শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভাড়াতীয়া গুণ্ডা লগাই ‘পৰকীয়া প্ৰেমিকা’ খুলশালীক দলবদ্ধ ধৰ্ষণ ভিনিহিয়েকৰঃ হত্যা কৰি জ্বলাই দিলে দেহ

প্ৰথমে খুলশালীৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক আৰু তাৰ পিছত এই সম্পৰ্কৰ কথা ৰাজহুৱা কৰি বিবাহৰ দাবী কৰাৰ বাবেই ভাড়াতীয়া গুণ্ডা লগাই দলবদ্ধ ধৰ্ষণ কৰি হত্যা; অপৰাধৰ প্ৰমাণ নষ্ট কৰাৰ চেষ্টাৰে মৃতদেহ জ্বলাই আসুৰিক কাণ্ড ভিনিহিয়েকৰ। মানৱ সমাজক লজ্জানত কৰা এই জঘন্য কাণ্ড সংঘটিত হৈছে উত্তৰ প্ৰদেশত।

ভাড়াতীয়া গুণ্ডা লগাই ‘পৰকীয়া প্ৰেমিকা’ খুলশালীক দলবদ্ধ ধৰ্ষণ ভিনিহিয়েকৰঃ হত্যা কৰি জ্বলাই দিলে দেহ
প্ৰতিনিধিত্বমূলক ছবি
Monjit Dutta
Monjit Dutta | Published: 03 Feb 2025 08:12 AM

প্ৰথমে খুলশালীৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক আৰু তাৰ পিছত এই সম্পৰ্কৰ কথা ৰাজহুৱা কৰি বিবাহৰ দাবী কৰাৰ বাবেই ভাড়াতীয়া গুণ্ডা লগাই দলবদ্ধ ধৰ্ষণ কৰি হত্যা; অপৰাধৰ প্ৰমাণ নষ্ট কৰাৰ চেষ্টাৰে মৃতদেহ জ্বলাই আসুৰিক কাণ্ড ভিনিহিয়েকৰ। মানৱ সমাজক লজ্জানত কৰা এই জঘন্য কাণ্ড সংঘটিত হৈছে উত্তৰ প্ৰদেশত। এই বৰ্বৰ কাণ্ডৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে অভিযুক্ত ভিনিহিয়েকৰ লগতে আন দুজন লোক। সংবাদ মাধ্যমৰ জৰিয়তে এই খবৰ পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ।

প্ৰকাশিত খবৰ অনুসৰি, যোৱা ২১ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ আছিল এই চৰম বৰ্বৰতাৰ বলি হোৱা যুৱতীগৰাকী। দুদিন ধৰি যুৱতীগৰাকীৰ কোনো সন্ধান লাভ নকৰাৰ পিছত উপায়ন্তৰ হৈ যুৱতীগৰাকীৰ পৰিয়াল অৱশেষত আৰক্ষীৰ কাষ চাপে আৰু অভিযোগ দাখিল কৰে। পৰিয়ালটোৰ অভিযোগ লাভ কৰাৰ পিছতে স্থানীয় আৰক্ষীয়ে নিখোঁজ যুৱতীগৰাকীৰ সন্ধানত ব্যাপক অভিযান চলায়।

বহু চেষ্টাৰ পিছতো কেইবাদিনলৈ যুৱতীগৰাকীৰ সন্ধান লাভ কৰাত ব্যৰ্থ হৈছিল স্থানীয় আৰক্ষী। অৱশেষত অভিযোগ লাভৰ প্ৰায় এটা সপ্তাহৰ পিছত আৰক্ষীয়ে অঞ্চলটোৰ এটা খালৰ পাৰৰ পৰা সম্পূৰ্ণৰূপে জ্বলি যোৱা অৱস্থাত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষীয়ে লগে লগে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। প্ৰাথমিক পৰীক্ষাৰ পিছত যুৱতীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰা বুলি তথ্য লাভ কৰে আৰিক্ষীয়ে।

লগতে এনে অত্যাচাৰৰ প্ৰমাণ নষ্ট কৰাৰ উদ্দেশ্যে যুৱতীগৰাকীৰ মৃতদেহ জ্বলাই দিয়া বুলি নিশ্চিত হয় আৰক্ষী। এনে তথ্য পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অধিক জোৰদাৰ কৰি তোলে আৰু তদন্তৰ মাজতে যুৱতীগৰাকীৰ ভিনিহিয়েকক সন্দেহৱশতঃ গ্ৰেপ্তাৰ। আৰক্ষীৰ নিৰন্তৰ জেৰাত অৱশেষত ভিনিহিয়েকে স্বীকাৰ কৰে এই জঘন্য অপৰাধৰ কথা।

আৰক্ষীৰ সূত্ৰ অনুসৰি ঘটনাৰ মূল অভিযুক্ত ভিনিহিয়েকে খুলশাখীয়েকৰ সৈতে বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিছিল। দীৰ্ঘসময়ৰ এনে সম্পৰ্কৰ পিছত যুৱতীগৰাকীয়ে এই সম্পৰ্কৰ সকলো কথা নিজ ভগ্নীৰ আগত প্ৰকাশ কৰাৰ ভাবুকি দিয়াৰ লগতে বিবাহৰ দাবী জনাইছিল ভিনিহিয়েকক। এই কথাত ভীতিগ্ৰস্ত হৈ ভিনিহিয়েকে এই চৰম পৰিকল্পনা কৰে আৰু ভাড়াতীয়া গুণ্ডাৰ সৈতে যোগাৰ কৰে।

অভিযুক্ত ভিনিহিয়েকৰ ভাষ্যৰ আধাৰত আৰক্ষীয়ে জানিবলৈ দিয়া মতে যুৱতীগৰাকীক হত্যাৰ বাবে ৪০ হাজাৰ টকাৰ বিনিময়ত ভাড়াতীয়া গুণ্ডা নিয়োগ কৰে। ইয়াৰ পিছতে পৰকীয়া প্ৰেয়সী খুলশালীয়েকক স্কুটীত উঠাই তেওঁ এক পৰিত্যক্ত অঞ্চললৈ লৈ যায়। এই স্থানতে দুই ভাড়াতীয়া গুণ্ডাৰ লগত যুৱতীগৰাকীৰ পৰত নৰকীয় আতিশয্য চলায় অভিযুক্ত ভিনিহিয়েকে।

প্ৰথম যুৱতীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰি অভিযুক্তই ইয়াৰ পিছতে ডিঙি চেপি হত্যা কৰে। এই আসুৰিক কাৰ্যকলাপ ইমানতে ক্ষান্ত নহ’ল। ঘটনাৰ প্ৰমাণ নষ্ট কৰিবলৈ যুৱতীগৰাকীৰ মৃতদেহ পেট্ৰ’ল ঢালি জ্বলাই দিয়ে অভিযুক্তই। এই ঘটনাৰ আইনী প্ৰক্ৰিয়া অব্যাহত আছে আৰু এই স্বীকাৰোক্তিৰ ভিত্তিত দোষীয়ে কঠোৰ শাস্তি লাভ কৰিব বুলি আৰক্ষীয়ে উল্লেখ কৰিছে।