5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সম্পৰ্কীয়লোকক পণবন্দী কৰিলে যুৱকে, তীব্ৰ চাঞ্চল্য

  যুৱকজন ২৮ বছৰীয়া মনোহৰ ঝা বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে। জানিব পৰা মতে ২০২১ চনত যুৱকজনৰ পত্নীৰ লগত বিবাহ বিচ্ছেদো হৈছিল। কিন্তু যুৱতীগৰাকীৰ প্ৰতি তেওঁ ক্ষুব্ধ হৈ আছিল।

প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সম্পৰ্কীয়লোকক পণবন্দী কৰিলে যুৱকে, তীব্ৰ চাঞ্চল্য
আৰক্ষী
barasha-sarma
Barasha Sarma | Published: 16 Sep 2024 14:40 PM

প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সম্পৰ্কীয়লোকক পণবন্দী কৰিলে যুৱকে। জানিব পৰা মতে বন্দুকধাৰী যুৱকজনে ভয় দেখুৱাই এগৰাকী যুৱতীক পণবন্দী কৰে আৰু গুলীচালনা কৰিবলৈ আৰম্ভ কৰে। যুৱতীগৰাকীয়ে সুযোগ বুজি অন্য এটা কোঠালৈ গৈ নিজৰ প্ৰাণ ৰক্ষা কৰে। এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়। সেই সময়ত যুৱকজনে ঘৰটোত পেট্ৰোল ঢালি জ্বলাই দিয়াৰ চেষ্টা কৰি আছিল। কিন্তু তেতিয়াই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তেওঁক। এই যুৱতীগৰাকী বিহাৰৰ ৩ বাৰকৈ মুখ্যমন্ত্ৰী হোৱা ভোলা পাছৱান শাস্ত্ৰীৰ বোৱাৰীয়েকৰ ভতিজী। এই ঘটনা সংঘটিত হৈছে বিহাৰৰ পূৰ্ণিয়াত।

আৰক্ষীয়ে জনোৱা মতে,দুয়োৰে মাজত প্ৰেম বিবাহ সম্পন্ন হৈছিল। কিন্তু বিয়াৰ কিছুদিন পাছৰ পৰাই দুয়োৰে মাজত বিবাদ হ’বলৈ আৰম্ভ কৰে। দুয়োজনেই প্ৰায় ৪ বছৰ ধৰি পৃথকে পৃথকে আছিল আৰু ইতিমধ্যে তেওঁলোকৰ বিবাহ বিচ্ছেদো হৈছে। সোধা-পোছাৰ সময়ত যুৱকজনে কয় যে তেওঁৰ পৰিয়ালৰ লোক এই বিবাহক লৈ ক্ষুব্ধ হৈ পৰিছিল। দেউতাকে কৈছিল যে তেওঁৰ সম্পত্তিৰ কোনো অংশ যুৱকজনক  নিদিয়ে। তাৰ পাছতেই যুৱকজনে ঘৰ এৰি অন্য ঠাইত থাকিব লৈছিল। আৰক্ষীয়ে জনোৱা মতে যুৱক- যুৱতীগৰাকীৰ বিয়াৰ সময়ত বয়স কম আছিল। বিয়াৰ পাছত যুৱতীগৰাকীয়ে পঢ়িব বিচাৰিছিল যাৰ বাবে তেওঁ বেলেগকৈ বাস কৰিছিল।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বোৱাৰী তথা আৰ জে ডি নেত্ৰী সুশীলা ভাৰতীয়ে জনোৱা মতে, যুৱকজন আৰু যুৱতীগৰাকীৰ বিয়া তেওঁলোকে মানি লৈছিল যদিও যুৱকজনৰ পৰিয়ালে মানি লোৱা নাছিল। যাৰ বাবে তেওঁলোকৰ মাজত অশান্তি বৃদ্ধি পাইছিল। কেইবাবছৰ ধৰি দুয়ো পৃথকে বাস কৰি আহিছিল যদিও আজি হঠাতে যুৱকজন তেওঁলোকৰ ভতিজীৰ ঘৰত উপস্থিত হৈ পৰিয়ালৰ সকলোলোকক পণবন্দী কৰি লয়। যুৱকজনে তেওঁৰ প্ৰাক্তন পত্নীক হত্যাৰ চেষ্টা চলাই যদিও কথমপি তেওঁৰ প্ৰাণ ৰক্ষা পৰে। সুশীলা ভাৰতীয়ে বাস কৰা কেম্পাছতে তেওঁৰ ভগ্নী আৰু ভতিজী থাকে। সোমবাৰে সংঘটিত হয় এই ঘটনা। এই ঘটনাৰ পাছতেই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কয় যে, যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁ পৰা পিষ্টল জব্দ কৰা হৈছে। যুৱকজন মানসিকভাৱে অশান্তিত ভুগি আছিল। ঘটনা সন্দৰ্ভত জেৰা অব্যাহত আছে।  যুৱকজন ২৮ বছৰীয়া মনোহৰ ঝা বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে। জানিব পৰা মতে ২০২১ চনত যুৱকজনৰ পত্নীৰ লগত বিবাহ বিচ্ছেদো হৈছিল। কিন্তু যুৱতীগৰাকীৰ প্ৰতি তেওঁ ক্ষুব্ধ হৈ আছিল। ইয়াৰ পৰিণতিত আজি যুৱতীগৰাকীৰ ঘৰত উপস্থিত হৈ তেওঁক হত্যাৰ চেষ্টা চলায়।

Latest News