শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল উত্তৰ ভাৰত, গোপনে বৃহৎ বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল সন্ত্ৰাসবাদীয়ে

বিষয়াসকলে সন্দেহ কৰিছে যে সীমান্তৰ সিপাৰৰ পৰা কাম কৰা জয়ছ-ই-মহম্মদৰ নিয়ন্ত্ৰকসকলে গ্ৰেপ্তাৰ কৰা ব্যক্তিসকলৰ সৈতে সমন্বয় স্থাপন কৰি উত্তৰ ভাৰতত আক্ৰমণৰ পৰিকল্পনা কৰিছিল। এপাৰ্টমেণ্টটোৰ পৰা জব্দ কৰা হৈছে ৩৬০ কিলোগ্ৰাম অতি জ্বলনশীল সামগ্ৰী, যিবোৰ এমোনিয়াম নাইট্ৰেট বুলি সন্দেহ কৰা হৈছে। লগতে যথেষ্ট পৰিমাণৰ অস্ত্ৰ আৰু বোমা নিৰ্মাণৰ উপাদানো জব্দ কৰা হৈছে।

ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল উত্তৰ ভাৰত, গোপনে বৃহৎ বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল সন্ত্ৰাসবাদীয়ে
উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰImage Credit source: PTI
Raj Saikia
Raj Saikia | Published: 10 Nov 2025 15:22 PM

সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলোৱা এক অভিযানত হাৰিয়ানা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে ফৰিদাবাদত জব্দ কৰিছে বুজন পৰিমাণৰ বিস্ফোৰক আৰু অস্ত্ৰ-শস্ত্ৰ। পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠনত জয়ই-ই-মহম্মদৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত পুলৱামাৰ এজন চিকিৎসকক গ্ৰেপ্তাৰ কৰাৰ ১০ দিন পাছত ফৰিদাবাদৰ এটা ভাৰাঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে এই বিস্ফোৰক আৰু অস্ত্ৰসমূহ।

বিষয়াসকলৰ মতে, এপাৰ্টমেণ্টটোৰ পৰা জব্দ কৰা হৈছে ৩৬০ কিলোগ্ৰাম অতি জ্বলনশীল সামগ্ৰী, যিবোৰ এমোনিয়াম নাইট্ৰেট বুলি সন্দেহ কৰা হৈছে। লগতে যথেষ্ট পৰিমাণৰ অস্ত্ৰ আৰু বোমা নিৰ্মাণৰ উপাদানো জব্দ কৰা হৈছে।

উদ্ধাৰ কৰা সামগ্ৰীৰ ভিতৰত আছে তিনিটা মেগজিনযুক্ত এছাল্ট ৰাইফল, ৮৩টা সজীৱ গুলী, আঠটা সজীৱ গুলীসহ এটা পিষ্টল, দুটা খালী কাৰ্টিজ, দুটা অতিৰিক্ত মেগজিন, ১২টা ছুটকেছ আৰু বিস্ফোৰক পদাৰ্থৰে ভৰা এটা বাল্টি, ২০টা টাইমাৰ, চাৰিটা বেটাৰী, ৰিম’ট, পাঁচ কিলোগ্ৰাম গধুৰ ধাতু, আৰু এটা ৱাকি-টাকি চেট। আৰক্ষীৰ মতে এই সামগ্ৰীসমূহ বৃহৎ পৰিসৰৰ সন্ত্ৰাসবাদী আক্ৰমণত ব্যৱহাৰৰ বাবে ৰখা হৈছিল। 

সন্দেহৰ আৱৰ্তত এগৰাকী মহিলা চিকিৎসক

সূত্ৰৰ উদ্ধৃতিৰে দ্য টাইমছ অৱ ইণ্ডিয়াই প্ৰকাশ কৰা মতে, মুজাম্মেলৰ সৈতে জড়িত এছাল্ট ৰাইফলটো আল-ফালাহ বিশ্ববিদ্যালয়ত কৰ্মৰত এগৰাকী মহিলা চিকিৎসকৰ চুইফট ডিজাইৰ গাড়ীৰ ভিতৰত উদ্ধাৰ কৰা হৈছে। সূত্ৰই জনোৱা মতে, “আমি এতিয়াও তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। এয়া সম্ভৱ যে অভিযুক্তই চিকিৎসকগৰাকীৰ অজ্ঞাতে তেওঁৰ বাহনখন ধাৰলৈ লৈছে। যিহেতু তেওঁৰ গাড়ীৰ পৰা অস্ত্ৰ উদ্ধাৰ কৰা হৈছে, সেয়েহে তেওঁৰ ভূমিকা তদন্তৰ অধীনত আছে।”

