৯ সন্তানৰ মাতৃৰ নৃশংস কাণ্ড! প্ৰেমিকৰ সৈতে মিলি স্বামীৰ ল’লে প্ৰাণ…
স্বামীয়ে তেওঁৰ পত্নীক বহুত মৰমৰ কৰিছিল। দুয়োৰে ৯টাকৈ সন্তান আছিল। কিন্তু স্বামীয়ে গম পোৱা নাছিল যে এদিন মৰমৰ পত্নীয়ে তেওঁৰ প্ৰাণ ল'ব।

বিগত কেইটামান দিনৰ পৰা বিবাহ বহিৰ্ভুতৰ লগত জড়িত বিভিন্ন ধৰণৰ খবৰ পোহৰলৈ আহিছে। এনে গোচৰবোৰত সাধাৰণতে নিৰীহ লোকে প্ৰাণ হেৰুওৱা দেখা যায়। পুনৰ এনে এক ঘটনা পোহৰলৈ আহিছে য’ত এগৰাকী পত্নীয়ে নিজ স্বামীক প্ৰেমিকৰ সৈতে মিলি হত্যা কৰে। স্বামীয়ে তেওঁৰ পত্নীক বহুত মৰমৰ কৰিছিল। দুয়োৰে ৯টাকৈ সন্তান আছিল। কিন্তু স্বামীয়ে গম পোৱা নাছিল যে এদিন মৰমৰ পত্নীয়ে তেওঁৰ প্ৰাণ ল’ব। এই ঘটনা উত্তৰ প্ৰদেশৰ কাছগঞ্জৰ পৰা পোহৰলৈ আহিছে।
জানিব পৰা মতে, মহিলাগৰাকীৰ মুছলিম যুৱক এজনৰ সৈতে সম্পৰ্ক আছিল। অভিযোগ অনুসৰি, সেই যুৱকজনৰ সৈতে মিলি তেওঁ নৃশংস কাণ্ড সংঘটিত কৰে। পাছত এই অপৰাধ লুকুৱাই ৰাখিবলৈ তেওঁ স্বামীৰ মৃতদেহটো পানীৰ টেংকিত ওলোমাই থয়, যাতে সকলোৱে ভাবে স্বামীয়ে চৰম পন্থা গ্ৰহণ কৰা বুলি।
ইয়াৰ পাছতে উদ্ধাৰ হয় লোকজনৰ মৃতদেহ। লোকজন ৰতিৰাম নাট বুলি চিনাক্ত হয়।এতিয়া এই গোচৰত ৰতিৰামৰ পত্নী ৰীনা আৰু তেওঁৰ প্ৰেমিক হানিফৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
ঘটনাটো কি
তথ্য অনুসৰি ৫০ বছৰীয়া ৰতিৰাম ফাৰুখাবাদৰ কায়মগঞ্জৰ উলিয়াপুৰ গাঁৱৰ বাসিন্দা আছিল। প্ৰায় এসপ্তাহ পূৰ্বে তেওঁ পত্নী আৰু সন্তানৰ সৈতে ইটাৰ ভেটাত কাম কৰিবলৈ আহিছিল। কাম কৰিবলৈ অহা ভৰগেন নামৰ অঞ্চলটোত ৰীণাৰ মাতৃৰ ঘৰ আছে। এই অঞ্চলৰে মুছলমান যুৱক হানিফৰ সৈতে ৰীনাৰ অবৈধ সম্পৰ্ক আছিল।
মৃতকৰ ভাতৃয়ে জনাই যে, ১৭ জুনত ৰতিৰামে ৰীনা আৰু হানিফৰ সম্পৰ্কৰ বিষয়ে গম পায়। তাৰ পিছতে তেওঁ ৰীনাক মাৰপিট কৰে। অভিযোগ অনুসৰি এই কাজিয়াৰ পিছত প্ৰেমিক হানিফৰ সৈতে ৰীনাই ৰাতিৰামক হত্যা কৰে। ইমানেই নহয় , হত্যাকাণ্ড পোহৰলৈ নাহিবৰ বাবে দুয়ো মৃতদেহটো টিউবেলৰ টেংকিত ওলোমাই থয়। কিন্তু যেতিয়া মানুহে অঞ্চলটোৰ পৰা দুৰ্গন্ধ লাভ কৰে তেতিয়া সকলো ঠাই পৰীক্ষা কৰে। সেই সময়তে উদ্ধাৰ হয় ৰতিৰামৰ মৃতদেহ। স্থানীয় লোকৰ মতে, ইয়াৰ পূৰ্বে ৰীনাই ৫ বাৰকৈ হানিফৰ সৈতে পলাই গৈছিল।
এই ঘটনাৰ বিষয়ে অৱগত হৈ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু উদ্ধাৰ কৰে মৃতদেহ। লগতে মৃতদেহৰ মৰণোত্তৰ ব্যৱস্থা কৰে আৰক্ষীয়ে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। বৰ্তমান পলাতক অৱস্থাত আছে ৰীনা আৰু হানিফ। গতিকে তদন্তৰ অন্ততহে প্ৰকৃত সত্য পোহৰলৈ আহিব।
অন্য খবৰ পঢ়কঃ নুমুৱাই দিয়ক আদালতৰ লাইট, আন্ধাৰৰ মাজত শুনানি গ্ৰহণ ন্যায়াধীশৰ, কাৰণ জানিলে হ’ব আচৰিত…