শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভয়ংকৰ ! ধেমালিতে ধেমালিতে ঘটিল অঘটন…সহকৰ্মী হৈ পৰিল হত্যাকাৰী

বন্ধু, সহকৰ্মী আদিৰ মাজত ধেমালি সাধাৰণ কথা । কিন্তু সেই ধেমালিৰ পৰিণতি যদি হয় অতি ভয়ংকৰ ! এটা মৰাপাট মিলত এজন কৰ্মীৰ সৈতে ঘটিল এক ভয়ংকৰ ঘটনা । চাওক সবিশেষ-

ভয়ংকৰ ! ধেমালিতে ধেমালিতে ঘটিল অঘটন…সহকৰ্মী হৈ পৰিল হত্যাকাৰী
মৃত ব্যক্তিImage Credit source: TV9 Bangla
Raj Saikia
Raj Saikia | Published: 17 Feb 2025 16:40 PM

কৰ্মস্থলীত সহকৰ্মীৰ মাজত হাঁহি-ধেমালি চলেই । সেয়া একেবাৰে সাধাৰণ কথা । চৰকাৰী, বেচৰকাৰী, ডাঙৰ-সৰু যিকোনো প্ৰতিষ্ঠানতে কৰ্মচাৰীৰ মাজত সাধাৰণ হাঁহি-ধেমালি দেখা যায় । কেতিয়াবা ধেমালিৰ মাত্ৰা বাঢ়ি গ’লে অৱশ্যে ৰঙেই গৈ খং হৈ পৰে । এই প্ৰতিবেদনত তেনে এক ঘটনাৰ বিষয়েই উল্লেখ কৰিবলৈ লৈছোঁ ।

এটা মৰাপাটৰ মিলত কাম কৰিছিল ৫০ বছৰৰ ঊৰ্ধৰ ব্যক্তিজনে । নিশাটো কাম কৰাৰ পাছত দোকমোকালি অলপ জিৰণি লৈ শুই পৰিছিল মিলতেই । তেওঁৰ সৈতে সহকৰ্মীসকলে প্ৰায়েই ধেমালি কৰে । কেতিয়াবা সেই ধেমালি অলপ বেছিয়েই হয় । অসহ্য হৈ এই বিষয়ে মিল কৰ্তৃপক্ষকো অৱগত কৰিছিল ব্যক্তিজনে । কিন্তু অভিযোগ মতে কৰ্তৃপক্ষই কাণ দিয়া নাছিল এই অভিযোগত । দেওবাৰে তেনে এক ধেমালিৰেই পৰিণতি হৈ পৰিল ভয়ংকৰ ।

অভিযোগ মতে, ধেমালিতে লোকজনৰ গুহ্যদ্বাৰেৰে পাম্পৰ পাইপ ভৰাই দিছিল এজন সহকৰ্মীয়ে । কিন্তু তাৰ পৰিণতি যে এনে হ’ব সেয়া কোনেও হয়তো কল্পনাই কৰিব পৰা নাছিল । গুহ্যদ্বাৰেৰে পাম্পৰ পাইপ ভৰাই দিয়াৰ ফলত লোকজনৰ নাড়ী-ভূৰু ফুলি ফাঁটি যায় আৰু লোকজনৰ মৃত্যু হয় । আৰক্ষীয়ে জনোৱা মতে মৃত লোকজনৰ নাম সাবেৰ মল্লিক ।

মৃত সাবেৰৰ পত্নীয়ে জনোৱা মতে, বাৰে বাৰে অন্য শ্ৰমিকসকলে ধেমালিৰ নামত উত্তেজিত কৰি আহিছিল সাবেৰক । তেওঁ বহুবাৰ মিল কৰ্তৃপক্ষক এই কথা জনাইছিল । তাৰ পাছতো মিল কৰ্তৃপক্ষই কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল । মিল কৰ্তৃপক্ষই যদি আগতেই পদক্ষেপ ল’লে এইদৰে স্বামীক হেৰুৱাব নালাগিল হেঁতেন বুলি উল্লেখ কৰে সাবেৰৰ পত্নীয়ে । ইফালে মৃত সাবেৰৰ কন্যা এইবাৰ অৱতীৰ্ণ হৈছে মাধ্যমিকৰ ব’ৰ্ড পৰীক্ষাত ।

এই ঘটনাই স্তম্ভিত কৰি তুলিছে চিকিৎসকসকলকো । তেওঁলোকৰ একাংশই জনোৱা মতে, এইধৰণৰ ঘটনা আগতে কেতিয়াও পোৱা নাই । গুহ্যদ্বাৰেৰে বায়ু ভৰাই দিয়াৰ ফলতেই নাড়ী-ভুৰু ফাঁটি যায় । মিল কৰ্তৃপক্ষই আৰক্ষীক এখন এজাহাৰ দাখিল কৰিছে ।

এই ঘটনাটো সংঘটিত হৈছে পশ্চিমবংগৰ উলুবেৰিয়াত । গুহ্যদ্বাৰত বায়ু ভৰাই দিয়াত যেতিয়া সাবেৰৰ অৱস্থা শোচনীয় হ’বলৈ ধৰে, তেতিয়া প্ৰথমে তেওঁক উলুবেৰিয়া ইএছআই হাস্পতালত ভৰ্তি কৰা হয় । কিন্তু তেওঁৰ অৱস্থা ক্ৰমাৎ অৱনতি ঘটাত তেওঁক মানিকতলা ইএছআই হাস্পতাললৈ স্থানান্তৰ কৰা হয় । তাতেই তেওঁ মৃত্যুক আঁকোৱালি লয় ।

চিকিৎসকে জনোৱা মতে, প্ৰথমে তেওঁক ভেন্টিলেশ্যনত ৰখা হয় । আই টি ইউৰ পৰা বিশেষ য্ন্ত্ৰও অনা হয় । ইনটিউবেশ্যন পদ্ধতিত চিকিৎসা কৰা হয় । মুখৰ ভিতৰেৰে নলী ভৰাই শৰীৰত অক্সিজেন প্ৰৱেশৰ চেষ্টা কৰা হয় । কিন্তু তেওঁক জীয়াই তুলিব পৰা নগ’ল ।