শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দেখা নাপালে ৰাণৱে…দুৰ্ঘটনা সন্দৰ্ভত কি ক’লে বিমান কোম্পানীৰ মালিকে…

এক বিমান দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীকে ধৰি ৫জন। এই ঘটনাই সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত চলি আছে। বিভিন্নজনে এই ঘটনাৰ উচ্চস্তৰীয় তদন্তৰ দাবী জনাইছে।

দেখা নাপালে ৰাণৱে…দুৰ্ঘটনা সন্দৰ্ভত কি ক’লে বিমান কোম্পানীৰ মালিকে…
বিমান দুৰ্ঘটনা
Barasha Sarma
Barasha Sarma | Published: 28 Jan 2026 17:21 PM

এক ভয়ংকৰ বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিৱ পাৱাৰকে ধৰি ৫জন লোকে মৃত্যুক সাৱতি লয়। এই ঘটনাক লৈ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী, অখিলেশ যাদৱকে ধৰি বিভিন্নজনে উচ্চস্তৰীয় তদন্তৰ দাবী জনাইছে। ইতিমধ্যে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ইয়াৰ মাজতে মত প্ৰকাশ কৰিছে চাৰ্টাৰ বিমানখনৰ মালিকে। তেওঁ কয় যে, পাইলটে ৰাণৱে দেখা নাপালে যাৰ বাবে এই ঘটনা সংঘটিত হৈছে।

ঘটনাৰ পাছত VSRভেঞ্চাৰছ প্ৰাইভেট লিমিটেডৰ পৰিচালক তথা মালিক বিজয় কুমাৰ সিঙে কয় যে,পাইলটে লেণ্ডিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। তেওঁ ২৯ নং ৰাণৱেৰ পৰা কাষ চাপিবলৈ চেষ্টা কৰিছিল যদিও সেই ক্ষেত্ৰত ব্যৰ্থ হয়। তাৰ পাছত ১১ নং ৰাণৱে লেণ্ডিং কৰাৰ আন এক চেষ্টা কৰে, যি ব্যৰ্থ হয়।

পাইলট সন্দৰ্ভত তেওঁ কয় যে, তেওঁলোকৰ অৱতৰণ কৰাৰ সিদ্ধান্তটো অতি দুৰ্ভাগ্যজনক আছিল। এই ঘটনাক লৈ আমি দুখী। পাইলটসকল অভিজ্ঞ আছিল। তেওঁলোকে ৰাণৱে দেখা নাপালে। যাৰ বাবে সম্ভৱতঃ এই ঘটনা হ’বলৈ পালে। নিহতসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা।

পাইলটৰ আছিল অভিজ্ঞতা

বিজয় কুমাৰে কয় যে, ”মই ভাবো পাইলটে ৰাণৱে দেখা নাপালে। তেওঁলোক বহু অভিজ্ঞ পাইলট আছিল। এজনৰ ১৬,০০০ ঘণ্টাৰো অধিক উৰণৰ অভিজ্ঞতা আছিল। সহ-পাইলটৰ ১৫০০ ঘণ্টাৰ উৰণৰ অভিজ্ঞতাও আছিল। কেপ্তেইনজন আছিল অতি অভিজ্ঞ। ইয়াৰ পূৰ্বে তেওঁ চাহাৰা, জেটলাইট, জেট এয়াৰৱেজৰ দৰে কোম্পানীত কাম কৰিছিল”।

বিমানৰ ৰক্ষণাবেক্ষণ সন্দৰ্ভত তেওঁ কয় যে, ”বিমানখন ভালদৰে ৰখা হৈছিল। একো বিজুতি নাছিল। মই জনাত কোনো কাৰিকৰী সমস্য নাছিল। এই  দুৰ্ঘটনাই মোক বহু দুখ দিছে। কেপ্তেইন সুমিত কাপুৰ মোৰ অতি ভাল বন্ধু আছিল। তেওঁ মোৰ ভাতৃৰ দৰে আছিল। তেওঁৰ পুত্ৰও পাইলট। কেপ্টেইন সম্ভৱী পাঠক মোৰ ছোৱালীৰ দৰে আৰু বহু ভাল পাইলট আছিল”।

উল্লেখ্য যে, সমগ্ৰ বিমান দুৰ্ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত চলি আছে। গতিকে তদন্তৰ অন্তত জানিব পৰা যাব এই বিমান দুৰ্ঘটনা কিয় আৰু কেনেকৈ সংঘটিত হ’ল।আজিৰ ঘটনাত অজিত পাৱাৰৰ লগতে বিদিপ যাধৱ, পিংকী মালী, ক্ৰু মেম্বাৰ সুমিত কাপুৰ আৰু সাম্ভৱী পাঠকৰ মৃত্যু হয়।

 

অন্য খবৰ পঢ়কঃ অফিচত চাহ খোৱা এৰি দিলে ১০ বছৰত কিমান টকা জমা হ’ব? জানক…