ ৰূপ ধৰি নানা স্থানত অভিযানৰ নামত চলোৱা লুণ্ঠনৰ কাহিনী দেখুওৱা হৈছিল এই ছবিখনত। স্পেচিয়েল ২৬ৰ দৰেই বিগত কিছুদিনত দেশত বহুকেইটা লুণ্ঠনৰ ঘটনা সংঘটিত হৈছে। পুনৰ পোহৰলৈ আহিছে এনে এক ঘটনাৰ খবৰ। লুণ্ঠনৰ অভিযোগত দক্ষিণ কানাড়া আৰক্ষীয়ে কেৰালাৰ কোল্লাম জিলাৰ পৰা এগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। এই ব্যক্তিজনে ইডিৰ বিষয়াৰ ৰূপ লৈ ভিটালৰ এগৰাকী ব্যৱসায়ীৰ পৰা লুণ্ঠন কৰিলে ৩০ লাখ টকা।
ধৃত লোকজনক অনিল ফাৰ্নাণ্ডেছ (৪৯) বুলি চিনাক্ত কৰা হৈছে। লগতে এই ঘটনাত ব্যৱহৃত বাহনখনো আৰক্ষীয়ে জব্দ কৰিছে। বাহনখনৰ নম্বৰ প্লেটখন ভুৱা বুলি জানিবলৈ দিছে আৰক্ষীয়ে। প্ৰকাশিত খবৰ অনুসৰি, যোৱা ৩ জানুৱাৰীৰ নিশা প্ৰায় ৮:১০ বজাত ভিটাল আৰক্ষী থানাৰ সীমাৰ অন্তৰ্গত কোলানাদৰ কৃষি আৰু বীডি ব্যৱসায়ী এম চুলেমানৰ বাসগৃ্হত উপস্থিত হয় ছয়জনীয়া এটা দল। এই দলৰ নেতৃত্বত আছিল অনিল ফাৰ্নাণ্ডেছ ।
এই দলটোৱে ইডি বিষয়া বুলি পৰিচয় দিয়ে আৰু চুলেমানৰ বাসগৃহত তালাচীৰ ৱাৰেণ্ট আছে বুলি দাবী কৰে। দলটোৱে ইয়াৰ পিছতে চুলেমানৰ বাসগৃহত তালাচী আৰম্ভ কৰে। চুলেমানৰ পৰিয়ালৰ লোকসকলৰ পৰা মোবাইল ফোন জব্দ কৰি ৰখাৰ লগতে নগদ ধন জব্দ কৰি নিয়ে দলটোৱে। এই ভুৱা অভিযানৰ অন্তত দলটোৱে পৰিয়ালটোক আনকি ইডিৰ বেংগালুৰু কাৰ্যালয়ৰ পৰা তেওঁলোকক ফোন ঘূৰাই দিয়া হ’ব বুলিও জানিবলৈ দিয়ে।
লক্ষণীয়ভাৱে ঘটনাৰ বিষয়ে পোহৰলৈ অহাৰ পাছতে বিধানসভাৰ অধ্যক্ষ ইউ টি খাদৰে চুলেমানক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰিছিল। তদুপৰি শেহতীয়াকৈ মাংগালুৰু ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী সিদ্দাৰমায়াই এই কাণ্ড সন্দৰ্ভত বিষয়াসকলক তীব্ৰ ধমক দিছিল। এতিয়া এই অপৰাধত ব্যৱহৃত বাহনখনৰ লগতে ভুৱা নম্বৰ প্লেটখন আৰক্ষীয়ে উদ্ধাৰ কৰিছে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু দলটোৰ আন সদস্যসকলৰ সন্ধানত অভিযান চলাই আছে।
লক্ষণীয়ভাৱে কৰ্ণাটকত শেহতীয়াকৈ সংঘটিত আন এক প্ৰতাৰণাৰ খবৰো পোহৰলৈ আহিছে। যোৱা ১৯ জানুৱাৰীত বাংগালুৰুত চাইবাৰ অপৰাধৰ চিকাৰ হয় টেক উদ্যোগত কৰ্মৰত এজন ব্যক্তি। দুৰ্বৃত্তৰ হাতত প্ৰতাৰণাৰ বলি হৈ ১১ কোটি টকা হেৰুৱায় ব্যক্তিজনে। এই গোচৰত প্ৰৱঞ্চকে চৰকাৰী বিষয়াৰ ৰূপ লৈ ভুক্তভোগীক ফোন কৰি ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰাৰ ভাবুকি দিয়ে। ঘটনাৰ পিছতে আৰক্ষীয়ে তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে।