শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভয়ংকৰ! নাই মুণ্ড, নলাৰ পৰা উদ্ধাৰ যুৱকৰ মৃতদেহৰ ৫টাকৈ টুকুৰা…

দেশত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। ইয়াৰ মাজতে এক ভয়ংকৰ ঘটনা পোহৰলৈ আহে। জানিব পৰা মতে, এটা নলাৰ পৰা উদ্ধাৰ হয় যুৱকৰ মৃতদেহৰ ৫টাকৈ টুকুৰা।

ভয়ংকৰ! নাই মুণ্ড, নলাৰ পৰা উদ্ধাৰ যুৱকৰ মৃতদেহৰ ৫টাকৈ টুকুৰা…
জবলপুৰImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 14 May 2025 13:39 PM

দেশত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাৰ মাজতে পুনৰ এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে। মঙলবাৰে সন্ধিয়া এটা নলাত উদ্ধাৰ হয় এজন যুৱকৰ মুণ্ডহীন মৃতদেহ। এই ঘটনা ইমানেই ভয়ংকৰ যে শুনিলে আপুনোৰ বুকু কঁপি উঠিব। জানিব পৰা মতে, আৰক্ষীয়ে যুৱকজনৰ মৃতদহৰ ৫টাকৈ টুকুৰা উদ্ধাৰ কৰিছে। আৰক্ষীৰ মতে, প্ৰায় ৩-৪ দিন পূৰ্বে মৃতদেহটো টুকুৰা-টুকুৰ কৰা হৈছিল। কিন্তু এতিয়ালৈকে মৃতদেহটোৰ মুণ্ড বিচাৰি পোৱা নাই। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ জবলপুৰত।

জানিব পৰা মতে, গোহালপুৰ থানাৰ অন্তৰ্গত নন্দন বিহাৰ কলনীৰ এটা নলাত অচিনাক্ত যুৱক এজনৰ মৃতদেহ উদ্ধাৰ হয়। প্ৰথম অৱস্থাত স্থানীয় লোকে এই মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ মৃতদেহটো তদন্তীয় পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জনাই যে, মৃতদেহটোৰ দুখন হাত, ভৰি আৰু আন অংশ নলাৰ পৰা পৃথকে পৃথকে উদ্ধাৰ কৰা হৈছিল, আনহাতে এতিয়াও মূৰটো বিচাৰি পোৱা নাই। মৃতদেহটো প্ৰায় গলি গৈছিল, যাৰ বাবে অনুমান কৰিব পাৰি যে বিগত কেইবাদিন ধৰি নলাতে পৰি আছিল। গৰম আৰু নলাত পৰি থকা বাবে মৃতদেহটো গলি যায়। আৰক্ষীয়ে জনাই যে, উদ্ধাৰ হোৱা হাতৰ টুকুৰাত “MANJU” আৰু “PARAM” বুলি লিখা আছিল। গতিকে এই নাম কেইটাই যুৱকজনৰৰ পৰিচয় উদ্ধাৰত সহায় হ’ব বুলি আৰক্ষীয়ে আশা কৰিছে।

স্থানীয় লোকে অৱগত কৰাৰ পাছত ঘটনাস্থলীত আৰক্ষী আৰু ক্ৰাইম ব্ৰান্সৰ দল উপস্থিত হৈছিল। পৰৱৰ্তী সময়ত মৃতদেহৰ টুকুৰা কেইটা উদ্ধাৰ কৰে। ইতিমধ্যে ফৰেন্সিক দলে ঘটনাস্থলীৰ পৰা প্ৰয়োজনীয় তথ্য উদ্ধাৰ কৰিছে। আনহাতে ডগ স্কোৱাড দলেও ঘটনাস্থলী ভালদৰে পৰ্যবেক্ষণ কৰে। আৰক্ষীয়ে সন্দেহ কৰিছে যে এই ঘটনা ষড়যন্ত্ৰ বা কোনো বিবাদৰ ফলত সংঘটিত হৈছে। মৃতদেহটো অতি নৃশংসভাৱে টুকুৰা-টুকুৰ কৰা হৈছিল, গতিকে ই কোনো নিকৃষ্ট মানসিকতাৰ লোকৰ কাম হ’ব পাৰে।

গোহালপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰতিক্ষা মাৰ্কোৱে কয় যে, অচিনাক্ত যুৱকজনক চিনাক্ত আৰু অভিযুক্তক বিচাৰি উলিওৱাৰ বাবে সকলো ধৰণৰ চেষ্টা চলাই যোৱা হৈছে। আৰক্ষীয়ে আশে-পাশে থকা অঞ্চলৰ চিচিটিভি ফুটেজ স্কেন কৰাৰ লগতে নিৰুদ্দেশ হোৱা ৰিপৰ্টৰ সৈতে মিলাই যুৱকজনক চিনাক্ত কৰাৰ কাম আৰম্ভ কৰিছে। ইয়াৰোপৰি অঞ্চলটোৰ আশে পাশে থকা সকলো থানাৰ পৰা নিৰুদ্দেশ হোৱাৰ গোচৰ বিচৰা হৈছে। গতিকে আৰক্ষীৰ তদন্তৰ অন্ততহে জানিব পৰা  যাব কোনে, কিয় এই ভয়ংকৰ ঘটনা সংঘটিত কৰিছে।