শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ছত্তীশগড়ত সেনাৰ বৃহৎ অভিযান, এনকাউণ্টাৰত নিহত ২৬ নক্সালবাদী, এগৰাকী জোৱান শ্বহীদ

ছত্তীশগড়ক নক্সালমুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ দিশত বৃহৎ সফলতা অৰ্জন কৰিছে ডিআৰজিৰ জোৱানসকলে। নক্সালবাদীৰ শীৰ্ষ কামাণ্ডাৰক ঘেৰি ধৰিছে জোৱানে আৰু   অব্যাহত আছে এনকাউণ্টাৰ। এই সংঘৰ্ষত ২৬ জন নক্সালবাদী নিহত হোৱাৰ লগতে এজন সৈনিক শ্বহীদ হয়।

ছত্তীশগড়ত সেনাৰ বৃহৎ অভিযান, এনকাউণ্টাৰত নিহত ২৬ নক্সালবাদী, এগৰাকী জোৱান শ্বহীদ
ভাৰতীয় সেনা
Trishna Kalita
Trishna Kalita | Published: 21 May 2025 14:28 PM

ছত্তীশগড়ৰ নাৰায়ণপুৰত নক্সালবাদীৰ বিৰুদ্ধে বৃহৎ অভিযান আৰম্ভ কৰিছে ডিআৰজি জোৱানসকলে। আবুঝামদত নক্সালবাদীৰ শীৰ্ষ কামাণ্ডাৰক ঘেৰি ধৰিছে জোৱানসকলে। নাৰায়ণপুৰ, দান্তেৱাড়া, বিজাপুৰ আৰু কোণ্ডাগাঁৱৰ ডিআৰজি জোৱান  আৰু ইয়াত জিলা পৰ্যায়ৰ নিৰাপত্তা বাহিনীৰ দলে নক্সালৰ শীৰ্ষ কামাণ্ডাৰক ঘেৰি ৰাখিছে। এই এনকাউণ্টাৰত প্ৰায় ২৬ জন নক্সালবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছে। এই সংখ্যা আৰু বৃদ্ধি পাব পাৰে। অব্যাহত আছে ডিআৰজি জোৱান আৰু নক্সালবাদীৰ মাজত মুখামুখি সংঘৰ্ষ।

উল্লেখ্য যে, এই অঞ্চলসমূহ নক্সালমুক্ত কৰাৰ সংকল্প লৈছে চৰকাৰে। এনে পৰিস্থিতিত সেই স্থানত চলি আছে ধাৰাবাহিকভাৱে অনুসন্ধান অভিযান। সেনা বাহিনীয়ে অব্যাহত ৰাখিছে বৃহৎ সামৰিক অভিযান। এই অভিযানত ২৬ জন নক্সালবাদীৰ লগতে এজন সেনা জোৱানো শ্বহীদ হয়।

গৃহমন্ত্ৰী বিজয় শৰ্মাই কয় , ঠ৫০ ঘণ্টাৰো অধিক সময় ধৰি চলি আছে এই অভিযান। এই পৰ্যন্ত ২৬ জনতকৈ অধিক নক্সালবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছে। জোৱানৰ অস্ত্ৰৰ শক্তিৰ বাবে নক্সালবাদীৰ বিৰুদ্ধে লাভ কৰা হৈছে। আন এক বৃহৎ সফলতা।”  তেওঁ কয়,  “এতিয়াও অব্যাহত আছে তালাচী অভিযান,  উদ্ধাৰ কৰা হৈছে কিছু সংখ্যক মৃতদেহ। ইফালে এই সংঘৰ্ষত এজন জোৱান আহত হৈছিল যদিও তেওঁ এতিয়া বিপদ মুক্ত। অৱশ্যে শ্বহীদ হৈছে এজন সহকৰ্মী। এই এনকাউণ্টাৰত ১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰা নক্সাল নেতা ৰাজুক হত্যা কৰাৰ খবৰও প্ৰকাশ পোহৰলৈ আহিছে।”