বৌয়েকৰ সৈতে কাজিয়া! দ্বিতীয় মহলালৈ উঠি গ’ল যুৱক, পাছত ২ শিশুৰ সৈতে ভয়ংকৰ কাণ্ড…
কিমান নৃশংস হ'লে মানুহে নিৰীহ শিশুৰ লগত ভয়ংকৰ কাণ্ড সংঘটিত কৰিব পাৰে? শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে য'ত এজন যুৱকে তেওঁj ভতিজাক আৰু ভতিজীয়েকৰ সৈতে নৃশংস কাণ্ড সংঘটিত কৰে।
পুনৰ পোহৰলৈ আহিছে এক নৃশংস হত্যাকাণ্ডৰ কথা। বৌয়েকৰ লগত কাজিয়া কৰি এজন যুৱকে দুই নিৰীহ শিশুৰ লগত সংঘটিত কৰে ভয়ংকৰ ঘটনা। জানিব পৰা মতে, কাজিয়াৰ পাছতে ক্ষোভিত হৈ যুৱকজনে প্ৰথমে চোকা অস্ত্ৰৰে ভতিজীয়েকৰ ডিঙি ৰেপি হত্যা কৰে আৰু পাছত ভতিজাকক দ্বিতীয় মহলাৰ পৰা দলিয়াই দিয়ে। এই কাণ্ডত ভতিজীয়েকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে ভতিজাক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশক বিজনৌৰৰ ৰাজপুৰ নৱাড়া গাঁৱত।
প্ৰাপ্ত খবৰ অনুসৰি, গাঁওখনৰ বাসিন্দা জয়পাল সিং নামৰ লোকজন পি ডব্লিই ডিৰ কৰ্মচাৰী। তেওঁৰ দুই পুত্ৰ অৰুণ আৰু হিমাংশু তেওঁৰ লগতে থাকে। হিমাংশুই সুৰাপান কৰে যাৰ বাবে প্ৰায়ে ঘৰত কাজিয়া হয়। ইয়াৰ মাজতে বৃহস্পতিবাৰ (১১ ডিচেম্বৰ)য়ে হিমাংশুই মদ্যপান কৰি ঘৰলৈ আহে আৰু কাজিয়া কৰিবলৈ আৰম্ভ কৰে। হিমাংশুৱে ককায়েক অৰুণ আৰু বৌয়েক মঞ্জুক বিভিন্ন ধৰণৰ গালি গালাজ পাৰে, যাক লৈ অতিস্ত হৈ মহিলাগৰাকীয়ে ইয়াৰ বিৰোধিতা কৰে।
কিন্তু এই বিৰোধ সহ্য কৰিব নোৱাৰিল হিমাংশুৱে। ক্ষোভিত হৈ তেওঁ পোনে পোনে ঘৰৰ দ্বিতীয় মহলালৈ যায় আৰু তাত খেলি থকা ৩ বছৰীয়া ভতিজীয়েকৰ ডিঙি ৰেপি হত্যা কৰে। ইমানেই ক্ষান্ত হোৱা নাছিল হিমাংশুৰ খং। তাৰ পাছত তেওঁ ৫ বছৰীয়া ভজিতাকক দুমহলীয়া অট্টালিকাৰ পৰা পেলাই দিয়ে।
এই ঘটনাৰ লগে লগে পৰিয়ালৰ লোকে শিশুটিক হাস্পাতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান চিকিৎসালয়ত জীৱন মৰণৰ সৈতে যুঁজি আছে ৫ বছৰীয়া শিশুটি। ইফালে ঘটনাস্থলীতে নিহত হয় ৩ বছৰীয়া কনমানি। এই ভয়ংকৰ কাণ্ড সংঘটিত কৰি হিমাংশুৱে পলায়ন কৰে যদিও পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জনাই যে, সম্পত্তিক লৈ দীৰ্ঘদিন ধৰি পৰিয়ালটোৰ মাজত কাজিয়া লাগি আছিল। হিমাংশু সুৰাপায়ী আছিল। যাৰ বাবে পিতৃয়ে সকলো সম্পত্তি বৰপুত্ৰৰ নামত কৰাৰ কথা আছিল। এনেবোৰ কাৰণত হিমাংশুৱে প্ৰায়ে বৌয়েক, ককায়েকৰ লগত কাজিয়া কৰিছিল। এই কাজিয়াৰ পৰিণতিতে নিৰীহ শিশুটিৰ প্ৰাণ যায়। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীৰ তদন্ত অব্যাহত আছে।
অন্য খবৰ পঢ়কঃ নিশা ১১ বজাত কি হৈছিল? দুই কন্যাই ধৰিলে হাত-ভৰি আৰু মাতৃয়ে…গাৰ নোম শিয়ৰি উঠা এক ভয়ংকৰ কাণ্ড…