ফৰিদাবাদ আৰু চাহাৰানপুৰত গ্ৰেপ্তাৰ লিংকমেন

ইয়াৰ পূৰ্বে চাহাৰনপুৰৰ পৰা জম্মু-কাশ্মীৰ আৰক্ষীয়ে আটক কৰা পুলৱামাৰ আন এজন চিকিৎসক ডাঃ আদিল আহমদ ৰাথেৰক গ্ৰেপ্তাৰ কৰাৰ পিছতে এই অগ্ৰগতি লাভ কৰিছে। জেৰাৰ ভিত্তিত তদন্তকাৰীয়ে ফৰিদাবাদৰ আল-ফালাহ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডাঃ মুজাম্মেলৰ ওচৰলৈ যায়, যিজনক প্ৰায় দহ দিন পূৰ্বে জিম্মাত লোৱা হৈছিল।

মুজাম্মেলক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীয়ে ফৰিদাবাদত থকা তেওঁৰ ভাড়াঘৰত তালাচী চলায়, য’ত দেওবাৰে বিস্ফোৰক সামগ্ৰী আৰু অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হয়।

বিষয়াসকলে জনোৱা মতে, সন্দেহজনক লোকজনে কেৱল সামগ্ৰীসমূহ মজুত কৰিবলৈ অতিৰিক্ত কোঠা ভাড়াত লৈছিল। প্ৰায় ১৫ দিন আগতে তেওঁ ভাড়াত লৈছিল কোঠাটো, আৰু সেইটো আছিল ফৰিদাবাদৰ ধৌজ অঞ্চলৰ বিশ্ববিদ্যালয়ৰ ওচৰত।

এই অভিযান সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি ফৰিদাবাদৰ আৰক্ষী আয়ুক্ত সতেন্দৰ কুমাৰ গুপ্তাই নিশ্চিত কৰে যে হাৰিয়ানা আৰক্ষী আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ সমন্বিত প্ৰচেষ্টাৰ জৰিয়তে এটা বৃহৎ সন্ত্ৰাসবাদী মডিউল ভাঙি পেলোৱা হৈছে। “ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে জড়িত হোৱাৰ বাবে যদিও মই অভিযানৰ বহু সবিশেষ প্ৰকাশ কৰিব নোৱাৰো, হাৰিয়ানা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথ দলে এটা ডাঙৰ সন্ত্ৰাসবাদী মডিউল সফলতাৰে বিফল কৰিছে।” গুপ্তাই কয়।

তেওঁ লগতে কয় যে ইয়াৰ পূৰ্বে এই মডিউলৰ আন এজন সদস্যক চাহাৰানপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল, অতি সোনকালে আৰু অধিক সদস্যক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে। বিষয়াসকলে সন্দেহ কৰিছে যে সীমান্তৰ সিপাৰৰ পৰা কাম কৰা জয়ছ-ই-মহম্মদৰ নিয়ন্ত্ৰকসকলে গ্ৰেপ্তাৰ কৰা ব্যক্তিসকলৰ সৈতে সমন্বয় স্থাপন কৰি উত্তৰ ভাৰতত আক্ৰমণৰ পৰিকল্পনা কৰিছিল। বৰ্তমান তদন্ত অব্যাহত আছে আৰু ফৰেনছিক বিশেষজ্ঞসকলে উদ্ধাৰ হোৱা সামগ্ৰীসমূহ পৰীক্ষা কৰি বিস্ফোৰকসমূহৰ সঠিক প্ৰকৃতি নিশ্চিত কৰিছে।