শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

প্ৰেমিকাৰ ভয়ংকৰ কাণ্ড! প্ৰাক্তন প্ৰেমিকৰ সৈতে মিলি প্ৰথমে গ’ল ফ্লেটলৈ, পাছত…

পুনৰ পোহৰলৈ আহিছে এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা। এগৰাকী যুৱতীয়ে প্ৰাক্তন প্ৰেমিকৰ সৈতে মিলি লিভ ইন পাৰ্টনাৰক হত্যা কৰে। ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে ৩ জন।

প্ৰেমিকাৰ ভয়ংকৰ কাণ্ড! প্ৰাক্তন প্ৰেমিকৰ সৈতে মিলি প্ৰথমে গ’ল ফ্লেটলৈ, পাছত…
দিল্লীৰ ঘটনা
barasha-sarma
Barasha Sarma | Published: 27 Oct 2025 15:17 PM

কোৱা হয়, অপৰাধ যিমানেই ঢাকিবলৈ চেষ্টা নকৰক কিয়, এদিন সত্য পোহৰলৈ আহে। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে যিয়ে গাৰ নোম শিয়ৰাই তুলিব আপোনাৰ। যোৱা ৬ অক্টোবৰত দিল্লীৰ গান্ধী বিহাৰৰ এটা ফ্লেটত এজন যুৱকৰ জ্বলি যোৱা মৃতদেহ উদ্ধাৰ হৈছিল। আৰক্ষীয়ে প্ৰথম অৱস্থাত এয়া দুৰ্ঘটনা বুলি ভাবিছিল যদিও তদন্তৰ অন্তত অন্য এক ৰহস্য ফাদিল হয়। এই যুৱকজনক তেওঁৰ প্ৰেমিকা আৰু প্ৰাক্তন প্ৰেমিকে মিলি হত্যা কৰে।

আৰক্ষীয়ে জনাই যে, মৃত্য়ু হোৱা যুৱকজন ৰাজস্থানৰ আলৱাৰৰ নিবাসী ৰামকেশ মীনা বুলি চিনাক্ত হৈছে। বিটেক সম্পূৰ্ণ কৰাৰ পাছত দিল্লীত থাকি তেওঁ অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল। কিন্তু ৬ অক্টোবৰত তেওঁৰ মৃত্যু হয়। আৰক্ষীৰ তদন্তত এটা চিচিটিভি ফুটেজ পোহৰলৈ আহে। য’ত একাংশ সন্দেহযুক্ত লোকক ৰামকেশৰ ফ্লেটৰ পৰা ওলাই যোৱা দেখা যায়। এই লোককেইজন ওলাই যোৱাৰ পাছতে ফ্লেটটোত জুই লাগিছিল। ইয়াৰ পাছতে আৰক্ষীৰ তদন্তত যুৱতী এগৰাকীৰ নাম পোহৰলৈ আহে।

এইগৰাকী যুৱতী ৰামকেশৰ মৃত্যুৰ সময়ত তেওঁৰ ফ্লেটৰ আশে পাশে আছিল।  ১৮ অক্টোবৰত আৰক্ষীয়ে এই যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰে। সোধা পোছাৰ সময়ত যুৱতীগৰাকীয়ে স্বীকাৰ কৰে যে তেওঁ সেই ফ্লেটটোত ৰামকেশৰ সৈতে আছিল। অভিযোগ অনুসৰি ৰামকেশে যুৱতীগৰাকীৰ অশ্লীল ফটো আৰু ভিডিঅ’ হাৰ্ড ডিক্সত ৰাখিছিল। যুৱতীগৰাকীয়ে সেইবোৰ ডিলিট কৰিবলৈ কৈছিল যদিও যুৱকজনে কৰা নাছিল। যাৰ বাবে যুৱতীগৰাকীয়ে প্ৰাক্তন প্ৰেমিকৰ সৈতে মিলি প্ৰথমে ৰামকেশৰ ডিঙি চেপি হত্যা কৰে আৰু পাছত ফ্লেটটোত জুই লগাই দিয়ে।

এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে যুৱতীগৰাকী, তেওঁৰ প্ৰাক্তন প্ৰেমিক সুমিত, বন্ধু সন্দীপক গ্ৰেপ্তাৰ কৰে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

 

অন্য খবৰ পঢ়কঃ ৮ বছৰ পূৰ্বে বিয়া, দুই সন্তান! সকলো এৰি প্ৰেমকিৰ সৈতে পলাল মহিলা, ইফালে স্বামী ICU ত…