শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভগৱান ৰামৰ সৈতে তুলনা ৰাহুল গান্ধীক! কংগ্ৰেছ নেতাৰ মন্তব্যৰ পিছতে বিজেপিয়ে ক’লে এইদৰে

ৰাহুল গান্ধী কিয় অযোধ্যাৰ ৰাম মন্দিৰলৈ যোৱা নাই— সংবাদ মাধ্যমৰ এনে এক প্ৰশ্নৰ উত্তৰ দিয়াৰ সময়ত পাটোলেই ৰাহুল গান্ধীক ভগৱান শ্ৰীৰামৰ সৈতে তুলনা কৰে। তেওঁৰ এই মন্তব্যক কেন্দ্ৰ কৰি এতিয়া সৃষ্টি হৈছে প্ৰবল প্ৰতিক্ৰিয়াৰ।

ভগৱান ৰামৰ সৈতে তুলনা ৰাহুল গান্ধীক! কংগ্ৰেছ নেতাৰ মন্তব্যৰ পিছতে বিজেপিয়ে ক’লে এইদৰে
ৰাহুল গান্ধীImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 01 Jan 2026 17:48 PM

ভগৱান শ্ৰীৰামৰ দৰেই কাম কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। এই মন্তব্য কৰিছে কংগ্ৰেছৰ এগৰাকী নেতাই। ভগৱান ৰামৰ সৈতে ৰাহুল গান্ধীক তুলনা কৰি পুনৰবাৰ বিতৰ্কৰ মাজলৈ আহিছে মহাৰাষ্ট্ৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা জ্যেষ্ঠ নেতা নানা পাটোলে। ৰাহুল গান্ধী কিয় অযোধ্যাৰ ৰাম মন্দিৰলৈ যোৱা নাই— সংবাদ মাধ্যমৰ এনে এক প্ৰশ্নৰ উত্তৰ দিয়াৰ সময়ত পাটোলেই ৰাহুল গান্ধীক ভগৱান শ্ৰীৰামৰ সৈতে তুলনা কৰে। তেওঁৰ এই মন্তব্যক কেন্দ্ৰ কৰি এতিয়া সৃষ্টি হৈছে প্ৰবল প্ৰতিক্ৰিয়াৰ।

কি ক’লে নানা পাটোলে?

সংবাদ সংস্থা ANI-ৰ সৈতে হোৱা বাৰ্তালাপত পাটোলেই কয়, “আমাৰ নেতা ৰাহুল গান্ধীয়ে ভগৱান শ্ৰীৰামৰ কামেই কৰি আছে। আপোনালোকে জানে যে ভগৱান শ্ৰীৰামে সমাজৰ পদদলিত, পীড়িত আৰু বঞ্চিত লোকসকলৰ বাবে কাম কৰিছিল। ৰাহুল গান্ধীয়েও সমগ্ৰ দেশতে সেই একেই কাম কৰি আছে। দেশৰ মানুহক ন্যায় প্ৰদানৰ যি যুঁজ, সেয়া তেওঁ ইতিমধ্যে আৰম্ভ কৰিছে।”

তেওঁ লগতে কয় যে প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়েই ৰাম মন্দিৰৰ দুৱাৰ খোলাৰ নিৰ্দেশ দিছিল। ৰাহুল গান্ধীয়েও সময় হ’লে অযোধ্যালৈ গৈ পূজা-অৰ্চনা কৰিব বুলি তেওঁ মন্তব্য কৰে। উল্লেখযোগ্য যে ২০২২ চনতো পাটোলেই ভগৱান ৰাম আৰু ৰাহুল গান্ধী দুয়োৰে নাম ‘R’ আখৰেৰে আৰম্ভ হোৱাটো এক ‘সংযোগ’ বুলি অভিহিত কৰি বিতৰ্কৰ সৃষ্টি কৰিছিল।

বিজেপিৰ তীব্ৰ আক্ৰমণ

নানা পাটোলেইৰ এই মন্তব্যক হিন্দু ধৰ্মাৱলম্বীসকলৰ বাবে গুৰুতৰ অপমান বুলি অভিহিত কৰিছে বিজেপিয়ে। বিজেপিৰ মুখপাত্ৰ চি আৰ কেশৱনে বৃহস্পতিবাৰে এই মন্তব্যক তীব্ৰ গৰিহণা দি কয় যে কোটি কোটি ৰামভক্তৰ আস্থা আৰু আৱেগক কংগ্ৰেছে ইতিকিং কৰিছে।

কেশৱনে পাটোলেইক লক্ষ্য কৰি কয়, “ভগৱান ৰামৰ সৈতে ৰাহুল গান্ধীৰ তুলনা কৰাটো এক ক্ষমাৰ অযোগ্য অপৰাধ। ইয়াৰ পূৰ্বেও পাটোলেই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ৰাম মন্দিৰ দৰ্শনৰ পাছত মন্দিৰ ‘শুদ্ধিকৰণ’ কৰাৰ কথা কৈ লজ্জাজনক মানসিকতাৰ পৰিচয় দিছিল।” তেওঁ প্ৰশ্ন উত্থাপন কৰে যে ৰাহুল গান্ধীয়ে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানক কিয় উপহাস কৰিছিল আৰু এতিয়ালৈকে তেওঁ কিয় অযোধ্যালৈ যোৱা নাই, সেই উত্তৰ নানা পাটোলেই দিব পাৰিবনে?

বিতৰ্কৰ পুৰণি ইতিহাস

মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতাজনে ইয়াৰ পূৰ্বেও কৈছিল যে ভগৱান ৰামে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ পদযাত্ৰা কৰিছিল আৰু ৰাহুল গান্ধীয়েও একেই পথ অনুসৰণ কৰিছে। বাৰে বাৰে কৰা এনে তুলনাই ধৰ্মীয় আৰু ৰাজনৈতিক মহলত ধুমুহাৰ সৃষ্টি কৰিছে।