শৌচ কৰি থকাৰ সময়তে টয়লেট চিটত ভয়ংকৰ বিস্ফোৰণ, চুৰমাৰ হৈ গ’ল সকলো আৰু পাছত…
এক ভয়ংকৰ ঘটনা। বাথৰুমত বিস্ফোৰণ ঘটি গুৰুতৰভাৱে আহত এজন যুৱক। জানিব পৰা মতে, ২০ বছৰীয়া যুৱকজন বাথৰুমত থকাৰ সময়তে ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়।

টয়লেট চিটত বিস্ফোৰণ ঘটি আহত যুৱক। উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাৰ পৰা অহা চাঞ্চল্যকৰ এক ঘটনাই চকু কঁপালত তুলিছে বিভিন্নজনৰ। জানিব পৰা মতে, এই অঞ্চলটোৰ এটা ঘৰত হঠাতে বিস্ফোৰণৰ শব্দ শুনা যায়। এই বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে টয়লেটৰ ওচৰত থিয় হৈ থকা যুৱকজন গুৰুতৰভাৱে আহত হয়। বৰ্তমান জিমছ হাস্পতালত তেওঁৰ চিকিৎসা চলি আছে। আহত যুৱকজনৰ পৰিয়ালৰ মতে এই ঘটনা মিথেন গেছ বিস্ফোৰণৰ ফলত সংঘটিত হোৱাৰ সম্ভাৱনা আছে।
তথ্য অনুসৰি ৩৬ নং ছেক্টৰৰ বাসিন্দা সুনীল প্ৰধান নামৰ লোকজন। তেওঁলোকৰ ঘৰত ৱেষ্টাৰ্ণ টয়লেট আছে। শনিবাৰে দুপৰীয়া প্ৰায় ৩ মান বজাত তেওঁৰ ২০ বছৰীয়া পুত্ৰ আশু নগৰ বাথৰুমলৈ যায়। শৌচ কৰাৰ পিছত পানী ঢালিবলৈ ফ্লাছটো টিপি দিয়াৰ লগে লগে টয়লেটৰ চিটটো বিস্ফোৰণ হৈ ফাঁটি যায়। ইয়াৰ পাছতে ঘটনাস্থলীত অগ্নিকাণ্ড সংঘটিত হয়।
অগ্নিকাণ্ডৰ ফলত আশুৰ মুখ, হাত, ভৰি আৰু ব্যক্তিগত অংগ জ্বলি যায়। বিস্ফোৰণৰ শব্দ শুনাৰ লগে লগে পৰিয়ালৰ আন সদস্যসকল ঘটনাস্থলীত উপস্থিত হৈ আশুক উদ্ধাৰ কৰি জিমছ হস্পিতালত ভৰ্তি কৰে। যুৱকজন বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে। চিকিৎসকে জনাইছে যে তেওঁ সুস্থ গৈ উঠিবলৈ কিছু সময় লাগিব।
শৌচাগাৰত মিথেন গেছ জমা হোৱাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে আশুৰ পিতৃ সুনীল প্ৰধানে। তেওঁ কয় যে, বাথৰুম আৰু পাকঘৰৰ মাজত এচিৰ এক্সজেষ্ট স্থাপন কৰা হৈছে। ইয়াৰ পাছত গ্ৰীণ বেল্ট আছে। গতিকে এনেবোৰ কাৰণতে বিস্ফোৰণ হ’ব পাৰে। অৱশ্যে তেওঁ এয়াও কয় যে, শৌচাগাৰবোৰ নিয়মিতভাৱে ব্যৱহাৰ কৰা হয়। গতিকে কি কাৰণে এই ঘটনা সংঘটিত হ’ল ইয়াৰ তদন্ত কৰা উচিত। এই ঘটনাৰ আঁৰৰ কাৰণ জনা আৱশ্যক।
অঞ্চলটোৰ স্থানীয় লোকসকলে কয় যে, গ্ৰেটাৰ নয়ডাৰ নলাসমূহৰ অৱস্থা অতি বেয়া। ইয়াৰ পূৰ্বে নলাত ভেণ্ট পাইপ স্থাপন কৰা হৈছিল, যাৰ মাজেৰে মিথেন গেছ সহজে ওলাই আহিব পাৰিছিল। কিন্তু এতিয়া তেনে ব্যৱস্থা নাই। এনে পৰিস্থিতিত গেছ পাইপৰ ভিতৰতে জমা হৈ থাকে আৰু যিকোনো সময়তে এনে বিস্ফোৰণ হোৱাৰ আশংকা থাকে। তেওঁলোকে লগতে কয় যে, পি-৩ ঘূৰণীয়া পথৰ সমীপৰ ওচৰত যোৱা ডেৰ বছৰত ধৰি নলা লাইন ভাহি আছে। কিন্তু এই ক্ষেত্ৰত এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। এই সন্দৰ্ভত স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।